প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তামিলনাডুৰ কাৰুৰত ৰাজনৈতিক সভাত দুৰ্ভাগ্যজনক ঘটনাৰ বলি হোৱা পীড়িতসকলক পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 28 SEP 2025 12:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কাৰুৰত অনুষ্ঠিত ৰাজনৈতিক সভাত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত মৃত্যু হোৱা প্ৰতিজন ব্যক্তিৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে।

পিএমঅ’ ইণ্ডিয়াৰ এক্সত হেণ্ডেলত পৃথক পোষ্টত তেওঁ কয়ঃ

“তামিলনাডুৰ কাৰুৰত অনুষ্ঠিত ৰাজনৈতিক সভাত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত মৃত্যু হোৱা প্ৰতিজন ব্যক্তিৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকাকৈ এককালীন সাহাৰ্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী @narendramodiয়ে।আহতক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।”

***

MJPS/SR/DB


(ৰিলিজ আই ডি : 2172446) অতিথি কক্ষ : 29