তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানৰ দক্ষিণ কোৰিয়ালৈ কৰা ভ্ৰমণৰ সফল সামৰণি; সংবাদ মাধ্যম, মনোৰঞ্জন, গে’মিং আৰু ডিজিটেল উদ্ভাৱনত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰে
৩০ সংখ্যক ‘বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ আৰু ‘এছিয়া কণ্টেণ্ট মাৰ্কেট’ত ভাৰতে শক্তিশালী সৃষ্টিশীল উপস্থিতি প্ৰদৰ্শন কৰে : ‘ভাৰত পৰ্ব’ আৰু ‘ৱেভছ বজাৰ’-য়ে ভাৰতীয় সংস্কৃতি আৰু সৃষ্টিশীল অৰ্থনীতি প্ৰদৰ্শন কৰে
ড° এল মুৰুগানে কোৰিয়াৰ সংসদ সদস্য আৰু উদ্যোগজগতৰ নেতাসকলৰ সৈতে সংবাদ মাধ্যম, এআই, ব্লকচেইন আৰু কণ্টেণ্ট সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ বাবে আলোচনাত মিলিত হয়
কোৰিয়াত থকা প্ৰবাসী ভাৰতীয়সকলক দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ মূল অংশীদাৰ হিচাপে ড° মুৰুগানে প্ৰশংসা কৰে; গোৱাত ‘ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত অংশগ্ৰহণৰ বাবে কোৰিয়াৰ প্ৰতিনিধি দলক আমন্ত্ৰণ জনায় মন্ত্ৰীগৰাকীয়ে
Posted On:
25 SEP 2025 9:22PM by PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে ২০২৫ চনৰ ২২–২৪ ছেপ্টেম্বৰলৈকে কোৰিয়া গণৰাজ্যলৈ এক সফল বহু চহৰ ভ্ৰমণৰ সামৰণি মাৰে, যাৰ ফলত সংবাদ মাধ্যম, মনোৰঞ্জন, সংস্কৃতি, গেমিং, আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত–কোৰিয়াৰ সহযোগিতা আৰু অধিক গভীৰ হয়।
৩০ সংখ্যক ‘বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ (বিআইএফএফ) আৰু ‘এছিয়া কণ্টেণ্টছ এণ্ড ফিল্ম মাৰ্কেট’ (এচিএফএম)ত ভাৰতৰ শক্তিশালী অংশগ্ৰহণক কেন্দ্ৰ কৰি আয়োজিত এই ভ্ৰমণত উচ্চ পৰ্যায়ৰ বৈঠক, উদ্যোগৰ ঘূৰণীয়া মেজমেল, সাংস্কৃতিক অনুষ্ঠান, আৰু সম্প্ৰদায়ৰ সৈতে মত-বিনিময় আদিৰ শৃংখলা অন্তৰ্ভুক্ত আছিল।
ভ্ৰমণৰ মূল উল্লেখযোগ্য দিশসমূহ
ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি আৰু সহ-নিৰ্মাণ সহযোগিতা সন্দৰ্ভত ঘূৰণীয়া মেজমেল (২২ ছেপ্টেম্বৰ, বুছান)
‘বিআইএফএফ’-ৰ আহৰি পৰত ‘বুছান চলচ্চিত্ৰ আয়োগ’ (বিএফচি)ৰ সৈতে অংশীদাৰিত্বৰে আয়োজন কৰা উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত ড° মুৰুগানে সভাপতিত্ব কৰে। এই অধিৱেশনত চৰকাৰী প্ৰতিনিধি আৰু বিশ্ব উদ্যোগৰ নেতাসকলক সন্মিলিত কৰি নীতিৰ কাঠামো, সহ-নিৰ্মাণ চুক্তি, বিত্তীয় ব্যৱস্থা, আৰু বিতৰণ অংশীদাৰিত্বৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত সহ-নিৰ্মাণ কেন্দ্ৰ হিচাপে ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকা আৰু কোৰিয়া আৰু বিশ্ব অংশীদাৰসকলৰ সৈতে সৃষ্টিশীল আদান-প্ৰদান গভীৰ কৰাৰ উচ্চাকাংক্ষাক আলোকপাত কৰা হয়।
‘ভাৰত পৰ্ব’ আৰু ‘নেটৱৰ্কিং ডিনাৰ’: ‘ৱেভছ বজাৰ’ প্ৰদৰ্শনী (২২ ছেপ্টেম্বৰ, বুছান)
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইয়াৰ ‘ৱেভছ’ আৰু ‘ৱেভছ বজাৰ’ মঞ্চৰ জৰিয়তে ‘ভাৰত পৰ্ব – “ভাৰতীয় সংস্কৃতি, সৃষ্টিশীলতা আৰু সংযোগৰ মাজেৰে এক যাত্ৰা” শীৰ্ষক সাংস্কৃতিক প্ৰদৰ্শনী আৰু নেটৱৰ্কিং সন্ধিয়াৰ আয়োজন কৰে।
এই অনুষ্ঠানত বিআইএফএফ-ৰ অধ্যক্ষ মিষ্টাৰ পাৰ্ক কোৱাং-ছু; এচিএফএম-ৰ সঞ্চালক শ্ৰীমতী এলেন ওৱাই.ডি. কিম; আৰু বিএফচি-ৰ সঞ্চালক মিষ্টাৰ কাং ছুং-কিউকে ধৰি ২৫০ গৰাকীতকৈয়ো অধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ড০ মুৰুগানে তেওঁৰ ভাষণত সাংস্কৃতিক কূটনীতিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাl গুৰুত্ব আৰোপ কৰাৰ লগতে ‘বিআইএফএফ ২০২৫’ত ভাৰতৰ শক্তিশালী প্ৰতিনিধিত্বত আলোকপাত কৰি ১০টা ভাৰতীয় প্ৰকল্প প্ৰদৰ্শন কৰে আৰু ‘এচিএফএম’-ত সহ-নিৰ্মাণ বজাৰৰ বাবে ৫টা প্ৰকল্প নিৰ্বাচিত কৰা হয়।
সংসদীয় আৰু চৰকাৰী সংযোগ (২৪ ছেপ্টেম্বৰ, ছিউল)
• ৰাষ্ট্ৰীয় সংসদৰ সংস্কৃতি, ক্ৰীড়া আৰু পৰ্যটন সমিতিৰ সদস্যসকলৰ সৈতে বৈঠক।
শ্ৰীমতী কিম জে-ৱন আৰু জিন জং-অ’ৰ সৈতে হোৱা আলোচনা ভাৰত–কোৰিয়া সহ-নিৰ্মাণ চুক্তি শক্তিশালী কৰা, পাইৰেচি আৰু কণ্টেণ্ট সুৰক্ষাৰ বিষয়সমূহৰ সমাধান, আৰু এআই, ব্লকচেইন, আৰু কণ্টেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত সহযোগিতা অন্বেষণ কৰা আদিত কেন্দ্ৰিত আছিল। এম এণ্ড ই সহযোগিতাৰ সন্দৰ্ভত আলোচনা আগবঢ়াই নিবলৈ এটা যৌথ কৰ্মগোটৰ প্ৰস্তাৱ দিয়া হয়।
• কোৰিয়া–ভাৰত সংসদীয় মিত্ৰ গোটৰ সদস্যসকলৰ সৈতে বৈঠক
ড° মুৰুগানে উপাধ্যক্ষ শ্ৰীমতী মুন জেয়ং-বগ আৰু মিষ্টাৰ ইউন ইয়ং-চেকৰ লগতে অন্যান্য সদস্যসকলৰ সৈতে বিস্তৃত আলোচনা কৰে। আলোচনাত দুয়োখন ৰাষ্ট্ৰৰ মাজত সভ্যতামূলক সংযোগ পুনৰ দৃঢ় কৰা হয় আৰু বৃহত্তৰ সংসদীয়, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ বিনিময়ৰ পথ অন্বেষণ কৰা হয়।
উদ্যোগৰ সৈতে সম্পৰ্ক স্থাপন: ক্ৰাফটনৰ মুখ্য কাৰযবাহী বিষয়াৰ সৈতে বৈঠক (২৪ ছেপ্টেম্বৰ, ছিউল)
ডাঃ এল মুৰুগানে বিশ্বৰ অন্যতম আগশাৰীৰ গেমিং কোম্পানী ক্ৰাফটন ইনকৰ্পৰেশ্যন-ৰ গ্ল’বেল চিইঅ’ মিষ্টাৰ চাংহান কিমক সাক্ষাৎ কৰে। আলোচনাত ভাৰতে শেহতীয়াকৈ প্ৰণয়ন কৰা অনলাইন গেমিং, ই-স্প’ৰ্টছৰ প্ৰচাৰ, আৰু ইণ্ডিয়ান ইনষ্টিটিউট অব ক্ৰিয়েটিভ টেকন’লজীৰ দৰে প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰতিভা বিকাশৰ আইন প্ৰণয়নত গুৰুত্ব আৰোপ কৰা হয়। ক্ৰাফ্টন-য়ে ভাৰতত বিনিয়োগ সম্প্ৰসাৰণ আৰু গেম ডেভেলপমেণ্ট, গৱেষণা, আৰু দক্ষতা প্ৰশিক্ষণৰ অংশীদাৰিত্বৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰে, ভাৰতৰ যুৱ জনগাঁথনিগত আৰু সজীৱ ডিজিটেল পৰিৱেশ তন্ত্ৰক স্বীকৃতি দিয়ে।
সংবাদ মাধ্যমৰ অংশীদাৰিত্ব: কোৰিয়া হেৰাল্ড-ৰ সৈতে বৈঠক (২৪ ছেপ্টেম্বৰ, ছিউল)
মন্ত্ৰীগৰাকীয়ে দ্য হেৰাল্ড মিডিয়া গ্ৰুপ (কোৰিয়া হেৰাল্ড/হেৰাল্ড বিজনেছ)ৰ সভাপতি আৰু প্ৰকাশক জিন-ইয়ং চয়ৰ সৈতে আলোচনাত মিলিত হয়, য’ত সংবাদ মাধ্যমৰ সহযোগিতা বৃদ্ধি, সাংস্কৃতিক সজাগতা, আৰু বিষয়বস্তুৰ সহ-সৃষ্টিত গুৰুত্ব আৰোপ কৰা হয়।
ভাৰতীয় সম্প্ৰদায়ৰে বাৰ্তালাপ (২৪ ছেপ্টেম্বৰ, ছিউল)
ভাৰতীয় দূতাবাসত আয়োজিত প্ৰবাসী ভাৰতীয়সকলৰ এক বিশেষ অনুষ্ঠানত ড০ মুৰুগানে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত কোৰিয়াত থকা ভাৰতীয় সম্প্ৰদায়ৰ অৱদানৰ প্ৰশংসা কৰে। তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস”ৰ দৃষ্টিভংগী আৰু বিকশিত ভাৰত হোৱাৰ দিশত ভাৰতৰ অগ্ৰগতিত আলোকপাত কৰে।
তেওঁ ইউপিআই ভিত্তিক ডিজিটেল পেমেণ্টৰ দৰে উদ্ভাৱনৰ জৰিয়তে ভাৰতৰ গোলকীয় ডিজিটেল নেতৃত্বত আলোকপাত কৰে আৰু ভাৰতৰ উথ্থানৰ কাহিনীত অংশীদাৰ হিচাপে প্ৰবাসী ভাৰতীয়সকলৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে।
ভাৰত–কোৰিয়া সৃষ্টিশীল সহযোগিতা
এই ভ্ৰমণে ভাৰত চৰকাৰৰ সক্ৰিয় সাংস্কৃতিক কূটনীতি আৰু ভাৰতক গোলকীয় কণ্টেণ্ট হাব হিচাপে স্থান দিয়াৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰে। ভাৰত পৰ্ব-ৰ দৰে ধ্বজাবাহী কাৰ্যসূচীৰ লগতে ৱেভছ আৰু ৱেভছ বজাৰ-ৰ দৰে পদক্ষেপে ভাৰতৰ সৃষ্টিশীল স্থান সম্প্ৰসাৰণ কৰি আহিছে, সীমা অতিক্ৰম কৰি সহযোগিতাক উৎসাহিত কৰিছে, আৰু সহ-নিৰ্মাণ, গেমিং, আৰু ডিজিটেল উদ্ভাৱনৰ বাবে নতুন পথ মুকলি কৰিছে।
ড০ মুৰুগানে কোৰিয়াৰ সংসদ সদস্য, সংবাদ মাধ্যমৰ নেতৃবৃন্দ, আৰু উদ্যোগজগতৰ প্ৰতিনিধিসকলক ২০–২৮ নৱেম্বৰ ২০২৫ তাৰিখে গোৱাত অনুষ্ঠিত হ’বলগীয়া ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়, যাৰ ফলত ভাৰত–কোৰিয়াৰ জনসাধাৰণৰ তথা উদ্যোগৰ সংযোগ আৰু অধিক শক্তিশালী হয়।
***
Dharmendra Tewari \ Navin Sreejith/KB
(Release ID: 2171912)
Visitor Counter : 3