ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

নিৰ্বাচন আয়োগে ডাক বেলট গণনাৰ প্ৰক্ৰিয়া আৰু অধিক সুশৃংখলিত কৰিছে

Posted On: 25 SEP 2025 12:59PM by PIB Guwahati

১.নিৰ্বাচনী প্ৰক্ৰিয়া সুশৃংখলিত আৰু উন্নত কৰাৰ লক্ষ্যৰে বিগত ছমাহৰ ভিতৰত ভাৰতৰ নিৰ্বাচন আয়োগে ইতিমধ্যে ২৯টা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াক আগুৱাই নিয়াৰ বাবে ইচিআইয়ে ৩০ সংখ্যক পদক্ষেপ হিচাপে বিলম্ব হ্ৰাস আৰু স্পষ্টতা বৃদ্ধিৰ বাবে ডাক বেলট গণনাৰ প্ৰক্ৰিয়াক অধিক সুশৃংখলিত কৰাৰ সিদ্ধান্ত লৈছে। (পৰিশিষ্ট)

২.ভোট গণনা প্ৰক্ৰিয়াৰ দুটা প্ৰধান অংশ আছে:

(ক)ডাক বেলট গণনা/ইলেক্ট্ৰনিকভাৱে প্ৰেৰণ কৰা ডাক বেলট (ইটিপিবি) আৰু;

(খ) ইভিএমৰ ভোট গণনা কৰা।

৩.গণনাৰ দিনা পুৱা ৮:০০ বজাৰ পৰা ডাক বেলট গণনা আৰু পুৱা ৮:৩০ বজাৰ পৰা ইভিএমৰ গণনা আৰম্ভ হয়। পূৰ্বৰ নিৰ্দেশনা অনুসৰি ডাক বেলট গণনাৰ পৰ্যায় যিয়েই নহওক কিয়, ইভিএম গণনা চলি থাকিব পাৰে আৰু ডাক বেলট গণনা সম্পূৰ্ণ হোৱাৰ আগতেই সেয়া  সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

৪.শেহতীয়াকৈ আয়োগে বিশেষভাবে সক্ষম ব্যক্তি  আৰু জ্যেষ্ঠ নাগৰিক (৮৫+)ৰ বাবেও ঘৰতে ভোটিঙৰ সুবিধা প্ৰদানৰ  বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰতি লক্ষ্য ৰাখি ডাক বেলটৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

যদিও, ডাক বেলটৰ গণনা সাধাৰণতে ইভিএম গণনাৰ পূৰ্বে সম্পূৰ্ণ হয়, গণনা প্ৰক্ৰিয়াত একত্ৰীকৰণ  আৰু স্পষ্টতা নিশ্চিত কৰিবলৈ আয়োগে সিদ্ধান্ত লৈছে যে  এতিয়াৰে পৰা গণনা কেন্দ্ৰ, য'ত ডাক বেলট গণনাৰ কাম চলি  থাকিব তাত ইভিএম/ভিভিপিএটি গণনাৰ অন্তিম পৰ্যায়ৰ শেষ (দ্বিতীয় শেষ) ৰাউণ্ডৰ গণনা  ডাক বেলট  গণনা সম্পূৰ্ণ হোৱাৰ পিছতহে কৰা হ'ব ।

আয়োগে লগতে নিৰ্দেশ দিছে যে যিবোৰ ক্ষেত্ৰত বৃহৎ সংখ্যক ডাক বেলট থাকে, তেনে ক্ষেত্ৰত আৰ অ’সকলে পৰ্যাপ্ত সংখ্যক টেবুল আৰু গণনাত নিয়োজিত  কৰ্মচাৰী থকাটো নিশ্চিত কৰিব লাগিব,  যাতে কোনো বিলম্ব  নহয় আৰু গণনা প্ৰক্ৰিয়া  অধিক সুশৃংখলিত হয়।

 

পৰিশিষ্ট

 

যোৱা ছমাহৰ ভিতৰত গ্ৰহণ কৰা ২৯টা পদক্ষেপৰ তালিকা:

 

১.ভোটাৰসকলৰ  বাবে সুবিধা

১.ভোটগ্ৰহণৰ দিনটোত ভোটাৰৰ সুবিধাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত মোবাইল  ফোন জমা ৰখাৰ সুবিধা।

২.ভিৰ হ্ৰাস কৰিবলৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ১২০০ তকৈ অধিক ভোটাৰ থাকিব নালাগিব।

৩.ভোটাৰৰ তথ্য স্লিপ (VIS) ৰ ডিজাইন সংশোধন কৰি ভোটাৰৰ ক্ৰমিক নম্বৰ আৰু অংশ নম্বৰ অধিক স্পষ্টভাৱে উল্লেখৰ ব্যৱস্থা কৰা হৈছে।

৪.ভোটাৰৰ সুবিধাৰ বাবে ভোট কেন্দ্ৰৰ  ১০০ মিটাৰতকৈ দূৰৈত   প্ৰাৰ্থী বুথৰ স্থাপনৰ অনুমতি দিয়া হৈছে।

 

৫.উন্নত দৃশ্যমানতাৰ বাবে ইভিএমত প্ৰাৰ্থীৰ ৰঙীণ ফটো থাকিব।

 

২. নিৰ্বাচনী ব্যৱস্থা শক্তিশালীকৰণ  আৰু কৰ্তন কৰা

৬.পঞ্জীয়নৰ অত্যাৱশ্যকীয় চৰ্তসমূহ অহৰহ পূৰণ নকৰাৰ বাবে দুটা ৰাউণ্ডত ৮০৮টা পঞ্জীয়নভুক্ত অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলক তালিকাৰ পৰা বাদ দিয়া হৈছে।

 

৭. সংবিধান, জনপ্ৰতিনিধিত্বমূলক আইন  ১৯৫০,১৯৫১ ভোটাৰ পঞ্জীয়ন নিয়ম, ১৯৬০, নিৰ্বাচনী নিয়ম পৰিচালনা, ১৯৬১ আৰু বিভিন্ন ইচিআই নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি ২৮ জন ইচিআই অংশীদাৰৰ ভূমিকা চিনাক্তকৰণ আৰু মেপিং কৰা হৈছে।

৮.বিএলঅ'সমূহক প্ৰদান কৰা হৈছে ষ্টেণ্ডাৰ্ড ফটো আইডি কাৰ্ড।(লিংক)

৯. নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ইভিএমৰ বাৰ্ণ্ট মেমৰি/মাইক্ৰ'কণ্ট্ৰ'লাৰ পৰীক্ষা আৰু পৰীক্ষণৰ বাবে কাৰিকৰী আৰু প্ৰশাসনিক এছঅ'পিৰ ব্যৱস্থা।

১০.ইচিআইৰ আইনী কাঠামো শক্তিশালীকৰণ  আৰু পুনৰ অভিমুখী কৰিবলৈ আইনী পৰামৰ্শদাতা আৰু চিইঅ'সকলৰ সৈতে ৰাষ্ট্ৰীয় সন্মিলন।

১১. সমগ্ৰ বিশ্বৰ ইএমবিসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে নিৰ্বাচন পৰিচালনা সংস্থাৰ মুৰব্বীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠক।

 

 

৩.ৰাজনৈতিক দলসমূহৰ সৈতে সক্ৰিয় সংযোগ

১২.দেশজুৰি ই আৰ অ', ডি ই অ' আৰু চি ই অ' পৰ্যায়ত অনুষ্ঠিত কৰা হৈছে ৪,৭১৯খন সৰ্বদলীয় বৈঠক।

১৩.এই পৰ্যন্ত ২৫ টা স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয়/ৰাজ্যিক ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচন আয়োগৰ বৈঠক অনুষ্ঠিত হৈছে ।

৪. প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ

১৪.ভোটাৰ আৰু ইয়াৰ অন্যান্য অংশীদাৰসকলৰ বাবে ৪০+ এপ/ৱেবছাইট গ্ৰহণ কৰা এক ষ্টপ ডিজিটেল প্লেটফৰ্ম ইচিআইনেট (ECINET) আৰম্ভ কৰা হৈছে।

১৫ .ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অহৰহ নিৰীক্ষণ নিশ্চিত কৰিবলৈ সকলো ভোটগ্ৰহণ কেন্দ্ৰত ১০০% ৱেবকাষ্টিং।

১৬.ভোটদানৰ দিনটোত প্ৰতি দুঘণ্টাৰ মূৰে মূৰে নতুন ইচিনেট এপত প্ৰিজাইডিং অফিচাৰ (পিআৰঅ’)সকলে ভোটাৰৰ ভোটদানৰ হাৰ আদিৰ বাবে পোনপটীয়াকৈ প্ৰৱেশ কৰিব পাৰিব।

১৭. সমষ্টি পৰ্যায়ত নিৰ্বাচন সম্পৰ্কীয় তথ্যসমূহ দ্ৰুতভাৱে ভাগ-বতৰা কৰাটো নিশ্চিত কৰিবলৈ সূচকাংক কাৰ্ড আৰু পৰিসংখ্যাগত প্ৰতিবেদন প্ৰজন্মৰ সুশৃংখলিত কৰা হৈছে।

১৮. প্ৰপত্ৰ ১৭চি আৰু ইভিএমৰ মাজত মিল নোহোৱা প্ৰতিটো ক্ষেত্ৰতে ভিভিপিএটি গণনা নিশ্চিত কৰা হ'ব।ৃ

৫. নিৰ্বাচনী তালিকাৰ বিশুদ্ধতা

১৯. বিহাৰত বিশেষ নিবিড় পুনৰীক্ষণত যাতে কোনো যোগ্য ভোটাৰক বাদ দিয়া নহয় আৰু কোনো অযোগ্য ব্যক্তিক নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত নহয় সেই ব্যৱস্থা কৰা হৈছে।

২০.প্ৰায় ২ দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে ৪খন ৰাজ্যত উপ-নিৰ্বাচনৰ পূৰ্বে বিশেষ সাৰাংশ পুনৰীক্ষণ কৰা হৈছে।

২১. ই আৰ অ'সকলে পঞ্জীয়নভুক্ত মৃত্যুৰ বিষয়ে সময়মতে তথ্য লাভ কৰাটো নিশ্চিত কৰিবলৈ মৃত্যু পঞ্জীয়নৰ তথ্য সংযোগ কৰা হৈছে।

২২. বিভিন্ন ব্যক্তিৰ বাবে একেই ইপিআইচি নম্বৰ বাদ থকাটো ৰোধ কৰা হৈছে।

 

২৩.ডেলিভাৰীৰ প্ৰতিটো পৰ্যায়তে এছএমএছ অধিসূচনাৰ সৈতে নিৰ্বাচনী তালিকাত আপডেট দিয়াৰ বাবে ১৫ দিনৰ ভিতৰত ইপিআইচি ডেলিভাৰী নিশ্চিত কৰিবলৈ নতুন এছঅপি।

 

৬.  সামৰ্থ্য বিকাশ

২৪.প্ৰথমবাৰৰ বাবে ৭,০০০ৰো অধিক বিএলঅ' আৰু বিএলঅ' তত্বাৱধায়কে নতুন দিল্লীৰ আইআইডিইএমত প্ৰশিক্ষণ লৈছে।

২৫.নতুন দিল্লীৰ আইআইডিইএমত প্ৰথমবাৰৰ বাবে বিহাৰ, তামিলনাডু আৰু পুডুচেৰীৰ পৰা  সকলো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলে নিযুক্তি দিয়া বুথ লেভেল এজেণ্ট (বিএলএ)ৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

২৬. ৩৬ খন  ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ   মুখ্য কাৰ্যবাহী বিষয়াৰ বাবে প্ৰশিক্ষণৰ দিহা কৰা হৈছে।

২৭.বিহাৰত নিৰ্বাচন-প্ৰস্তুতিৰ বাবে আৰক্ষী বিষয়াক প্ৰশিক্ষণ।

২৮.অনুশাসন বলৱৎ কৰা, কৰ্ম প্ৰক্ৰিয়াৰ  ডিজিটেলাইজেচন আৰু ইচিআইৰ মুখ্য কাৰ্যালয়ত সম্পদৰ উন্নত ব্যৱহাৰৰ ব্যৱস্থা কৰা হৈছে।

 বিএলঅ' তত্বাৱধায়ক আৰু ভোটগ্ৰহণ/গণনা কৰ্মচাৰী, চিএপিএফ, নিৰীক্ষণ দল আৰু মাইক্ৰ'-পৰ্যবেক্ষকৰ বাবে  পাৰিতোষিক দুগণলৈ  বৃদ্ধি  কৰা হৈছে।


(Release ID: 2171251) Visitor Counter : 16