প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰি উপলক্ষে প্ৰধানমন্ত্ৰীৰ জনসাধাৰণলৈ শুভেচ্ছা
জি এছ টি সঞ্চয় মহোৎসৱৰ সমান্তৰালকৈ এক নতুন শক্তি লাভৰ দিশে স্বদেশৰ মন্ত্ৰঃ প্ৰধানমন্ত্ৰী
Posted On:
22 SEP 2025 9:26AM by PIB Guwahati
নৱৰাত্ৰি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে এইবেলি নৱৰাত্ৰিৰ শুভ অনুষ্ঠানক অতি বিশেষ আখ্যা দিয়ে। "জি এছ টি সঞ্চয় মহোৎসৱৰ সমান্তৰালকৈ এই সময়ছোৱাত স্বদেশৰ মন্ত্ৰই এক নতুন শক্তি লাভ কৰিবলৈ গৈ আছে। আহক আমি এক বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প পূৰণৰ বাবে সামূহিক প্ৰচেষ্টাত ব্ৰতী হওঁ" শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে:
আপোনালোক সকলোলৈ নৱৰাত্ৰীৰ শুভেচ্ছা। সাহস, সংযম, সংকল্পময় ভক্তি-ভাৱাপন্ন এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ নৱ শক্তি আৰু বিশ্বাস কঢ়িয়াই আনক। জয় মাতা দি!
"નવરાત્રીની હાર્દિક શુભકામનાઓ!
શક્તિ, ભક્તિ અને આનંદનું આ પાવન પર્વ આપ સૌના જીવનમાં નવો ઉમંગ, ઉત્સાહ અને સુખ સમૃદ્ધિ લાવે એવી મા અંબા પાસે પ્રાર્થના….."
এইবেলি নৱৰাত্ৰিৰ এই শুভ অনুষ্ঠান অতি বিশেষ। জি এছ টি সঞ্চয় উৎসৱৰ সমান্তৰালকৈ এই সময়ছোৱাত স্বদেশৰ মন্ত্ৰ এক নতুন শক্তি লাভৰ দিশে অগ্ৰসৰ হৈছে। আহক আমি এক বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প পূৰণৰ বাবে সামূহিক প্ৰচেষ্টাত ব্ৰতী হওঁ।
***
MJPS/VJ/DD
(Release ID: 2169515)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam