স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৭ ছেপ্টেম্বৰত উন্মোচন কৰিব 'স্বাস্থ্য নাৰী, সশক্ত পৰিয়াল অভিযান' আৰু অষ্টম পোষণ মাহ
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু মহিলা তথা শিশু উন্নয়ন মন্ত্ৰালয়ে ভাৰতৰ এতিয়ালৈকে হোৱা সৰ্ববৃহৎ মহিলা তথা শিশু স্বাস্থ্য অভিযানত সহযোগিতা কৰিছে
সমগ্ৰ দেশতে এক লাখতকৈ অধিক স্বাস্থ্য শিবিৰৰ পৰিকল্পনা; সকলো চৰকাৰী স্বাস্থ্য কেন্দ্ৰত দৈনিক স্বাস্থ্য শিবিৰ
আগতীয়াকৈ ৰোগ ধৰা পেলোৱা, প্ৰতিৰোধ আৰু স্বাস্থ্য সম্পৰ্কীয় প্ৰসাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰি মহিলাসকলৰ বাবে স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ বাবে দেশব্যাপী তীব্ৰ অভিযান
অনুষ্ঠিত কৰা হ’ব অসংক্ৰামক ৰোগ, কেন্সাৰ, ৰক্তহীনতা, টিবি, চিকেল চেল ৰোগ আৰু মাতৃৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সজাগতা আৰু পৰামৰ্শ প্ৰদানৰ অধিৱেশন
প্ৰসাৰতা আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ একাধিক মন্ত্ৰালয়ৰ সৈতে সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ সমাজৰ অভিসৰণৰ ব্যৱস্থা
Posted On:
14 SEP 2025 4:50PM by PIB Guwahati
২০২৫ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টম পোষণ মাহৰ লগতে ‘স্বাস্থ্য নাৰী, সশক্ত পৰিয়াল অভিযান’ উন্মোচন কৰিব, যিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ মহিলা, কিশোৰী আৰু শিশুসকলৰ স্বাস্থ্যসেৱা তথা পুষ্টি সেৱা শক্তিশালী কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে বিবেচিত হ’ব ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW) আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে (MoWCD) যৌথভাৱে নেতৃত্ব দিয়া এই পদক্ষেপে মহিলা তথা শিশুৰ স্বাস্থ্য আৰু পুষ্টিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। এম অ’ এইচ এফ ডব্লিউৱে দেশজুৰি স্বাস্থ্য শিবিৰ আৰু সুবিধাসমূহৰ জৰিয়তে প্ৰতিৰোধমূলক, প্ৰচাৰমূলক আৰু নিৰাময়মূলক স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব, আনহাতে এম অ’ ডব্লিউ চি ডিয়ে পোষণ মাহৰ কাৰ্য্যকলাপসমূহ অভিযানৰ সৈতে একত্ৰিত কৰিব, অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে মহিলা আৰু কিশোৰীসকলক সংগঠিত কৰিব আৰু বৃহৎ পৰিসৰৰ পুষ্টি পৰামৰ্শ আৰু ৰেচিপি প্ৰদৰ্শনৰ নেতৃত্ব দিব। দুয়োটা মন্ত্ৰালয়ে একেলগে ৰক্তহীনতা প্ৰতিৰোধ, সুষম খাদ্য আৰু ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বিষয়ত সজাগতা অভিযানো চলাব, যাতে মহিলা আৰু কিশোৰীসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ প্ৰয়োজনীয়তাসমূহ সামগ্ৰিক তথা অভিসৰণশীলভাৱে পূৰণ কৰাটো নিশ্চিত কৰিব পাৰি ।
স্বাস্থ্য নাৰী, সশক্ত পৰিয়াল অভিযানৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰীৰ স্বাস্থ্য, পোষণ (পুষ্টি), ফিটনেছ, আৰু এখন বিকশিত ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়া। ই অসংক্ৰামক ৰোগ, ৰক্তহীনতা, যক্ষ্মা আৰু চিকেল চেল ৰোগৰ পৰীক্ষা, আগতীয়াকৈ ৰোগ ধৰা পেলোৱা আৰু চিকিৎসাৰ সংযোগ শক্তিশালী কৰাৰ লগতে প্ৰসৱৰ পূৰ্বে ল'বলগীয়া যত্ন, প্ৰতিষেধক, পুষ্টি, ঋতুস্ৰাৱৰ সময়ত বজাই ৰাখিবলগীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা, জীৱনশৈলী আৰু মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতামূলক কাৰ্য্যকলাপৰ জৰিয়তে মাতৃ, শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্যক প্ৰসাৰিত কৰিব। একে সময়তে এই অভিযানে মেদবহুলতা প্ৰতিৰোধ, উন্নত পুষ্টি আৰু স্বেচ্ছামূলক ৰক্তদানৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি সুস্থ জীৱনশৈলীৰ পদ্ধতিৰ দিশত সম্প্ৰদায়সমূহক সংগঠিত কৰিব।
এক্স (পূৰ্বৰ টুইটাৰ)ৰ এটা পোষ্টত মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰীযুত জে.পি নাড্ডাই কয় যে এই পদক্ষেপৰ উদ্দেশ্য হৈছে সমগ্ৰ ভাৰততে মহিলা আৰু শিশুসকলৰ বাবে স্বাস্থ্যসেৱা শক্তিশালী কৰা, উন্নত প্ৰৱেশ, মানসম্পন্ন যত্ন আৰু সজাগতা নিশ্চিত কৰা । তেওঁ এই অভিযানত সকলো ব্যক্তিগত চিকিৎসালয় আৰু স্বাস্থ্যসেৱাৰ অংশীদাৰক আগবাঢ়ি আহি এই জন ভাগীদাৰী অভিযানৰ অবিচ্ছেদ্য অংগ হ’বলৈ আহ্বান জনায়।
দেশজোৰা উন্মোচন আৰু স্বাস্থ্য শিবিৰ
১৭ ছেপ্টেম্বৰৰ পৰা ২০২৫ চনৰ ২ অক্টোবৰলৈ সমগ্ৰ দেশৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ (চি এইচ চি), জিলা চিকিৎসালয় আৰু অন্যান্য চৰকাৰী স্বাস্থ্য সুবিধাসমূহত এই অভিযানৰ আয়োজন কৰা হৈছে।
এক লাখৰো অধিক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ’ব, যাৰ ফলত এয়া হ’ব দেশৰ মহিলা আৰু শিশুসকলৰ বাবে এতিয়ালৈকে অনুষ্ঠিত হোৱা সৰ্ববৃহৎ স্বাস্থ্য প্ৰসাৰ অভিযান।
দেশজুৰি সকলো চৰকাৰী স্বাস্থ্য কেন্দ্ৰত দৈনিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব।
কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী, সাংসদ তথা অন্যান্য জনপ্ৰতিনিধিকে ধৰি অন্যান্যসকলে এই অভিযানত যোগদান কৰিব। আশা, এ এন এম, অংগনবাড়ী কৰ্মী, এছ এইচ জি, পি আৰ আই, নগৰীয়া স্থানীয় সংস্থা, মাই ভাৰত স্বেচ্ছাসেৱক, আৰু যুৱ গোটসমূহে তৃণমূল পৰ্যায়ত সম্প্ৰদায় সংগঠনৰ নেতৃত্ব দিব বুলি আশা কৰা হৈছে।
মূল স্বাস্থ্য সেৱা
স্ত্ৰীৰোগ, শিশু চিকিৎসা, চকু, ই এন টি, দন্ত, ছাল আৰু মনোৰোগকে ধৰি বিশেষজ্ঞ সেৱাসমূহ চিকিৎসা মহাবিদ্যালয়, জিলা চিকিৎসালয়, কেন্দ্ৰীয় চৰকাৰী প্ৰতিষ্ঠান তথা ব্যক্তিগত চিকিৎসালয়ৰ জৰিয়তে প্ৰদান কৰা হ’ব।
কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান যেনে এইমছ, প্ৰতিৰক্ষা আৰু ৰে'লৱে চিকিৎসালয়, ই এছ আই চি চিকিৎসালয়, চি জি এইচ এছ কেন্দ্ৰ আৰু ইনষ্টিটিউট অব নেচনেল ইম্পৰ্টেন্স (আই এন আই)-এ এই প্ৰচেষ্টাসমূহৰ পৰিপূৰক হিচাপে কাম কৰিব, বিশেষজ্ঞ সেৱা আৰু যত্নৰ ধাৰাবাহিকতা শেষ মাইললৈকে প্ৰসাৰিত কৰাটো নিশ্চিত কৰিব। ব্যক্তিগত খণ্ডৰ কেইবাটাও স্বাস্থ্য সুবিধায়ো এই পদক্ষেপক সহায় কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ ফলত পদক্ষেপটোৰ পৰিসৰ, গুণগত মান আদি সম্প্ৰসাৰিত হ’ব বুলি আশা কৰা হৈছে।
এই পষেকজোৰা অনুষ্ঠানৰ সময়ছোৱাত যিবোৰ সেৱা আগবঢ়োৱা হ’ব সেইবোৰ তলত দিয়া ধৰণৰ:
অসংক্ৰামক ৰোগ আৰু সুস্থতা: শিবিৰসমূহে হাইপাৰটেনছন, তেজৰ চেনি আৰু বিএমআই পৰীক্ষাৰ জৰিয়তে উচ্চ ৰক্তচাপ, ডায়েবেটিছ তথা মেদবহুলতাৰ পৰীক্ষাৰ ব্যৱস্থা কৰিব। জীৱনশৈলীৰ পৰিৱৰ্তন, পুষ্টি, শাৰীৰিক কাৰ্যকলাপ আৰু ধঁপাত বন্ধ কৰাৰ বিষয়ত ৰিস্ক প্ৰফাইলিং, ৰেফাৰেল তথা পৰামৰ্শ প্ৰদানেৰে দীৰ্ঘদিনীয়া ৰোগসমূহ আগতীয়াকৈ ধৰা পেলোৱা আৰু পৰিচালনা কৰাত সহায় কৰিব।
কেন্সাৰ স্ক্ৰীনিং: মহিলাসকলে মুখ গহ্বৰৰ পৰীক্ষা, ক্লিনিকেল স্তন পৰীক্ষা, স্তনৰ আত্মপৰীক্ষাৰ প্ৰদৰ্শন আৰু চাৰ্ভাইকেল কেন্সাৰ স্ক্ৰীনিঙৰ দ্বাৰা উপকৃত হ’ব। মুখৰ , স্তন আৰু ছাৰ্ভাইকেল কেন্সাৰৰ সজাগতা অধিৱেশনৰ লগতে মেম’গ্ৰাফী আৰু অংক’লজী যত্নৰ বাবে ৰেফাৰেল সেৱাও উপলব্ধ হ’ব।
ৰক্তহীনতা আৰু পুষ্টিঃ কিশোৰী আৰু মহিলাৰ বাবে বৃহৎ পৰিসৰৰ এইচ বি পৰীক্ষা আৰু ৰক্তহীনতা পৰীক্ষা কৰা হ’ব, লগতে আই এফ এৰ পৰিপূৰক তথা কৃমিনাশক টেবলেটৰ ব্যৱস্থা কৰা হ’ব। পুষ্টিৰ পৰামৰ্শ, সুষম খাদ্য প্ৰদৰ্শন, অন্নপ্ৰাশন অনুষ্ঠান আৰু স্বাস্থ্যসন্মত ৰেচিপি প্ৰদৰ্শনে পোষণৰ সজাগতাক শক্তিশালী কৰিব। আনহাতে ঋতুস্ৰাৱৰ সময়ত বজাই ৰাখিবলগীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰচাৰে কিশোৰীসকলক লাভাৱান্বিত কৰিব। এই প্ৰচেষ্টাসমূহ এফ এছ এছ এ আই(FSSAI)ৰ ইট ৰাইট পদক্ষেপৰ দ্বাৰা অধিক সমৰ্থিত হ’ব, যিয়ে সমগ্ৰ সম্প্ৰদায়সমূহৰ মাজত নিৰাপদ, স্বাস্থ্যকৰ আৰু বহনক্ষম খাদ্য পদ্ধতিসমূহক প্ৰসাৰিত কৰিব ।
যক্ষ্মা (টিবি): আক্ৰান্ত হোৱাৰ আশংকা থকা মহিলাৰ টিবি পৰীক্ষা, কফ সংগ্ৰহ আৰু ভ্ৰাম্যমাণ এক্স-ৰে গোটে আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰাত সহায় কৰিব। ৰোগীসকলক চিকিৎসাৰ বাবে ড’টছ কেন্দ্ৰৰ সৈতে সংযুক্ত কৰা হ’ব, আনহাতে স্বেচ্ছাসেৱকসকলক নিক্ষয় মিত্ৰ হিচাপে সংগঠিত কৰি পুষ্টি তথা মানসিক-সামাজিক সহায় আগবঢ়োৱা হ’ব।
চিকেল চেল ৰোগঃ লক্ষ্য নিৰ্ধাৰণ কৰি চিকেল চেল স্ক্ৰীনিং, চিকেল চেল কাৰ্ড বিতৰণ আৰু পৰামৰ্শ প্ৰদানৰ জৰিয়তে জনজাতীয় সমাজৰ জনসংখ্যাক বিশেষ গুৰুত্ব দিয়া হ’ব। জেনেটিক কাউন্সেলিং তথা ৰেফাৰেলে দীৰ্ঘম্যাদী যত্ন আৰু ৰোগ ব্যৱস্থাপনাৰ কথা নিশ্চিত কৰিব।
মাতৃ আৰু শিশুৰ স্বাস্থ্য: হিম’গ্লবিন পৰীক্ষা, ৰক্তচাপ নিৰীক্ষণ, ওজন পৰীক্ষা, ভ্ৰুণৰ বৃদ্ধি অনুসৰণকে ধৰি প্ৰসৱৰ পূৰ্বে যত্ন লোৱা হ’ব। মাতৃ আৰু শিশু সুৰক্ষা (এমচিপি) কাৰ্ড বিতৰণ, নিৰাপদ গৰ্ভাৱস্থা আৰু প্ৰতিষ্ঠানিক প্ৰসৱৰ বিষয়ত পৰামৰ্শ, শিশুৰ বৃদ্ধিৰ নিৰীক্ষণ, শিশু আৰু নৱজাতকক খুওৱাৰ পদ্ধতিৰ পৰামৰ্শ আৰু প্ৰতিষেধক সেৱাই মাতৃ তথা শিশুৰ স্বাস্থ্য অধিক শক্তিশালী কৰিব।
প্ৰতিষেধক: শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে কেচ-আপ টিকাকৰণৰ লগতে গৰ্ভৱতী মহিলাৰ বাবে টিডি টিকাকৰণক অগ্ৰাধিকাৰ দিয়া হ’ব।
সজাগতা আৰু পৰামৰ্শ: শিবিৰসমূহে ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ ধাৰণাক প্ৰসাৰিত কৰিব, চেনিটেৰী পেড বিতৰণ কৰিব আৰু মানসিক স্বাস্থ্যৰ পৰামৰ্শ অধিৱেশন অনুষ্ঠিত কৰিব। এছ এইচ জি, পি আৰ আই আদিৰ নেতৃত্বত চলা অভিযানে তেল আৰু চেনিৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিব, স্বাস্থ্যসন্মত খাদ্যৰ বিষয়ে ধাৰণাৰ প্ৰসাৰ ঘটাব।
ৰক্তদান: ট্ৰমা কেয়াৰ, অস্ত্ৰোপচাৰ আৰু ৰক্ত বিকাৰৰ চিকিৎসা শক্তিশালী কৰাৰ বাবে দেশজুৰি ৰক্তদান অভিযানৰ আয়োজন কৰা হ’ব। ই-ৰক্তকোষ পৰ্টেলত (https://eraktkosh.mohfw.gov.in) দাতাসকলক পঞ্জীয়ন কৰা হ’ব আৰু মাইগভ (www.mygov.in)ৰ জৰিয়তে প্ৰতিশ্ৰুতি অভিযান চলোৱা হ’ব।
ডিজিটেল স্বাস্থ্য সেৱাঃ হিতাধিকাৰীসকলক পিএম-জে, আয়ুষ্মান ভায়া বন্দনা আৰু এবিএইচএৰ অধীনত নামভৰ্তি কৰা হ’ব। স্বাস্থ্য শিবিৰত কাৰ্ড পৰীক্ষণ আৰু অভিযোগ নিৰাময়ৰ বাবে হেল্পডেস্ক স্থাপন কৰা হ’ব।
আয়ুষ সেৱাঃ মহিলা আৰু পৰিয়ালৰ বাবে সামগ্ৰিক স্বাস্থ্য তথা সুস্থতা পদ্ধতিৰ প্ৰসাৰৰ বাবে যোগ অধিৱেশন, আয়ুৰ্বেদৰ পৰামৰ্শ আৰু অন্যান্য আয়ুষ সেৱাৰ আয়োজন কৰা হ’ব।
যুৱক-যুৱতী আৰু নাগৰিকক সংগঠিতকৰণঃ এই জন ভাগীদাৰী প্ৰচেষ্টাত ভাৰতৰ যুৱক-যুৱতী আৰু জনগোষ্ঠীসমূহক জড়িত কৰাত অভিযানে বিশেষ গুৰুত্ব আৰোপ কৰিব। মাই ভাৰতৰ স্বেচ্ছাসেৱকসকলে সজাগতা অভিযান, স্বাস্থ্য প্ৰতিশ্ৰুতি, সাংস্কৃতিক কাৰ্য্যকলাপ আৰু সম্প্ৰদায়ৰ সংগঠন অভিযানত সক্ৰিয়ভাৱে জড়িত হ’ব। নাগৰিকসকলক মাইগভ পৰ্টেল (www.mygov.in)ৰ জৰিয়তে স্বেচ্ছামূলক তেজ আৰু অংগদানৰ প্ৰতিশ্ৰুতিত অংশগ্ৰহণ কৰিবলৈও উৎসাহিত কৰা হ’ব, টিবি ৰোগীসকলক পুষ্টি, পৰামৰ্শ আৰু যত্ন আদিৰে সহায় কৰিবলৈ নিৰ্দিষ্ট মঞ্চত (www.nikshay.in) নিক্ষয় মিত্ৰ হিচাপে পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰা হ’ব। এই সমগ্ৰ পদ্ধতিয়ে অভিযানটোক প্ৰসাৰিত কৰাৰ লগতে ইয়াৰ প্ৰভাৱ নিশ্চিত কৰাত সহায় কৰিব।
সমগ্ৰ চৰকাৰৰ অভিসৰণ (Whole-of-Government Convergence)
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ সমান্তৰালভাবে আন কেইবাটাও মন্ত্ৰালয়ে অভিযানলৈ শক্তিশালী সমৰ্থন আগবঢ়াব। গ্ৰামোন্নয়ন মন্ত্ৰালয় আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আত্ম সহায়ক গোট আৰু পিআইআৰৰ জৰিয়তে মহিলাসকলক সংগঠিত কৰিব। শিক্ষা মন্ত্ৰালয়ে বিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানৰ সৈতে সমন্বয় স্থাপন কৰাৰ বিপৰীতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে মাই ভাৰতৰ স্বেচ্ছাসেৱকসকলৰ সৈতে সমন্বয় সাধন কৰি স্বাস্থ্য সজাগতা আৰু প্ৰচাৰ শক্তিশালী কৰিব। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতীয় সমাজৰ জনগোষ্ঠীসমূহৰ মাজত প্ৰচাৰ চলোৱাত সহায় কৰিব। বিশেষভাৱে সক্ষম ব্যক্তিৰ সবলীকৰণ বিভাগ (ডিইপিডব্লিউডি), সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়েও দিব্যাংগজানৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াব। তদুপৰি প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰে’ল মন্ত্ৰালয়, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, আয়ুষ মন্ত্ৰালয়, গুৰু উদ্যোগ মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয় আদিয়ে নিজ নিজ চিকিৎসা প্ৰতিষ্ঠানত স্বাস্থ্য শিবিৰৰ আয়োজন কৰিব।
HFW/SNSP Abhiyaan/14Sept2025/1/DM
(Release ID: 2166643)
Visitor Counter : 2