কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কৃষি খণ্ডৰ দেশজোৰা পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে

পঞ্জাৱৰ কিছু অংশৰ বানপানী আৰু শস্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীক অৱগত কৰে জ্যেষ্ঠ বিষয়াসকলে

“পঞ্জাৱৰ কৃষকসকলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, ক্ষতিগ্ৰস্ত কৃষকৰ পক্ষত কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণৰূপে থিয় দিছে” – শ্ৰী শিৱৰাজ সিং

শীঘ্ৰে পঞ্জাৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিব কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিঙে

Posted On: 01 SEP 2025 5:38PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা  গ্ৰামোন্নয়ন দপ্তৰৰ  মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত এখন বৈঠকত অংশগ্ৰহণ কৰি কৃষি খণ্ডৰ দেশজোৰা অৱস্থাৰ বিষয়ে  পৰ্যালোচনা কৰে। উচ্চ পৰ্যায়ৰ বৈঠকত শ্ৰী শিৱৰাজ সিঙে বিভিন্ন ৰাজ্যৰ বৰষুণ সম্পৰ্কীয়  পৰিস্থিতিৰ পৰ্যালোচনা কৰি পঞ্জাৱৰ কিছু অংশত হোৱা বানপানী আৰু  শস্যৰ ওপৰত পৰা  প্ৰভাৱ সন্দৰ্ভত বিষয়াসকলৰ সৈতে বিতংভাবে  আলোচনা কৰে। বৈঠকত শ্ৰী শিৱৰাজ সিঙে কয় যে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পঞ্জাৱৰ কৃষকসকলে চিন্তা কৰিব নালাগে কাৰণ এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত কৃষকৰ সৈতে দৃঢ়তাৰে থিয় দিছে। তেওঁ কয়  যে তেওঁ পঞ্জাৱৰ বানপীড়িত অঞ্চলসমূহ অতি সোনকালে  ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’ব আৰু ব্যক্তিগতভাৱে দুৰ্দশাগ্ৰস্ত কৃষকসকলক সাক্ষাৎ কৰি সকলো ধৰণৰ সাহায্য নিশ্চিত কৰিব বুলি কয় ।

এই বৈঠকত কৃষি সচিব  ড০ দেৱেশ চতুৰ্বেদীয়ে অন্যান্য উচ্চপদস্থ বিষয়াৰ সৈতে অংশগ্ৰহণ কৰি সমগ্ৰ দেশৰ কৃষি খণ্ড সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিশদভাৱে  অৱগত  কৰে। খাৰিফ বীজ সিঁচা অঞ্চলসমূহত  যোৱা বছৰৰ তুলনাত এইবছৰ  উৎসাহজনক বৃদ্ধি হোৱা বুলিও মন্ত্ৰীগৰাকীক অৱগত কৰা হয়।

খাদ্য শস্যৰ  লগতে উদ্যান শস্যৰ অগ্ৰগতিৰ বিষয়েও বৈঠকত পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ বিশেষভাৱে আলু, পিঁয়াজ, বিলাহীৰ  উৎপাদন আৰু দামৰ সবিশেষ তথ্য জানিব বিচাৰে। বিষয়াসকলে তেওঁক  ৰাজ্যসমূহৰ বৰষুণ আৰু জলাশয়ৰ অৱস্থাৰ বিষয়ে অৱগত কৰে আৰু কয় যে এই বছৰ বহু ৰাজ্যত গড় পৰিমাণৰ  ওপৰত বৰষুণ হৈছে, যিটো শস্যৰ বাবে উপকাৰী।

 

শ্ৰী শিৱৰাজ সিঙে কৃষকসকলে যাতে  খাদ্য শস্যৰ  লগতে উদ্যান শস্যকে ধৰি সংহত কৃষি পদ্ধতি গ্ৰহণ কৰে সেই বিষয়ত  উৎসাহিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে , যাতে কৃষকসকলে তেওঁলোকৰ  আয়  বৃদ্ধি কৰিব পাৰে। তেওঁ কয় যে ভৱিষ্যতৰ চাহিদাসমূহৰ প্ৰতি লক্ষ্য ৰাখি কৃষিখণ্ডই পথাৰত শস্য উৎপাদনৰ সমান্তৰালকৈ বিকল্প ব্যৱস্থাৰ জৰিয়তে সামগ্ৰিক বৃদ্ধি লাভ কৰিব লাগিব। উদ্যান শস্য আৰু সংহত কৃষি এই দিশত ফলপ্ৰসূ উপায়। ‘সংহত কৃষি ব্যৱস্থা’ কৃষকৰ মাজত ব্যাপকভাৱে প্ৰচাৰ কৰিব লাগে বুলিও তেওঁ নিৰ্দেশ দিয়ে।

 

RC/KSR/AR/MK/DM


(Release ID: 2162893) Visitor Counter : 2