গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে জম্মু ভ্ৰমণ কৰি জম্মু সংমণ্ডলত বৰষুণ, বানপানী আৰু ভূমিস্খলন প্ৰভাৱান্বিত অঞ্চল পৰিদৰ্শন কৰি প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ বুজ লয়

জম্মুত গৃহমন্ত্ৰীয়ে চাক মাংগু গাঁৱৰ বানপীড়িত লোকসকলক সাক্ষাৎ কৰাৰ লগতে জম্মুৰ তাৱি দলং, শিৱ মন্দিৰ আৰু বানত ক্ষতিগ্ৰস্ত হোৱা ঘৰ-দুৱাৰ আদি পৰিদৰ্শন কৰে

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয়

শেহতীয়া প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

মোদী চৰকাৰে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু সুৰক্ষা, পুনৰ্বাসন তথা পুনৰ্গঠনৰ সুবিধাৰ বাবে তাৎক্ষণিক সাহায্য, আৰ্থিক সাহায্য আৰু কাৰিকৰী সহায় আগবঢ়াইছে

বতৰ বিজ্ঞান বিভাগ আৰু এন ডি এম এয়ে ডাটা এনালাইটিক্স তথা এ আই ব্যৱহাৰ কৰি ডাৱৰ বিস্ফোৰণৰ কাৰণসমূহ অধ্যয়ন কৰিব লাগে

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰীপকাৰী দলে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিব আৰু তাৰ ভিত্তিত অধিক সহায় আগবঢ়োৱা হ’ব

জম্মু-কাশ্মীৰ প্ৰশাসন আৰু সকলো সংস্থাই মিলি সম্ভাৱ্য ক্ষতি হ্ৰাস কৰিবলৈ সক্ষম হৈছে, লগতে সমন্বিত প্ৰচেষ্টাৰে আমি বহুতৰে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছো, অৱশ্যে এতিয়াও ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে

গৃহমন্ত্ৰীয়ে জিএলঅ

Posted On: 01 SEP 2025 5:28PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি জম্মু ভ্ৰমণ কৰি জম্মু সংমণ্ডলৰ বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে আৰু  প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয়- ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জম্মুৰ মাংগু চাকৰ বানাক্ৰান্ত ৰাইজক সাক্ষাৎ কৰে। শ্ৰী অমিত শ্বাহে বিক্ৰম চাকত থকা তাৱি দলং, শিৱ মন্দিৰ, জম্মুৰ বানত ক্ষতিগ্ৰস্ত হোৱা ঘৰ-দুৱাৰ আদিও পৰিদৰ্শন কৰে।

এই ভ্ৰমণৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত  শেহতীয়া পৰিস্থিতিৰ বিষয়ে  পৰ্যালোচনা কৰা হয় । এই বৈঠকত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহা, মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লা, কেন্দ্ৰীয় তথা  কেন্দ্ৰীয় শাসিত অঞ্চলৰ  প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শেহতীয়া  প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে। শ্ৰী শ্বাহে কয় যে সংকটৰ এই সময়ত  প্ৰথম দিনাৰে  পৰাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গৱৰ্ণৰ আৰু মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে আৰু ভাৰত চৰকাৰে উদ্ধাৰ প্ৰচেষ্টাত নিজৰ সকলো শক্তি প্ৰয়োগ কৰিছে। শ্ৰী শ্বাহে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু সকলো সংস্থাই মিলি সম্ভাৱ্য ক্ষতি বহু পৰিমাণে হ্ৰাস কৰিছে তথা সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে আমি বহু লোকৰ জীৱন সফলতাৰে ৰক্ষা কৰিবলৈ সক্ষম হৈছো।

শ্ৰী অমিত শ্বাহে কয় যে সকলো আৰ্লি ৱাৰ্ণিং এপ (EWA), ইয়াৰ সঠিকতা তথা তৃণমূল পৰ্যায়লৈকে ইয়াৰ প্ৰসাৰ ঘটোৱাৰ বিষয়ত  সমালোচনাত্মক বিশ্লেষণৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ  দৃঢ়তাৰে কয় যে সমালোচনাত্মক বিশ্লেষণৰ জৰিয়তে আমাৰ ব্যৱস্থাসমূহৰ উন্নতি কৰাটোৱেই হৈছে শূন্য-ক্ষতিগ্ৰস্ততাৰ দিশত আগবাঢ়ি যোৱাৰ একমাত্ৰ উপায়। তেওঁ জিএলঅ’এফৰ আগতীয়া সতৰ্কবাণী ব্যৱস্থাৰ সমালোচনাত্মক পৰ্যালোচনাৰ প্ৰয়োজনীয়তাৰ বিষয়তো আলোকপাত কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বতৰ বিজ্ঞান বিভাগ আৰু এন ডি এম এয়ে যৌথভাৱে ডাৱৰ বিস্ফোৰণৰ প্ৰৱণতা তথা ডাৱৰত আৰ্দ্ৰতাৰ পৰিমাণৰ মাজৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰিব লাগে, সেইবোৰৰ কাৰণ চিনাক্ত কৰিব লাগে আৰু আগতীয়া সতৰ্কবাণী দিব পৰা  ব্যৱস্থা স্থাপন কৰিব লাগে। তেওঁ দৃঢ়তাৰে কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ডাটা এনালাইটিক্স আৰু এআইৰ সহায় লৈ এই দিশত পদক্ষেপ গ্ৰহণ কৰিব  লাগিব। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় খাদ্য নিগমে অতিৰিক্ত ৰেচনৰ ব্যৱস্থা কৰিব লাগে আৰু ১০ দিনৰ ভিতৰত সংযোগৰ মূল্যায়ন কৰি অফলাইন ৰেচন ডেলিভাৰীৰ সিদ্ধান্ত ল'ব লাগে।

CR5_0116 (1).JPG

শ্ৰী অমিত শ্বাহে কয় যে, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ উন্নত জৰীপকাৰীৰ দলে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিব আৰু ইয়াৰ ভিত্তিত  অধিক সহায় আগবঢ়োৱা হ’ব। কেন্দ্ৰীয় গৃহ সচিবৰ সৈতে কেন্দ্ৰীয় চৰকাৰ তথা কেন্দ্ৰীয় শাসিত প্ৰশাসনৰ সংশ্লিষ্ট বিভাগসমূহৰ এখন বৈঠক ১-২ দিনৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব বুলিও  তেওঁ ঘোষণা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে  নিৰ্দেশ দিয়ে যে গৃহ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ দলসমূহে ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বিষয়ত অগ্ৰাধিকাৰ দিব লাগে। স্বাস্থ্য আৰু জল বিভাগে পানী যোগান তথা স্বাস্থ্য সেৱাৰ বিষয়ত সক্ৰিয়ভাৱে মনোনিৱেশ কৰিব লাগিব বুলি তেওঁ কয়। তেওঁ লগতে কয় যে সেনা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু বায়ুসেনাৰ চিকিৎসা গোটসমূহেও সহায় আগবঢ়াব লাগে।

CR5_0172.JPG

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰীগৰাকীয়ে কয় যে যিহেতু জম্মু-কাশ্মীৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি স্পৰ্শকাতৰ , সেয়েহে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ বাবে ২০৯ কোটি টকা কেন্দ্ৰীয় শাসিত অঞ্চললৈ কেন্দ্ৰৰ অংশ হিচাপে আবণ্টন দিয়া হৈছে। এই ধনেৰে  সাহায্যৰ কাম আৰম্ভ কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে  কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (UTDMA) সময়মতে দিয়া সতৰ্কবাণীয়ে প্ৰাণনাশৰ ঘটনা নূন্যতম কৰাত সহায় কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), সেনা, কেন্দ্ৰীয় শাসিত অঞ্চল দুৰ্যোগ সঁহাৰি বাহিনী (ইউটিডিআৰএফ), অন্যান্য সঁহাৰি দল, সকলো সষ্টম হৈ আছিল আৰু হেলিকপ্টাৰসমূহো সাজু কৰি ৰখা হৈছিল।   তেওঁ কয় যে আমি সকলোকে সেনা আৰু এন ডি আৰ এফে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে   অৱগত কৰিছিলো।

শ্ৰী অমিত শ্বাহে কয় যে মানুহৰ ব্যক্তিগত সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে আৰু ক্ষতিগ্ৰস্ত ঘৰৰ বাবে এছডিআৰএফৰ অধীনত সাহায্যৰ মূল্যায়ন কৰা হৈছে তথা  অতি কম সময়ৰ ভিতৰতে সাহায্য  প্ৰদান কৰা হ’ব। তেওঁ লগতে কয় যে প্ৰাকৃতিক দুৰ্যোগত একাধিক পথ ক্ষতিগ্ৰস্ত হৈছে আৰু সেইবোৰৰ মেৰামতি তথা পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে। প্ৰায়বোৰ পথতে যান-বাহনৰ চলাচল আৰম্ভ হৈছে আৰু য’তেই প্ৰয়োজন হৈছে তালৈ   সাহায্যও আহিবলৈ আৰম্ভ কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলত ৮০ শতাংশতকৈ অধিক বিদ্যুৎ যোগানৰ ব্যৱস্থা  পুনৰ স্থাপন কৰা  হৈছে, মানুহে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ আৰম্ভ কৰিছে আৰু স্বাস্থ্য সুবিধাসমূহ সুচাৰুৰূপে চলি আছে। জটিল খণ্ডসমূহৰ আন্তঃগাঁথনি প্ৰভাৱান্বিত  হৈছে আৰু ইয়াৰ সাময়িক পুনৰুদ্ধাৰৰ কাম  যুদ্ধকালীনভাবে   চলি আছে। ক্ষয়-ক্ষতিৰ মূল্যায়ন কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কৰি আছে আৰু তাৰ ভিত্তিত সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হ’ব।

CR5_0199.JPG

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সকলো সংস্থাৰ প্ৰচেষ্টাৰ  শলাগ লৈ কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে অতি ক্ষিপ্ৰতাৰে আৰু দক্ষতাৰে  উদ্ধাৰ অভিযান সম্পন্ন কৰা বুলি কয়। সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৫০০০ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। এনডিআৰএফৰ ১৭টা দল আৰু ২৩টা সেনাৰ দল , ভাৰতীয় বায়ুসেনা, ইউটিডিআৰএফ, জম্মু-কাশ্মীৰ আৰক্ষী তথা  কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ জোৱান এতিয়াও সমগ্ৰ অভিযানত নিয়োজিত হৈ আছে আৰু মানুহক সহায় কৰি আছে। কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে সাহায্য শিবিৰত স্বাস্থ্য সুবিধা আৰু খাদ্যৰ ব্যৱস্থা কৰিছে আৰু অতি শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰবাসীক আশ্বাস দিয়ে যে এই সংকটৰ সময়ত ভাৰত চৰকাৰ তেওঁলোকৰ কাষত থিয় দিছে। তেওঁ পুনৰ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছে, পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণৰ সুবিধাৰ বাবে তৎকালীন সাহায্য, আৰ্থিক সাহায্য তথা কাৰিকৰী সহায় আগবঢ়াইছে। লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ  সুৰক্ষা তথা কল্যাণ  নিশ্চিতকৰা হৈছে।

 

 

RK/VV/RR/PR/PS/DM


(Release ID: 2162883) Visitor Counter : 2