তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
‘লাইভ ইভেণ্ট’ আৰু ‘কনচাৰ্ট ইকনমী’ প্ৰসংগত আলোচনা আৰম্ভ কৰিছে চৰকাৰে; ‘এম আই বি’-ৰ সচিবৰ সভাপতিত্বত নতুন দিল্লীত অনুষ্ঠিত হ’ল ‘যুটীয়া কৰ্মগোট’ (জে ডব্লিউ জি)ৰ প্ৰথমখন বৈঠক
ভাৰতৰ ‘লাইভ এণ্টাৰ্টেইনমেণ্ট’ খণ্ডক প্ৰসাৰিত কৰিবলৈ ‘জে ডব্লিউ জি’-য়ে চৰকাৰ আৰু উদ্যোগক একত্ৰিত কৰিছে, ২০৩০ চনৰ ভিতৰত ১৫–২০ নিযুত চাকৰি সৃষ্টি আৰু ‘শীৰ্ষ ৫ গ্ল’বেল ৰেংকিং’ লাভৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে
আন্তঃগাঁথনি সৃষ্টি, নিয়োগ, পৰ্যটন, আৰু সাংস্কৃতিক ‘ছফ্ট পাৱাৰ’ৰ চালক হিচাপে কনচাৰ্ট অৰ্থনীতিক ব্যৱহাৰ কৰিবলৈ ‘মিছন মোড’ত কাম কৰিব ‘জেডব্লিউজি’-য়ে : শ্ৰী সঞ্জয় জাজু
‘ইণ্ডিয়া চিনে হাব প্লেটফৰ্ম’ত বিকশিত কৰা হ'ব ‘লাইভ ইভেণ্ট’ উদ্যোগৰ বাবে ‘উত্সৰ্গিত অনলাইন ছিংগল উইণ্ড' ক্লিয়াৰেন্স মেকানিজম’
Posted On:
29 AUG 2025 4:15PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰীযুত সঞ্জয় জাজুৰ অধ্যক্ষতাত যোৱা ২৬ ছেপ্টেম্বৰত নতুন দিল্লীৰ ‘নেশ্যনেল মিডিয়া চেণ্টাৰ’-ত ‘লাইভ ইভেণ্টছ’ উদ্যোগৰ প্ৰসাৰ সম্পৰ্কীয় ‘যুটীয়া কৰ্মগোট’ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

শেহতীয়া ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ‘লাইভ এণ্টাৰ্টেইনমেণ্ট খণ্ড’ৰ বিশাল অনাবৃত সম্ভাৱনাৰ সন্দৰ্ভত আলোকপাত কৰি নিয়োগ, বিনিয়োগ, পৰ্যটন, আৰু ভাৰতৰ সাংস্কৃতিক আৰু বিশ্বজনীন প্ৰভাৱৰ মূল চালক হিচাপে ইয়াৰ ভূমিকাত গুৰুত্ব আৰোপ কৰেৰিছিল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ নিৰ্দেশনাত ২০২৫ চনৰ জুলাই মাহত গঠন হোৱা এই ‘জে ডব্লিউ জি’-য়ে ভাৰতৰ ‘কনচাৰ্ট ইকনমী’ গঢ় দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ, উদ্যোগ সংস্থা, ‘সংগীত অধিকাৰ সমিতি’, আৰু ডাঙৰ ডাঙৰ ‘ইভেণ্ট কোম্পানী’সমূহৰ প্ৰতিনিধিসকলক একত্ৰিত কৰে।
এই বৈঠকত তথ্য আৰু সম্প্ৰচাৰ, সংস্কৃতি, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ, বিত্ত, ‘উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ’ (ডিপিআইআইটি) আৰু ভাৰতৰ ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ‘জে ডব্লিউ জি’-ৰ প্ৰথমখন বৈঠকত মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ, তেলেংগানা, আৰু কৰ্ণাটকৰ ৰাজ্য চৰকাৰসমূহৰ বিষয়াসকলো উপস্থিত আছিল।
উদ্যোগ সংস্থা অৰ্থাৎ ‘ইইএমএ’, ‘ফিচিচিআই’, ‘চিআইআই’, ‘আইএলইএ’, আৰু ‘বুকমাইশ্ব’, ‘উইজক্ৰাফ্ট’, ‘ছাৰেগামা’, ‘ডিষ্ট্ৰিক্ট বাই জোমাটো’, ‘টাচউড এণ্টাৰটেইনমেণ্ট লিমিটেড’-কে ধৰি সকলো প্ৰধান অংশীদাৰে ‘জেডব্লিউজি’-ৰ বৈঠকত অংশগ্ৰহণ কৰে। ‘আই পি আৰ এছ’, ‘পি পি এল, আৰ এম পি এল’, আৰু ‘আই এম আই ট্ৰাষ্ট’কে ধৰি অধিকাৰ সমিতিৰ প্ৰতিনিধিসকলো বৈঠকত উপস্থিত থাকে।

মূল সিদ্ধান্তসমূহ
• একক উইণ্ড’ প্লেটফৰ্ম: কাম-কাজ কৰাত সহজতা সৃষ্টিৰ বাবে ‘ইণ্ডিয়া চিনে হাব পৰ্টেল’-ত ‘লাইভ ইভেণ্ট ক্লিয়াৰেন্স’ৰ ব্যৱস্থা উপলব্ধ কৰা।
• সংগীতৰ অনুজ্ঞা তথা আই পি অধিকাৰ: অধিকাৰ সমিতিসমূহ-ৰ সহযোগত ২০২৫ চনৰ অক্টোবৰৰ ভিতৰত কেন্দ্ৰীভূত ডিজিটেল সংগীত অনুজ্ঞাপত্ৰ পঞ্জীয়ন আৰম্ভ কৰা।
• আন্তঃগাঁথনি উন্নয়ন: ‘লাইভ ইভেণ্ট’-ৰ বাবে ষ্টেডিয়াম আৰু ৰাজহুৱা স্থানৰ বহুল ব্যৱহাৰৰ অনুমতি দিবলৈ আৰু ৰাজ্যসমূহত নতুন সেউজ ক্ষেত্ৰৰ স্থান উন্নয়নক প্ৰসাৰিত কৰিবলৈ এক আৰ্হি নীতি সৃষ্টি কৰা।
• দক্ষতা বিকাশ: ‘ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা কাঠামো’ (NSQF)ত ‘লাইভ এণ্টাৰ্টেইনমেণ্ট’ৰ দক্ষতা অন্তৰ্ভুক্ত কৰা।
• আৰ্থিক উদগণি: ‘লাইভ এণ্টাৰ্টেইনমেণ্ট খণ্ড’ৰ বাবে ‘জিএছটি’ ৰেহাই, মিশ্ৰিত বিত্তীয় আৰ্হি, ৰাজসাহায্য, আৰু ‘এমএছএমই’ স্বীকৃতিৰ বিবেচনা।
‘আই এণ্ড বি মন্ত্ৰালয়’ৰ সচিবে ২০৩০ চনৰ ভিতৰত ভাৰতক ‘লাইভ এণ্টাৰ্টেইনমেণ্ট’ৰ শীৰ্ষ ৫ খন গোলকীয় গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাত আলোকপাত কৰে, য’ত ১.৫–২ কোটি চাকৰিৰ সৃষ্টি, আন্তঃগাঁথনি সম্প্ৰসাৰণ, আৰু ভাৰতৰ বিশ্ব সাংস্কৃতিক প্ৰভাৱ শক্তিশালী কৰাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে ‘জে ডব্লিউ জি’-য়ে আন্তঃগাঁথনি সৃষ্টি, নিয়োগ, পৰ্যটন, আৰু সাংস্কৃতিক ‘ছফ্ট পাৱাৰ’-ৰ চালক হিচাপে ‘কনচাৰ্ট ইকনমী’ক ব্যৱহাৰ কৰিবলৈ ‘মিছন মোড’ত কাম কৰিব।
পৃষ্ঠভূমি
২০২৪ চনত ২০,৮৬১ কোটি টকা মূল্যৰ আৰু বছৰি ১৫% বৃদ্ধি পোৱা ভাৰতৰ লাইভ এণ্টাৰ্টেইনমেণ্ট-ৰ বজাৰখন হৈছে সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ডসমূহৰ ভিতৰত অন্যতম। সমগ্ৰ ‘টায়াৰ-১’ আৰু ‘টায়াৰ-২’ চহৰসমূহত বৃদ্ধি পোৱা চাহিদা, উত্থানশীল সংগীত পৰ্যটন, আৰু ‘প্ৰিমিয়াম’ দৰ্শকৰ অভিজ্ঞতাৰ মুহূৰ্তত এই খণ্ডটোৱে ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে।
ৱেভছ ২০২৫ শীৰ্ষ সন্মিলনত উপস্থাপন কৰা শ্বেতপত্ৰ “ভাৰতৰ লাইভ ইভেণ্টছ অৰ্থনীতি: এক কৌশলগত উথ্থানৰ আৱশ্যকতা”ত ভিত্তি কৰি উপ-গোটসমূহৰ অগ্ৰগতি অনুসৰণ আৰু একত্ৰিত নীতিগত পৰামৰ্শ দাখিল কৰিবলৈ ‘জে ডব্লিউ জি’-য়ে সময়ে সময়ে বৈঠকত মিলিত হ’ব। (https://mib.gov.in/sites/default/files/2025-06/india-s-live-events-economy-whitepaper-final-compressed_0.pdf )
***
Dharmendra Tewari/ Navin Sreejith/KB
(Release ID: 2162186)
Visitor Counter : 9