শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
নাৰী শক্তিৰ জড়িয়তে বিকশিত ভাৰত: মহিলাৰ নেতৃত্বত ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ কাহিনী
পিএলএফএছৰ তথ্য অনুসৰি ২০১৭-১৮ চনৰ পৰা ২০২৩-২৪ বৰ্ষৰ ভিতৰত মহিলাৰ নিয়োগৰ হাৰ প্ৰায় দুগুণ বৃদ্ধি পাইছে
মহিলা নিবনুৱাৰ হাৰ ২০১৭-১৮ চনত ৫.৬%ৰ পৰা ২০২৩-২৪ চনত ৩.২%লৈ হ্ৰাস পাইছে
ভাৰতৰ গ্ৰাম্য অঞ্চলত মহিলাৰ কৰ্মসংস্থাপনৰ হাৰ ৯৬% বৃদ্ধি, চহৰ অঞ্চলত ৪৩% বৃদ্ধি ঘটিছে
ইপিএফঅ’ৰ পে-ৰোলৰ তথ্যই প্ৰমাণ কৰে যে বিগত সাত বছৰত ১.৫৬ কোটি মহিলাই আনুষ্ঠানিকভাবে কৰ্মশক্তিত যোগদান কৰিছে
যোৱা দশকত লিংগভিত্তিক বাজেট ৪২৯%লৈ বৃদ্ধি; ৭০খন কেন্দ্ৰীয় আঁচনি আৰু ৪০০ৰো অধিক ৰাজ্যিক পৰ্যায়ৰ আঁচনিয়ে মহিলা উদ্যোগীকৰণক সহায় কৰিছে
ডিপিআইআইটি পঞ্জীয়নভুক্ত ষ্টাৰ্টআপত অন্ততঃ এগৰাকী মহিলা পৰিচালক আছে
Posted On:
25 AUG 2025 3:44PM by PIB Guwahati
২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ অন্যতম মূল স্তম্ভ হৈছে দেশত ৭০ শতাংশ মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণ নিশ্চিত কৰাটো। নাৰী সবলীকৰণ ৰাষ্ট্ৰীয় প্ৰগতিৰ এক মূল চালিকা শক্তি আৰু আজি ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক লক্ষ্যণীয় পৰিৱৰ্তনৰ সাক্ষী হৈছে। এতিয়া মহিলাসকল আৰু পৰম্পৰাগত চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকা নাই, তেওঁলোকে বাধা ভাঙি দেশৰ অৰ্থনৈতিক ভৱিষ্যত গঢ় দিয়াৰ দায়িত্ব বহন কৰিছে। গ্ৰাম্য উদ্যোগীৰ পৰা কৰ্পৰেট নেত্ৰীলৈকে মহিলাসকলে ভাৰতক বিকশিত ভাৰতৰ দিশে আগুৱাই নিছে।
কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণৰ এক উল্লেখযোগ্য উত্থান
ভাৰতত মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণৰ হাৰ উল্লেখযোগ্য হাৰত বৃদ্ধি পাইছে। পি এল এফ এছৰ তথ্য অনুসৰি ২০১৭-১৮ চনত মহিলাৰ নিয়োগ হাৰ (ডব্লিউ পি আৰ) ২২%ৰ পৰা ২০২৩-২৪ চনত ৪০.৩%লৈ বৃদ্ধি পাইছে, আনহাতে মহিলাৰ নিবনুৱাৰ হাৰ (ইউ আৰ) ২০১৭-১৮ চনত ৫.৬%ৰ পৰা ২০২৩-২৪ চনত ৩.২%লৈ হ্ৰাস পাইছে। এই কথাই মহিলাসকলৰ ক্ষেত্ৰত নিয়োগৰ সুযোগৰ ইতিবাচক বৃদ্ধিকেই প্ৰতিফলিত কৰিছে। ভাৰতৰ গ্ৰাম্য অঞ্চলত এই পৰিৱৰ্তন আৰু অধিক তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে, য’ত মহিলাৰ কৰ্মসংস্থাপন ৯৬% বৃদ্ধি পাইছে, আনহাতে চহৰ অঞ্চলত একে সময়ছোৱাত ৪৩% নিয়োগ বৃদ্ধি পাইছে।


প্ৰতিবেদন অনুসৰি ২০১৩ চনত মহিলা স্নাতকসকলৰ নিয়োগযোগ্যতাও ৪২%ৰ পৰা ২০২৪ চনত ৪৭.৫৩%লৈ বৃদ্ধি পাইছে।স্নাতকোত্তৰ শিক্ষা আৰু তাৰ ওপৰৰ শিক্ষা থকা মহিলাসকলৰ মাজত নিয়োগৰ হাৰ ২০১৭-১৮ চনত ৩৪.৫%ৰ পৰা ২০২৩-২৪ চনত ৪০%লৈ বৃদ্ধি পাইছে।
ইণ্ডিয়া স্কিলছ ৰিপ’ৰ্ট ২০২৫ অনুসৰি ২০২৪ চনত ৫১.২ শতাংশ থকাৰ তুলনাত ২০২৫ চনত প্ৰায় ৫৫ শতাংশ ভাৰতীয় মহিলা স্নাতক বিশ্বজুৰি নিয়োগযোগ্য হৈ উঠিব বুলি আশা কৰা হৈছে।
ইয়াৰ উপৰি ইপিএফঅ’ৰ পে-ৰোলৰ তথ্যই আনুষ্ঠানিক খণ্ডত মহিলাসকলৰ বৃদ্ধি পোৱা অংশগ্ৰহণক আৰু অধিক উজ্জ্বল কৰি তুলিছে। বিগত ৭ বছৰত ১.৫৬ কোটি মহিলাই আনুষ্ঠানিকভাবে কৰ্মশক্তিত যোগদান কৰিছে। ইফালে আগষ্ট মাহলৈকে ই-শ্ৰমত ১৬.৬৯ কোটিৰো অধিক মহিলা অসংগঠিত শ্ৰমিকৰ নাম পঞ্জীয়ন হৈছে, যাৰ ফলত তেওঁলোকক ভাৰত চৰকাৰৰ বিভিন্ন সমাজ কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদান কৰিব পৰা গৈছে।
ভাৰতে নাৰীৰ উন্নয়নৰ পৰা নাৰী নেতৃত্বাধীন উন্নয়নলৈ গতি কৰিছে
ভাৰত চৰকাৰৰ প্ৰচেষ্টাই মহিলা উদ্যোগীসকলৰ বৃদ্ধিত অৰিহণা যোগাইছে। ৰাষ্ট্ৰীয় পৰ্যায়ত ১৫টা মন্ত্ৰালয়ৰ ৭০খন কেন্দ্ৰীয় আঁচনি আৰু ৪০০ৰো অধিক ৰাজ্যিক পৰ্যায়ৰ আঁচনিয়ে মহিলা উদ্যোগীকৰণক সহায় কৰি আহিছে। পিএলএফএছৰ তথ্য অনুসৰি মহিলাৰ আত্মনিয়োগ ৩০% বৃদ্ধি পাইছে - ২০১৭-১৮ চনত ৫১.৯%ৰ পৰা ২০২৩-২৪ চনত ৬৭.৪%লৈ বৃদ্ধি পাইছে, যাৰ ফলত মহিলাসকল সঁচাকৈয়ে আত্মনিৰ্ভৰ হৈ পৰিছে।
যোৱা দশকত লিংগভিত্তিক বাজেট ৪২৯% বৃদ্ধি পাইছে, ২০১৩-১৪ বিত্তীয় বৰ্ষত ০.৮৫ লাখ কোটি টকাৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষত ৪.৪৯ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা মহিলাৰ উন্নয়নৰ পৰা মহিলা নেতৃত্বাধীন উন্নয়নলৈ লক্ষ্যণীয় পৰিৱৰ্তনৰ কথা প্ৰতিফলিত হৈছে। য’ত নিয়োগ, নিয়োগযোগ্যতা, উদ্যোগীকৰণ আৰু কল্যাণৰ বিষয়ত শক্তিশালীভাবে গুৰুত্ব দিয়া হৈছে।
ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে কাৰ্যসূচীয়ে এক সমৃদ্ধিশালী পৰিৱেশ তন্ত্ৰৰ সূচনা কৰিছে, প্ৰায় ৫০% ডিপিআইআইটি পঞ্জীয়নভুক্ত ষ্টাৰ্টআপত কমেও এগৰাকী মহিলা পৰিচালক আছে । অৰ্থাৎ ১.৫৪ লাখতকৈ অধিক লোকৰ ভিতৰত ৭৪,৪১০ গৰাকী মহিলা । আজি প্ৰায় দুই কোটি মহিলা লাখপতি দিদিত পৰিণত হৈছে। নমো ড্ৰোন দিদি আৰু দীনদয়াল অন্ত্যোদয় যোজনা – এন আৰ এল এমৰ দৰে ফ্লেগশ্বিপ প্ৰগ্ৰেমসমূহেও এই ৰূপান্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এইবোৰে মহিলাসকলক বহনক্ষম অগ্ৰগতিৰ বাবে প্ৰয়োজনীয় সম্পদ আৰু সুযোগেৰে সজ্জিত কৰি তুলিছে।
মহিলাৰ আত্ম সংস্থাপন বৃদ্ধিৰ আন এটা গুৰুত্বপূৰ্ণ চালিকা শক্তি হৈছে পি এম মুদ্ৰা যোজনা, যিয়ে আৰ্থিক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। য’ত মহিলাসকলে মুঠ মুদ্ৰাৰ ঋণৰ ৬৮% লাভ কৰিছে - (১৪.৭২ লাখ কোটি টকাৰ ৩৫.৩৮ কোটিতকৈ অধিক ঋণ)। একেদৰে পি এম স্ব-নিধিৰ অধীনত ৰাজপথৰ বিক্ৰেতাসকলক শক্তিশালী কৰি তোলা হৈছে । এই আঁচনিৰ অধীনত থকা হিতাধিকাৰীসকলৰ মাজৰে প্ৰায় ৪৪% মহিলা। এই পদক্ষেপসমূহে সমগ্ৰ ভাৰতবৰ্ষৰ মহিলাসকলৰ অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত এক নতুন জাগৰণ আনিছে।
ইয়াৰ উপৰি মহিলা নেতৃত্বাধীন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহেও অৰ্থনৈতিক সম্প্ৰসাৰণৰ মূল চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। যিয়ে ২১ বিত্তীয় বৰ্ষৰ পৰা ২৩ বিত্তীয় বৰ্ষলৈকে মহিলাসকলৰ বাবে ৮৯ লাখতকৈ অধিক অতিৰিক্ত চাকৰিৰ সৃষ্টি কৰিছে। মহিলাৰ মালিকানাধীন প্ৰতিষ্ঠানসমূহৰ অংশ ২০১০-১১ চনত ১৭.৪%ৰ পৰা ২০২৩-২৪ চনত ২৬.২%লৈ বৃদ্ধি পাইছে, আৰু মহিলা নেতৃত্বাধীন এমএছএমইৰ সংখ্যাও প্ৰায় দুগুণ বৃদ্ধি পাইছে, ২০১০-১১ চনত ১ কোটিৰ পৰা ২০২৩-২৪ চনত ১.৯২ কোটিলৈ বৃদ্ধি পাইছে, যিয়ে ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত মহিলাৰ বৰ্ধিত ভূমিকাৰ কথাই উজ্জ্বল কৰি তুলিছে ।
নাৰী শক্তিয়ে ভাৰতক বিকশিত ভাৰতৰ দিশত আগুৱাই নিছে
মহিলাসকল এতিয়া কেৱল অংশগ্ৰহণকাৰী হৈ থকা নাই, বৰঞ্চ ভাৰতৰ অৰ্থনৈতিক বিকাশৰ মেৰুদণ্ড হিচাবে পৰিগণিত হৈছে। আজি মহিলাসকলে উন্নয়নৰ দিশত আগবাঢ়িছে আৰু মোদী চৰকাৰে শিক্ষা, দক্ষতা বিকাশ, উদ্যোগীকৰণ তথা সম কৰ্মশক্তিৰ সুযোগৰ জৰিয়তে নাৰী শক্তিক শক্তিশালী কৰি তুলিবলৈ এক সৰ্বাংগীন পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ ৰচনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।
*****
Rini Choudhury/Anjelina Alexander/DM
(Release ID: 2160781)