গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে দিল্লী বিধানসভাত স্বাধীনতা সংগ্ৰামী বিট্থলভাই পেটেলে চেণ্ট্ৰেল লেজিজলেটিভ এচেম্বলীৰ প্ৰথমগৰাকী নিৰ্বাচিত ভাৰতীয় সভাপতি হোৱাৰ ১০০ বছৰ পূৰ্তি উপলক্ষে আয়োজন কৰা দুদিনীয়া সৰ্বভাৰতীয় অধ্যক্ষ সন্মিলনৰ শুভাৰম্ভণি কৰে
ভাৰতীয় ধাৰণাৰ আধাৰত গণতান্ত্ৰিক পদ্ধতিৰে দেশ পৰিচালনাৰ ভেটি স্থাপন কৰিছিল বিট্থলভাই পেটেলে
বিট্থলভাই পেটেলে বহু পৰম্পৰা প্ৰতিষ্ঠা কৰিছিল, যিবোৰ আজিও অধ্যক্ষসকলৰ বাবে বিধানসভাৰ কাম আৰু কৰ্তব্য সম্পাদনৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক হৈ আছে
গণতন্ত্ৰত মানুহৰ সমস্যা সমাধানৰ বাবে ব্ৰেইনষ্ট্ৰমিঙ(বিচাৰ মন্থন)ৰ প্ৰয়োজন
সংসদ আৰু বিধানসভাত বিতৰ্ক সুস্থ আলোচনাৰ জৰিয়তে হ’ব লাগে, কিন্তু সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থৰ বাবে ইয়াত ব্যাঘাত জন্মালে সেয়া বিতৰ্ক বুলি ক’ব নোৱাৰি
সমগ্ৰ অধিৱেশনৰ বাবে প্ৰতিবাদৰ নামত সদনসমূহক কাম কৰিবলৈ নিদিয়াৰ যি পৰম্পৰা প্ৰতিষ্ঠা কৰা হৈছে, সেই পৰম্পৰাৰ বিষয়ে দেশবাসী আৰু নিৰ্বাচিত প্ৰতিনিধিসকলে চিন্তা-চৰ্চা কৰক
যেতিয়া সদনত আলোচনা স্থবিৰ হৈ পৰে, তেতিয়া দেশৰ উন্নয়নৰ ক্ষেত্ৰত বিধায়িনী সদস্যসকলৰ ভূমিকা বহু পৰিমাণে হ্ৰাস পায়
গণতন্ত্ৰ তেতিয়াহে জাতিষ্কাৰ হৈ উঠে যেতিয়া বিধায়িনী সদস্যসকলে বিচক্ষণতা, বিবেচনা আৰু আইন প্ৰণয়নৰ মৌলিক মন্ত্ৰ অনুসৰণ কৰে
তেতিয়াহে গণতন্ত্ৰই সৰ্বোচ্চ আৰু মৰ্যাদাপূৰ্ণ উচ্চতাত উপনীত হ’ব পাৰে যেতিয়া আমি দলীয় স্বাৰ্থৰ উৰ্ধলৈ গৈ জাতীয় স
Posted On:
24 AUG 2025 5:46PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি দিল্লী বিধানসভাত আয়োজন কৰা দুদিনীয়া সৰ্বভাৰতীয় অধ্যক্ষ সন্মিলনৰ শুভাৰম্ভ কৰে । স্বাধীনতা সংগ্ৰামী বিট্থলভাই পেটেলে চেণ্ট্ৰেল লেজিজলেটিভ এচেম্বলীৰ প্ৰথমগৰাকী নিৰ্বাচিত ভাৰতীয় সভাপতি হোৱাৰ শতবৰ্ষ জয়ন্তী উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দিল্লী বিধানসভাৰ অধ্যক্ষ শ্ৰী বিজেন্দৰ গুপ্তা, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু, দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ শ্ৰী বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাৰ লগতে আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সন্মিলনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ লগতে বিধান পৰিষদৰ অধ্যক্ষ তথা উপাধ্যক্ষসকলে অংশগ্ৰহণ কৰিছে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দিল্লী বিধানসভা চৌহদত বিথ্থলভাই পেটেলৰ জীৱন আধাৰিত এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে।
সন্মিলনত ভাষণ আগবঢ়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ দিনটোৰ পৰাই দেশৰ বিধানসভাৰ ইতিহাসৰ আৰম্ভণি হৈছিল। তেওঁ এই বিষয়ত আলোকপাত কৰে যে আজিৰ দিনটোতে ভাৰতীয়ৰ নেতৃত্বত বিধানসভাৰ ইতিহাসৰ সূচনা কৰি মহান স্বাধীনতা সংগ্ৰামী বিট্থলভাই পেটেল চেণ্ট্ৰেল লেজিজলেটিভ এচেম্বলীৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ কয় যে এই সদনে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বহু বিশিষ্ট আৰু জ্যেষ্ঠ নেতাই পৰা বিধায়ক হিচাপে উল্লেখযোগ্য অৱদান আগবঢ়োৱা প্ৰত্যক্ষ কৰিছে। মহামনা মদন মোহন মালৱিয়া প্ৰায় ২০ বছৰ দৰি এই সদনৰ সদস্য হৈ আছিল। শ্ৰী শ্বাহে লগতে কয় যে মহাত্মা গান্ধীৰ পথ প্ৰদৰ্শক গোপাল কৃষ্ণ গোখলে, লালা লাজপত ৰায়, দেশবন্ধু চিত্তৰঞ্জন দাসৰ দৰে বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ শক্তিশালী ভাষণৰ জৰিয়তে জাতিটোৰ স্বাধীনতাৰ আকাংক্ষাক প্ৰতিফলিত কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে দিল্লী বিধানসভাৰ অধ্যক্ষক অনুৰোধ জনায় যে এই সদনত বিশিষ্ট ব্যক্তিসকলে আগবঢ়োৱা ভাষণসমূহ সংকলন কৰি দেশৰ সকলো বিধানসভাৰ পুথিভঁৰালত উপলব্ধ কৰক, যাতে বিধায়ক তথা আজিৰ যুৱক-যুৱতীসকলে বুজিব পাৰে যে দিল্লী বিধানসভাত স্বাধীনতাৰ মনোভাৱ কেনেদৰে প্ৰজ্বলিত হৈছিল। শ্ৰী শ্বাহে কয় যে দিল্লী বিধানসভাই বিথ্থলভাই পেটেলৰ জীৱনক লৈ এক উল্লেখযোগ্য প্ৰদৰ্শনীৰ আয়োজন কৰিছে। তেওঁ সকলো বিধান সভাতে একেধৰণৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি কেৱলবিট্থলভাইৰ জীৱন আৰু অৱদানৰ বিষয়েই নহয়, বিধায়ক, বিধায়িনী পৰিষদৰ সদস্য, আৰু দেশৰ যুৱক-যুৱতীসকলক স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ বিষয়েও তথ্য প্ৰদান কৰিবলৈ আহ্বান জনায়। তেওঁ এই বিধানসভাৰ পুথিভঁৰালসমূহ সমৃদ্ধ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিট্থলভাই পেটেলে ভাৰতৰ বিধানসভাৰ পৰম্পৰাৰ ভেটি স্থাপন কৰিছিল আৰু এনেদৰে আজিৰ গণতন্ত্ৰক শক্তিশালী কৰি তুলিছিল। তেওঁ কয় যে যদি কোনোবাই ভাৰতীয় মূল্যবোধৰ ভিত্তিত গণতান্ত্ৰিকভাৱে দেশ চলোৱাৰ কাঠামো প্ৰতিষ্ঠা কৰিছিল তেন্তে তেওঁ নিঃসন্দেহে বীৰ বিট্থলভাই পেটেল আছিল। তেওঁ অসংখ্য পৰম্পৰা স্থাপন কৰিছিল যিয়ে আমাক সকলোকে বিশেষকৈ বিধানসভাৰ কাম-কাজ আৰু অধ্যক্ষৰ দায়িত্ব পালনৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰি আহিছে। শ্ৰী শ্বাহে মন্তব্য কৰে যে বিট্থলভাই পেটেলে বহু পৰীক্ষাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ প্ৰতিটো পৰীক্ষাতে সফল হৈ আত্মপ্ৰকাশ কৰিছিল। তেওঁ বিধানসভাৰ অধ্যক্ষৰ মৰ্যাদা হ্ৰাস হ'বলৈ দিয়া নাছিল , সদনক দেশৰ কণ্ঠ ৰুদ্ধ কৰিবলৈও দিয়া নাছিল, ব্ৰিটিছৰ প্ৰচলিত মানসিকতাই বিধানসভাৰ কাৰ্যসূচীত আধিপত্য বিস্তাৰ কৰিবলৈ দিয়া নাছিল।

শ্ৰী অমিত শ্বাহে কয় যে বিট্থলভাই পেটেলৰ কাৰ্যকালতে কেন্দ্ৰ আৰু সকলো ৰাজ্যত বিধায়িনী বিভাগ আৰু বিধানসভা সচিবালয় স্থাপন কৰা হৈছিল। তেওঁ এই বিষয়ত আলোকপাত কৰে যে সেই সময়ত বিট্থলভাইৰ মন্তব্য তাৎপৰ্যপূৰ্ণ আছিল: কোনো বিধানসভাই নিৰ্বাচিত চৰকাৰৰ নিয়ন্ত্ৰণত কাম কৰিব নোৱাৰে। ইয়াৰ ভিতৰত অনুষ্ঠিত হোৱা বিতৰ্কৰ অৰ্থপূৰ্ণতা নিশ্চিত কৰিবলৈ বিধানসভা স্বাধীন হৈ থাকিব লাগিব। শ্ৰী শ্বাহে কয় যে বিট্থলভাই পেটেলে স্বতন্ত্ৰ বিধায়িনী বিভাগ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেয়া আমাৰ সংবিধান সভায়ো মানি লৈছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিট্থলভাই পেটেল অধ্যক্ষ হোৱাৰ এশ বছৰীয়া জয়ন্তীৰ সময়তে আমাৰ সকলোৰে বাবে নিজ নিজ বিধানসভাত অধ্যক্ষ পদৰ মৰ্যাদা বৃদ্ধিৰ দিশত কাম কৰাটো এক উল্লেখযোগ্য সুযোগ হিচাবে পৰিগণিত হৈছে। তেওঁ লগতে আহবান জনায় যে আমি নিজ নিজ ৰাজ্যত জনসাধাৰণৰ কণ্ঠৰ বাবে এক নিৰপেক্ষ মঞ্চ স্থাপন কৰোঁ, শাসক আৰু বিৰোধী পক্ষৰ মাজত ন্যায্য বিতৰ্ক সুনিশ্চিত কৰোঁ, সদনৰ কাম-কাজ বিধানসভা, লোকসভা, ৰাজ্যসভাৰ নিয়ম অনুযায়ী যাতে পৰিচালিত হয় সেয়া নিশ্চিত কৰো। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে গণতন্ত্ৰত ৰাজহুৱা সমস্যা সমাধানৰ বাবে ব্ৰেইনষ্টম সৰ্বোত্তম মাধ্যম। যেতিয়াই বিধানসভাসমূহে নিজৰ মৰ্যাদা হেৰুৱাইছে, তেতিয়াই আমি ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁ উল্লেখ কৰে যে বিধানসভাৰ মৰ্যাদা এনে হ’ব লাগে যাতে দেশৰ স্বাৰ্থত জনসাধাৰণৰ কণ্ঠ প্ৰকাশৰ মাধ্যম হিচাপে ই কাম কৰে।
শ্ৰী অমিত শ্বাহে কয় যে ভাৰতত অধ্যক্ষক প্ৰতিষ্ঠানৰ মৰ্যাদা প্ৰদান কৰা হয়। তেওঁ আলোকপাত কৰে যে সদনত আটাইতকৈ প্ৰত্যাহ্বানজনক ভূমিকা অধ্যক্ষৰ হয়, কিয়নো তেওঁলোক কোনো ৰাজনৈতিক দলৰ পৰা নিৰ্বাচিত হয় যদিও শপত গ্ৰহণ কৰাৰ লগে লগে নিৰপেক্ষ আম্পায়াৰৰ ভূমিকা গ্ৰহণ কৰিব লাগে। শ্ৰী শ্বাহে কয় যে আমাৰ সংবিধানৰ ৭৫ বছৰত সমগ্ৰ দেশৰ বিধানসভা আৰু লোকসভাৰ অধ্যক্ষসকলে সদনৰ মৰ্যাদা বৃদ্ধিৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। তেওঁ লগতে কয় যে নিৰপেক্ষতা আৰু ন্যায় হৈছে অধ্যক্ষৰ মৰ্যাদাৰ দুটা স্তম্ভ। এক প্ৰকাৰে অধ্যক্ষক সদনৰ অভিভাৱক আৰু সেৱক দুয়োটাই বুলি গণ্য কৰা হয়। তেওঁ লগতে কয় যে প্ৰায় ৮০ বছৰত আমি গণতন্ত্ৰৰ ভেটি গভীৰৰ পৰা অতি গভীৰ কৰি তুলিছো, গণতন্ত্ৰ যে ভাৰতীয় জনসাধাৰণৰ সাৰমৰ্ম আৰু স্বভাৱত শিপাই আছে সেই কথা প্ৰমাণ কৰিছো। তেওঁ কয় যে বহু দেশ গণতন্ত্ৰ হিচাপে আৰম্ভ হ’লেও কেইটামান দশকৰ ভিতৰতে সেই দেশসমূহত গণতন্ত্ৰৰ ঠাই লৈছে বিভিন্ন ধৰণৰ শাসন ব্যৱস্থাই।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ পিছত ভাৰতে ক্ষমতাৰ কেইবাটাও পৰিৱৰ্তনৰ সাক্ষী হৈছে, এটোপালো ৰক্তপাত নোহোৱাকৈ শান্তিপূৰ্ণ পৰিৱৰ্তন ঘটিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল আমি আমাৰ বিধায়িনী প্ৰক্ৰিয়াটো নিখুঁতভাৱে সংৰক্ষণ কৰি ৰাখিছো। তেওঁ লগতে কয় যে আমি আমাৰ ব্যৱস্থাটোৰ সময়োপযোগীভাবে সংস্কাৰ সাধন কৰিছো।
শ্ৰী অমিত শ্বাহে কয় যে বিধানসভাত কৃষকৰ শস্যৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীসকলৰ সপোনলৈকে, নাৰী সবলীকৰণৰ পৰা আৰম্ভ কৰি সমাজৰ প্ৰতিটো প্ৰান্তীয় শ্ৰেণীৰ কল্যাণলৈকে, জাতীয় ঐক্য আৰু সততাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তালৈকে বিষয়সমূহকলৈ বিস্তৃত আলোচনা হয়। তেওঁ দৃঢ়তাৰে কয় যে বিধানসভাৰ কাৰ্য্যবিধিয়ে তিনিটা মূল দিশৰ ওপৰত গুৰুত্ব দিব লাগিব: প্ৰজ্ঞা, ধাৰণা আৰু আইন প্ৰণয়ন। প্ৰজ্ঞাই ধাৰণাৰ জন্ম দিয়ে আৰু ধাৰণাই আইন প্ৰণয়নৰ সূচনা কৰে, যিটো বিধানসভাৰ প্ৰধান কাম। তেওঁ লগতে কয় যে যিকোনো আইনৰ চূড়ান্ত উদ্দেশ্য জনকল্যাণ হ’ব লাগে। ইয়াৰ লক্ষ্য হৈছে ৰাষ্ট্ৰ আৰু জাতিৰ বাবে মসৃণ কাৰ্য্যকলাপ নিশ্চিত কৰা, যাৰ চূড়ান্ত লক্ষ্য হৈছে এক অন্তৰ্ভুক্ত আৰু ব্যাপক উন্নয়নৰ আৰ্হি গঢ়ি তোলা। শ্ৰী শ্বাহে কয় যে যেতিয়া অধ্যক্ষই প্ৰজ্ঞা, ধাৰণা, আৰু আইনক সম্পূৰ্ণৰূপে সন্মান কৰে, তেতিয়া বিধানসভাই দলীয় স্বাৰ্থৰ উৰ্ধলৈ গৈ ৰাজ্য আৰু দেশৰ স্বাৰ্থৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব পাৰে আৰু লোকসভাই জাতীয় স্বাৰ্থৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব পাৰে। তেওঁ কয় যে দলীয় স্বাৰ্থতকৈ জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াটোৱেই গণতন্ত্ৰৰ সৰ্বোচ্চ মৰ্যাদাপূৰ্ণ উচ্চতা লাভৰ একমাত্ৰ পথ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সংসদ আৰু বিধানসভাৰ কৰিড’ৰত যদি অৰ্থপূৰ্ণ বিতৰ্ক নহয়, তেন্তে সেইবোৰ কেৱল নিৰ্জীৱ অট্টালিকা হৈহে পৰিব। তেওঁ কয় যে এই অট্টালিকাসমূহত আবেগ আৰু ধাৰণা প্ৰকাশৰ দায়িত্ব অধ্যক্ষৰ নেতৃত্বত সদনৰ সকলো সদস্যৰ ওপৰত নিহিত হৈ আছে। তেতিয়াহে ই জাতি আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত কাম কৰা এক সজীৱ সত্তা হৈ পৰিব। শ্ৰী শ্বাহে লগতে কয় যে সংসদ আৰু বিধানসভাক ৰাজনৈতিক স্বাৰ্থৰ বাবে কাম কৰাত বাধা দিয়াটো কোনো বিতৰ্ক নহয়। প্ৰতিবাদ সংযম ৰক্ষা কৰি কৰিব লাগে বুলিও তেওঁ কয় । প্ৰতীকী প্ৰতিবাদৰ স্থান আছে, কিন্তু প্ৰতিবাদৰ অজুহাতত দিনক দিনে সমগ্ৰ অধিৱেশনত সদনত বাধা দিয়াৰ নতুন পৰম্পৰাৰ বিষয়ত জনসাধাৰণ আৰু নিৰ্বাচিত প্ৰতিনিধিৰ মাজত চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন। তেওঁ কয় যে যেতিয়া সদনত আলোচনা বন্ধ হৈ যায় তেতিয়া দেশ খনৰ উন্নয়নত ইয়াৰ অৱদান যথেষ্ট সীমিত হৈ পৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আমি নিশ্চিত কৰিব লাগিব যে প্ৰতিখন আইন জনসাধাৰণৰ আস্থাৰ পৰাই উৎপত্তি হয় আৰু সেই দিশত আগবাঢ়িও যায়। তেওঁ কয় যে সদন গণতন্ত্ৰৰ ইঞ্জিন আৰু যেতিয়া ইয়াত সুস্থ পৰম্পৰা স্থাপন কৰা হয়, ৰাষ্ট্ৰীয় নীতি প্ৰণয়ন কৰা হয় তথা দেশৰ স্বাৰ্থত আইন ৰচনা কৰা হয়, তেতিয়া দেশে সঠিক পথেৰে গতি কৰা দিশ স্বাভাৱিকতে স্পষ্ট হৈ পৰে।
RK/VV/PS/PR
(Release ID: 2160397)