প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ স্বমিত্ব হিতাধিকাৰীৰ সৈতে মত বিনিময়
পোষ্ট কৰা হৈছে:
18 JAN 2025 5:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে দেশৰ ১০ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ২৩০ খনৰো অধিক জিলাৰ ৫০,০০০ তকৈও অধিক গাঁওৰ সম্পত্তি-মালিকসকলৰ মাজত ৬৫ লাখতকৈও অধিক সম্পত্তিৰ কাৰ্ড বিতৰণ কৰে। অনুষ্ঠানত তেওঁ স্বমিত্ত আঁচনীৰ সৈতে সম্পৰ্কিত নিজৰ অভিজ্ঞতা জানিবলৈ পাঁচজন উপভোক্তাৰ সৈতে কথোপকথন কৰে।
মধ্যপ্ৰদেশৰ চেহৰীৰ স্বমিত্ব হিতাধিকাৰী শ্ৰী মনোহৰ মেৱাদাৰ সৈতে কথোপকথনত, প্ৰধানমন্ত্ৰীয়ে তেওঁক স্বমিত্ব আঁচনিৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ অনুৰোধ কৰে। প্ৰধানমন্ত্ৰীয়ে মনোহৰক সোধে যে সম্পত্তিৰ কাগজৰ আধাৰত লৈ থকা ঋণে কেনেকৈ সহায় কৰিলে আৰু ইয়াৰ ফলত তেওঁৰ জীৱনত কি পৰিবৰ্তন আহিল। শ্ৰী মনোহৰে কয় যে তেওঁ নিজৰ দুগ্ধ পালনৰ বাবে ১০ লাখ টকাৰ ঋণ লৈছিল আৰু ইয়াৰ দ্বাৰা ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ কয় যে তেওঁ, তেওঁৰ সন্তান আৰু পত্নী সকলোৱে দুগ্ধ পালনত কাম কৰে আৰু ইয়াৰ দ্বাৰা অতিৰিক্ত আয় হৈছে। লগতে উল্লেখ কৰে যে সম্পত্তিৰ কাগজ থকাৰ বাবে বেংকলৈ গৈ ঋণ লোৱাটো সহজ হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ চৰকাৰৰ আঁচনিবোৰে মানুহৰ জীৱন সহজ কৰি তুলিছে। তেওঁ কৈছিল যে স্বমিত্ব আঁচনিয়ে লাখ লাখ পৰিয়ালৰ আয় বৃদ্ধি কৰিছে। তেওঁ কয় যে চৰকাৰৰ অগ্ৰাধিকাৰ হ’ল প্ৰতিজন নাগৰিকে গৌৰৱৰ সৈতে শিৰ উচ্চ কৰি সহজভাৱে জীৱন যাপন কৰাটো নিশ্চিত কৰা। তেওঁ কয় যে স্বমিত্ব আঁচনি এই দৃষ্টিভংগীৰে প্ৰসাৰ।
প্ৰধানমন্ত্ৰীয়ে তাৰ পিছত ৰাজস্থানৰ শ্ৰীগঙ্গানগৰৰ স্বমিত্ব হিতাধিকাৰী শ্রীমতী ৰচনাৰ সৈতে কথোপকথন কৰে। প্ৰধানমন্ত্ৰীয়ে আঁচনিখনৰ অভিজ্ঞতা সোধাত, তেওঁ কয় যে তেওঁ ২০ বছৰ ধৰি এটা সৰু ঘৰত কোনো ধৰণৰ সম্পত্তিৰ নথিপত্ৰ নথকাকৈ বাস কৰিছিল। তেওঁ উল্লেখ কৰে যে তেওঁ স্বমিত্ব আঁচনিৰ জৰিয়তে ৭.৪৫ লাখ টকাৰ ঋণ লৈ দোকান আৰম্ভ কৰিছিল আৰু ইয়াৰ দ্বাৰা অতিৰিক্ত আয় হৈছে। তেওঁ কয় যে ২০ বছৰ ধৰি একে ঘৰতে বাস কৰিও সম্পত্তিৰ কাগজ পাব বুলি কেতিয়াও ভবা নাছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁ স্বমিত্ব আঁচনিৰ পৰা লাভ কৰা আন সুবিধাসমূহৰ কথা সোধাত, তেওঁ কয় যে তেওঁ স্বচ্ছ ভাৰত আঁচনিৰ হিতাধিকাৰী আৰু পিএম মুদ্ৰা আঁচনিৰ অধীনত ৮ লাখ টকাৰ ঋণ লৈছিল, লগতে আজীৱিকাৰ অধীনতো কাম কৰিছে আৰু পৰিয়ালে আয়ুস্মান আঁচনিৰ দ্বাৰা উপকৃত হৈছিল। তেওঁ আগ্ৰহ প্ৰকাশ কৰে যে তেওঁৰ জীয়ৰীক উচ্চশিক্ষাৰ বাবে অষ্ট্ৰেলিয়ালৈ পঠিয়াব। প্ৰধানমন্ত্ৰীয়ে তেওঁক শুভকামনা জনায় আৰু কন্যাৰ সপোন পূৰণ হোৱাৰ কামনা কৰে। তেওঁ প্ৰশংসা কৰে যে স্বমিত্ব আঁচনি কেৱল মৌলিক প্ৰয়োজন পূৰণতেই সীমাবদ্ধ নহয়, নাগৰিকসকলক আকাংক্ষা পূৰণতো সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো আঁচনিৰ সথিক সাফল্য হ’ল জনসাধাৰণৰ সৈতে সংযোগ স্থাপন আৰু তেওঁলোকক শক্তিশালী কৰা। তেওঁ শ্রীমতী ৰচনাক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু গাঁওবাসীক চৰকাৰৰ সুযোগৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে তাৰ পিছত মহাৰাষ্ট্ৰৰ নাগপুৰৰ স্বমিত্ব হিতাধিকাৰী শ্ৰী ৰোশন সম্ভা পাটিলৰ সৈতে কথোপকথন কৰে। তেওঁ ৰোশনক সোধে যে তেওঁ কাৰ্ড কিদৰে পালে, ইয়াৰ পৰা কেনে সহায় হ’ল আৰু কেনে লাভ পালে। ৰোশনে কয় যে তেওঁৰ গাঁৱত এটা ডাঙৰ পুৰণি ঘৰ আছিল আৰু সম্পত্তি কাৰ্ডৰ জৰিয়তে তেওঁ ৯ লাখ টকাৰ ঋণ লাভ কৰিলে। ইয়াৰ দ্বাৰা তেওঁ ঘৰ পুনঃনিৰ্মাণ কৰাৰ লগতে খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা উন্নত কৰিলে। তেওঁ কয় যে আয় আৰু উৎপাদনত বৃদ্ধি হৈছে আৰু স্বমিত্ব আঁচনিয়ে তেওঁৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে। প্ৰধানমন্ত্ৰীয়ে সোধাত ৰোশনে কয় যে আগতে ঋণ ল’বলৈ বহু কষ্ট হৈছিল আৰু বহু নথি লাগিছিল, কিন্তু স্বমিত্ব কাৰ্ড থকাৰ বাবে অতি সহজেই ঋণ ল’ব পৰা গৈছে। তেওঁ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰি কয় যে তেওঁ পাচলি আৰু তিনিপ্ৰকাৰৰ শস্য উৎপাদন কৰি যথেষ্ট লাভৱান হৈছে আৰু সহজে ঋণ পৰিশোধ কৰিব পাৰিছে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ আন আঁচনিৰ উপকাৰিতা সোধাত, ৰোশনে কয় যে তেওঁ উজ্বলা আঁচনি, পিএম সম্মান নিধি আৰু পিএম ফচল বীমা আঁচনিৰ জৰিয়তেও উপকৃত হৈছে। তেওঁ কয় যে তেওঁৰ গাঁওৰ বহু মানুহেই স্বমিত্ব আঁচনিৰ জৰিয়তে লাভ পাইছে আৰু সহজে ঋণ লৈ ব্যৱসায় আৰু খেতি আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বমিত্ব আঁচনিয়ে মানুহক বহুত সহায় কৰা দেখি তেওঁ আনন্দিত। তেওঁ কয় যে মানুহে ঘৰ নিৰ্মাণ আৰু ঋণৰ টকা খেতিত লগাইছে। তেওঁ কয় যে এটা ঘৰ থাকিলত গাঁওবাসীৰ জীৱনৰ মানদণ্ড উন্নত হৈছে আৰু এতিয়া মানুহে নিজৰ ব্যক্তিগত, সামাজিক আৰু ৰাষ্ট্ৰীয় সমৃদ্ধিত মনোনিবেশ কৰিব পাৰিছে।
প্ৰধানমন্ত্ৰীয়ে তাৰ পিছত ওড়িশাৰ ৰায়গড়ৰ স্বমিত্ব হিতাধিকাৰী শ্রীমতী গজেন্দ্ৰা সঙ্গীথাৰ সৈতে কথোপকথন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁক স্বমিত্ব আঁচনিৰ সৈতে জড়িত অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ কোৱাত তেওঁ কয় যে ৬০ বছৰ ধৰি কোনো নথিপত্ৰ নাথাকিলেও এতিয়া স্বমিত্ব কাৰ্ড পোৱাৰ ফলত আত্মবিশ্বাস বৃদ্ধি পালে আৰু আনন্দিত হৈছে। তেওঁ লগতে কয় যে তেওঁ ঋণ লৈ নিজৰ দৰ্জি কামৰ ব্যৱসায় প্ৰসাৰ কৰিব বিচাৰে আৰু প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাম আৰু ঘৰৰ প্ৰসাৰৰ শুভেচ্ছা জনাই কয় যে স্বমিত্ব আঁচনীয়ে প্ৰয়োজনীয় নথি প্ৰদান কৰি এক ডাঙৰ সমস্যাৰ সমাধান কৰিছে। তেওঁ উল্লেখ কৰে যে তেওঁ এটা আত্ম সহায়ক গোট (এছএইচজি)-ৰ সদস্যা আৰু চৰকাৰে মহিলাৰ এছএইচজিক সমৰ্থন কৰি আহিছে। তেওঁ কয় যে স্বমিত্ব আঁচনিয়ে সমগ্ৰ গাঁওসমূহক ৰূপান্তৰ কৰিব।
প্ৰধানমন্ত্ৰীয়ে তাৰ পিছত জম্মু-কাশ্মীৰৰ সম্ভাৰ স্বমিত্ব হিতাধিকাৰী শ্ৰী বৰিন্দৰ কুমাৰৰ সৈতে কথোপকথন কৰে। প্ৰধানমন্ত্ৰীয়ে আঁচনিৰ অভিজ্ঞতা সোধাত, তেওঁ কয় যে তেওঁ এজন কৃষক আৰু পৰিয়ালসহ সম্পত্তি কাৰ্ড পোৱাৰ ফলত অত্যন্ত আনন্দিত। তেওঁ কয় যে তেওঁলোক বহু প্ৰজন্ম ধৰি সেই ভূমিত বাস কৰি আহিছিল আৰু এতিয়া নথিপত্ৰ পোৱাত গৌৰৱান্বিত বোধ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ জনোৱা মতে, ১০০ বছৰৰো অধিক সময় গাঁৱত থাকিও তেওঁৰ গাঁৱৰ কাৰো হাতত কোনো নথি-পত্ৰ নাছিল। তেওঁ কয় যে সম্পত্তি কাৰ্ডে তেওঁৰ ভূমি-সংক্ৰান্ত বিবাদ সমাধান কৰিছে আৰু এতিয়া তেওঁ মাটি বন্ধকত ৰাখি বেংকৰ পৰা ঋণ ল’ব পাৰিছে যাৰ দ্বাৰা ঘৰ মেৰামতি আৰু আৰ্থিক স্থিতি মজবুত কৰিব পাৰিব। স্বমিত্ব আঁচনিৰ ফলত হোৱা ইতিবাচক পৰিৱৰ্তনৰ বিষয়ে সোধাত তেওঁ কয় যে গাঁওখনৰ সকলো মানুহে সম্পত্তি কাৰ্ড পোৱাত মালিকীস্বত্বৰ স্পষ্ট অধিকাৰ লাভ কৰিছে আৰু বহু বিবাদৰ সমাধান হৈছে। তেওঁ গাঁওবাসীৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে সকলোৰে সৈতে কথা পাতিবলৈ পাই আনন্দিত হোৱা বুলি মন্তব্য কৰে। তেওঁ সন্তোষ্টি প্ৰকাশ কৰি কয় যে মানুহে স্বমিত্ব কাৰ্ডক কেৱল নথিপত্ৰ হিচাপে নাৰাখি উন্নয়নৰ মাধ্যম হিচাপেও ব্য়ৱহাৰ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে স্বমিত্ব পদক্ষেপে তেওঁলোকৰ বিকাশৰ পথ প্ৰশস্ত কৰি তুলিছে।
https://www.youtube.com/watch?v=4DKSEvLTm7U
*****
MJPS/SR/MG
(ৰিলিজ আই ডি : 2159589)
অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Telugu
,
Kannada