প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৭ জানুৱাৰীত ইণ্ডিয়া মবিলিটি গ্ল’বেল এক্সপ’ ২০২৫ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
এই এক্সপ’ৰ লক্ষ্য হৈছে সমগ্ৰ মবিলিটি ভেলু চেইনক এটা আবেষ্টনিৰ মাজলৈ অনা
এক্সপ’ত একেলগে ৯টাতকৈও অধিক অনুষ্ঠান, ২০টাতকৈও অধিক সন্মিলন আৰু পেভিলিয়নৰ লগতে গতিশীলতা খণ্ডৰ নীতি আৰু পদক্ষেপসমূহ প্ৰদৰ্শন কৰা ৰাজ্যিক অধিবেশন অনুষ্ঠিত হ’ব
प्रविष्टि तिथि:
16 JAN 2025 4:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জানুৱাৰী, ২০২৫ তাৰিখে পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ইণ্ডিয়া মবিলিটি গ্ল’বেল এক্সপ’ ২০২৫ উদ্বোধন কৰিব। ই হ’ব ভাৰতৰ সৰ্ববৃহৎ মবিলিটি এক্সপ’।
১৭-২২ জানুৱাৰী, ২০২৫ৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপম আৰু যশোভূমী আৰু গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপ’ চেণ্টাৰ আৰু মাৰ্টত তিনিটা ভিন্ন স্থানত অনুষ্ঠিত হ’ব এই এক্সপ’। এক্সপ’ত একেলগে ৯টাতকৈও অধিক অনুষ্ঠান, ২০টাতকৈও অধিক সন্মিলন আৰু পেভিলিয়ন অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও এই এক্সপ’ত মবিলিটি খণ্ডৰ নীতি আৰু পদক্ষেপসমূহ প্ৰদৰ্শনৰ বাবে ৰাজ্যিক অধিবেশনও আয়োজন কৰা হ’ব, যাতে উদ্যোগ আৰু আঞ্চলিক পৰ্যায়ৰ মাজত সহযোগিতা সম্ভৱ হয়।
ইণ্ডিয়া মবিলিটি গ্ল’বেল এক্সপ’ ২০২৫ৰ লক্ষ্য হৈছে সমগ্ৰ মবিলিটি মূল্য শৃংখলটোক এটা ছাতিৰ অধীনলৈ অনা। এইবাৰৰ এক্সপ’ত বিশ্বব্যাপী তাৎপৰ্য্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰদৰ্শক আৰু দৰ্শকে অংশগ্ৰহণ কৰিব। ই এক উদ্যোগ নেতৃত্বাধীন আৰু চৰকাৰী সমৰ্থিত পদক্ষেপ আৰু ইয়াৰ সমন্বয় ভাৰতীয় অভিযান্ত্ৰিক ৰপ্তানি প্ৰসাৰ পৰিষদে বিভিন্ন উদ্যোগ সংস্থা আৰু অংশীদাৰ সংস্থাৰ যৌথ সহযোগত চলি আছে।
(रिलीज़ आईडी: 2159530)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam