প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰত সংযোগ বৃদ্ধিৰ বাবে দৃষ্টিভংগী আৰু ৪৬,০০০ কোটি টকাৰ মূল প্ৰকল্পৰ ৰূপৰেখা দাঙি ধৰে

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে চেনাব দলঙৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে

Posted On: 05 JUN 2025 7:04PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰত উন্নত সংযোগৰ বাবে এক দৃষ্টিভংগীৰ লগতে ৪৬,০০০ কোটি টকাৰ প্ৰকল্পৰ ৰূপৰেখা দাঙি ধৰিছে। যিটো অঞ্চলটোৰ সংযোগৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং আইকনিক চেনাব দলঙৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে।

শ্ৰী মোদীয়ে কয় যে চেনাব ৰে'ল দলঙে জম্মু আৰু শ্ৰীনগৰৰ মাজত সংযোগৰ উন্নতি সাধন কৰিব। উধমপুৰ-শ্ৰীনগৰ-বাৰামুললা ৰে'ল সংযোগ (USBRL) প্ৰকল্পই প্ৰত্যেকটো বতৰতে সংযোগ সুনিশ্চিত কৰিব আৰু শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা আৰু শ্ৰীনগৰৰ মাজত বন্দে ভাৰত ৰে’লৰ প্ৰৱৰ্তনে আধ্যাত্মিক পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব বুলিও তেওঁ অৱগত কৰে।

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ এক্স-থ্ৰেড পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"কাইলৈ ​​৬ জুন সঁচাকৈয়ে মোৰ জম্মু-কাশ্মীৰৰ ভগ্নী আৰু ভাতৃসকলৰ বাবে এক বিশেষ দিন। ৪৬,০০০ কোটি টকাৰ বৃহৎ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰা হৈছে যিয়ে জনসাধাৰণৰ জীৱনত বিপুল ইতিবাচক প্ৰভাৱ পেলাব।"

স্থাপত্যৰ এক অসাধাৰণ কৃতিত্ব হোৱাৰ উপৰিও চেনাব ৰেল দলঙে জম্মু আৰু শ্ৰীনগৰৰ মাজত সংযোগৰ ক্ষেত্ৰত উন্নতি সাধন কৰিব। প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ ওপৰত ভাৰতৰ প্ৰথমখন কেবল ষ্টেড ৰেল দলং হৈছে অঞ্জি দলং।

উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰেল লিংক (ইউএছবিআৰএল) প্ৰকল্পই সংযোগ নিশ্চিত কৰিব আৰু শ্ৰী মাতা বৈষ্ণো দেৱী কটৰাৰ পৰা শ্ৰীনগৰলৈ বন্দে ভাৰত ৰে’লে আধ্যাত্মিক পৰ্যটনক প্ৰসাৰিত কৰিব আৰু জীৱিকাৰ সুযোগ সৃষ্টি কৰিব।"

MJPS/ST


(Release ID: 2159332) Visitor Counter : 4