কেবিনেট
                
                
                
                
                
                    
                    
                        পুনে মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়: বানাজৰ পৰা চান্দনী চ’ক (কৰিডৰ ২এ) আৰু ৰামৱাড়ীৰ পৰা ৱাঘোলী/বিঠালৱাদী (কৰিডৰ ২বি), বৰ্তমানৰ পুনে মেট্ৰ’ প্ৰথম পৰ্যায় (বানাজ-ৰামৱাড়ী) সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন
                    
                    
                        
                    
                
                
                    Posted On:
                25 JUN 2025 3:08PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে পুনে মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়: বানাজৰ পৰা চান্দনী চ’ক (কৰিডৰ ২এ) আৰু ৰামৱাড়ীৰ পৰা ৱাঘোলি/বিঠালৱাদী (কৰিডৰ ২বি)লৈ, প্ৰথম পৰ্যায়ৰ অধীনত বৰ্তমানৰ বানাজ–ৰামৱাড়ী কৰিডৰৰ সম্প্ৰসাৰণত অনুমোদন জনাইছে। এই দুটা উচ্চ কৰিড’ৰ ১২.৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব আৰু ইয়াত ১৩টা ষ্টেচন থাকিব, যিয়ে দ্ৰুতগতিত উন্নয়নশীল উপকণ্ঠ অঞ্চল যেনে চান্দনী চক, বাভধান, কোথৰুড, খাৰাদি আৰু ৱাঘোলিক সংযোগ কৰিব। চাৰি বছৰৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। 
প্ৰকল্পটোৰ আনুমানিক ব্যয় ৩৬২৬.২৪ কোটি টকা। ভাৰত চৰকাৰ, মহাৰাষ্ট্ৰ চৰকাৰ আৰু বহিঃপক্ষীয়/বহুপক্ষীয় সংস্থাসমূহে সমানে এই ব্যয় বহন কৰিব। এই কৌশলগত প্ৰস্তাৱটো বৰ্তমানৰ কৰিডৰ-২ৰ এক যুক্তিসংগত সম্প্ৰসাৰণ আৰু ই বিস্তৃত গতিশীলতা পৰিকল্পনা (চিএমপি)ৰ সৈতে সাদৃশ্য আছে, যিয়ে পুনেত পূব-পশ্চিম গণ পৰিবহণ শক্তিশালী কৰিবলৈ চন্দনী চ’কৰ পৰা ৱাঘোলি মেট্ৰ’ কৰিডৰলৈ অবিৰতভাৱে গঢ়ি তোলাৰ কল্পনা কৰিছে। 
এই সম্প্ৰসাৰণসমূহে মূল আইটি হাব, বাণিজ্যিক অঞ্চল, শিক্ষানুষ্ঠান আৰু আৱাসিক পকেটসমূহক সেৱা আগবঢ়াব, যাৰ ফলত সমগ্ৰ নেটৱৰ্কত ৰাজহুৱা পৰিবহণ আৰু ৰাইডাৰশ্বিপৰ অংশ বৃদ্ধি পাব। নতুন কৰিডৰসমূহে জিলা আদালত আহ-যাহ ষ্টেচনত লাইন-১ (নিগদি–কতৰাজ) আৰু লাইন-৩ (হিঞ্জেৱাদী–জিলা আদালত)ৰ সৈতেও একত্ৰিত হ’ব যাতে নিৰৱচ্ছিন্ন বহুমুখী নগৰ ভ্ৰমণ সম্ভৱ হয়। 
দীৰ্ঘম্যাদী গতিশীলতা পৰিকল্পনাৰ অধীনত মুম্বাই আৰু বেংগালুৰুৰ দৰে চহৰৰ পৰা আন্তঃনগৰীয়া বাছ সেৱা চান্দনী চকত একত্ৰিত কৰা হ’ব, আনহাতে অহিল্য নগৰ আৰু ছত্ৰপতি সম্ভাজী নগৰৰ বাছ সেৱা ৱাঘোলিত সংযোগ হ’ব, যাৰ ফলত যাত্ৰীসকলে পুনেৰ মেট্ৰ’ ব্যৱস্থাত সহজে প্ৰৱেশ কৰিব পাৰিব। এই সম্প্ৰসাৰণসমূহে পৌড ৰোড আৰু নগৰ ৰোডৰ দৰে ধমনী পথসমূহকো যান-যঁটমুক্ত কৰাত সহায় কৰিব, যিয়ে নিৰাপদ, দ্ৰুত, আৰু পৰিৱেশ অনুকূল গতিশীলতাৰ বিকল্প প্ৰদান কৰিব।
এই কৰিডৰসমূহ সম্পূৰ্ণ হোৱাৰ পিছত সমগ্ৰ লাইন ২ৰ বাবে প্ৰকল্পিত বৰ্ধিত দৈনিক যাত্ৰীৰ সংখ্যা ২০২৭ চনত ০.৯৬ লাখ, ২০৩৭ চনত ২.০১ লাখ, ২০৪৭ চনত ২.৮৭ লাখ আৰু ২০৫৭ চনত ৩.৪৯ লাখ বুলি অনুমান কৰা হৈছে।এই প্ৰকল্পটো মহাৰাষ্ট্ৰ মেট্ৰ’ ৰেল কৰ্প’ৰেশ্যন লিমিটেডে (মহা-মেট্ৰ’) ৰূপায়ণ কৰিব, যিয়ে সকলো চিভিল, ইলেক্ট্ৰ'-মেকানিকেল আৰু আনুষংগিক কাম সম্পন্ন কৰে। ইতিমধ্যে নিৰ্মাণৰ পূৰ্বৰ কাম যেনে ভূ-প্ৰকৃতি জৰীপ আৰু বিশদ ডিজাইন পৰামৰ্শদাতা আৰম্ভ হৈছে।
এই কৌশলগত সম্প্ৰসাৰণে পুনেৰ অৰ্থনৈতিক সম্ভাৱনাক বাস্তৱ ৰূপ দিবলৈ সাজু হৈছে, ইয়াৰ নগৰীয়া পৰিবহণ আন্তঃগাঁথনি বৃদ্ধি কৰিবলৈ আৰু সমগ্ৰ মহানগৰ অঞ্চলটোৰ বহনক্ষম আৰু সমাৱেশী উন্নয়নত যথেষ্ট অৰিহণা যোগাবলৈ সাজু হৈছে।
*****
MJPS/BM/DB
                
                
                
                
                
                (Release ID: 2158998)
                Visitor Counter : 7
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Nepali 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam