প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কিউএছ ৱৰ্ল্ড ফিউচাৰ স্কিলছ ইণ্ডেক্সৰ পৰা পোৱা তথ্য সমৃদ্ধি আৰু যুৱ সবলীকৰণৰ দিশত আমাৰ যাত্ৰা আগুৱাই নিবলৈ গুৰুত্বপূৰ্ণ: প্ৰধানমন্ত্ৰী

Posted On: 16 JAN 2025 6:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিউএছ ৱৰ্ল্ড ফিউচাৰ স্কিলছ ইণ্ডেক্সত ডিজিটেল দক্ষতাৰ ক্ষেত্ৰত ভাৰতে দ্বিতীয় স্থান লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে। এই তালিকাত ভাৰতৰ পিছতে আছে কানাডা আৰু জাৰ্মানী। শ্ৰী মোদীয়ে কয়, “এইটো দেখি আনন্দিত হৈছোঁ! যোৱা দশকত, আমাৰ চৰকাৰে আমাৰ যুৱক-যুৱতীসকলক এনে দক্ষতাৰে সজ্জিত কৰি শক্তিশালী কৰাৰ কাম কৰি আহিছে, যাতে তেওঁলোক আত্মনিৰ্ভৰশীল হ’ব পাৰে আৰু ধন-সম্পত্তি অৰ্জন কৰিব পাৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে QS World Future Skills Index ৰ পৰা পোৱা তথ্য সমৃদ্ধি আৰু যুৱ সবলীকৰণৰ দিশত আমাৰ যাত্ৰাক আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ।”

কিউএছ কোৱাকোৱেৰেলি ছাইমণ্ডছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক শ্ৰী নুনজিঅ’ কোৱাকোৱেৰেলিৰ এটা পোষ্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি, প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে:

"এইটো দেখি আনন্দিত হৈছোঁ!

যোৱা দশকত আমাৰ চৰকাৰে যুৱক-যুৱতীসকলক দক্ষতাৰে সজ্জিত কৰি তেওঁলোকৰ সবলীকৰণৰ কাম কৰি আহিছে, যাতে তেওঁলোক আত্মনিৰ্ভৰশীল হ’ব পাৰে আৰু ধন-সম্পত্তি অৰ্জন কৰিব পাৰে। আমি ভাৰতক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰযুক্তিৰ শক্তিৰো সুযোগ লৈছোঁ।

কিউএছ ৱৰ্ল্ড ফিউচাৰ স্কিলছ ইণ্ডেক্সৰ পৰা পোৱা তথ্যসমূহ সমৃদ্ধি আৰু যুৱ সবলীকৰণৰ দিশত আমাৰ যাত্ৰাক আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ।”

**********

MJPS/VJ


(Release ID: 2158883) Visitor Counter : 3