প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দবা চেম্পিয়ন কোনেৰু হাম্পিয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 03 JAN 2025 8:42PM by PIB Guwahati

দবা চেম্পিয়ন কোনেৰু হাম্পিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে ভাৰতলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই অনাৰ বাবে কোনেৰু হাম্পিক প্ৰশংসা কৰি কয় যে তেওঁৰ তীক্ষ্ণ বুদ্ধিমত্তা আৰু দৃঢ়তা স্পষ্ট ৰূপত পৰিলক্ষিত হৈছে।

এক্সত কোনেৰু হাম্পিৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছে:

"কোনেৰু হাম্পি আৰু তেওঁৰ পৰিয়ালক লগ পাই আনন্দিত হৈছোঁ। তেওঁ এগৰাকী ক্ৰীড়া আইকন আৰু উচ্চাকাংক্ষী খেলুৱৈসকলৰ বাবে প্ৰেৰণাৰ উৎস। তেওঁৰ তীক্ষ্ণ বুদ্ধিমত্তা আৰু দৃঢ়তা স্পষ্টভাৱে দেখা গৈছে। তেওঁ ভাৰতলৈ কেৱল অপৰিসীম গৌৰৱ কঢ়িয়াই অনাই নহয়, উৎকৃষ্টতাক পুনৰ সংজ্ঞায়িত কৰিছে।”

**********

MJPS/SR


(रिलीज़ आईडी: 2158882) आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam