তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰতীয় ভাষাসমূহৰ স্কেলেবল এআই-চালিত বাস্তৱ সময়ৰ অনুবাদ বৃদ্ধিৰ বাবে ‘ভাষাসেতু’ প্ৰত্যাহ্বান
প্ৰথম অৱস্থাত সামৰি লোৱা হৈছে ১২টা ভাষা; সংস্কৃত, ডগৰিকে ধৰি আৰু ১০ টালৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা
চৰকাৰে বহুভাষিক ভাৰতৰ বাবে থলুৱা এআই/এমএল উদ্ভাৱনক প্ৰসাৰিত কৰিছে
प्रविष्टि तिथि:
20 AUG 2025 5:27PM by PIB Guwahati
‘ভাষাসেতু’ প্ৰত্যাহ্বানৰ উদ্দেশ্য হৈছে বিভিন্ন ভাৰতীয় ভাষাৰ বিষয়বস্তু অনুবাদৰ বাবে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰা। ইয়াৰ লক্ষ্য হৈছে ভাৰতীয় ভাষাৰ বাবে বাস্তৱ সময়ৰ অনুবাদ সমাধান বিকশিত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিঙৰ সহায় লোৱা ষ্টাৰ্টআপসমূহক প্ৰসাৰ কৰা।
এই প্ৰত্যাহ্বানৰ জৰিয়তে বিকশিত কৰিবলৈ প্ৰস্তাৱিত প্ৰযুক্তিটোত ১২টা ভাষা অন্তৰ্ভুক্ত হ’ব যেনে- অসমীয়া, বাংলা, গুজৰাটী, কানাড়া, মালয়ালম, মাৰাঠী, হিন্দী, উড়িয়া, পাঞ্জাবী, তেলেগু, তামিল আৰু উৰ্দু।
ইয়াক স্কেলেবল আৰু মডিউলাৰ হিচাপে বিকশিত কৰা হ’ব, য’ত অতিৰিক্ত ১০টা ভাষা-কাশ্মীৰী, কংকনী, মণিপুৰী, নেপালী, সংস্কৃত, সিন্ধী, বড়ো, সান্তলী, মৈথিলি আৰু ডগৰি একত্ৰিত কৰাৰ ক্ষমতা থাকিব।
এই তথ্য আজি লোকসভাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে দাখিল কৰে।
*****
Dharmendra Tewari/ Navin Sreejith/AA
(रिलीज़ आईडी: 2158723)
आगंतुक पटल : 29