প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰ জীৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
19 AUG 2025 11:54AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰ জীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ত্ৰিপুৰাত উন্নয়নমূলক পদক্ষেপত তেওঁৰ দৃষ্টান্তমূলক প্ৰচেষ্টাৰ বাবে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰ জীক প্ৰশংসা কৰা হয়। ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁৰ অনুৰাগ, দৰিদ্ৰ লোকসকলক সবলীকৰণৰ বাবে অংগীকাৰ আৰু সামাজিক উন্নয়নৰ প্ৰতি নিষ্ঠাই আমাক যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে, শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰ জীক তেওঁৰ জয়ন্তীত স্মৰণ। ত্ৰিপুৰাৰ উন্নতিৰ বাবে আদৰ্শনীয় প্ৰচেষ্টাৰ বাবে তেওঁ প্ৰশংসিত। জনসেৱাৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ, দৰিদ্ৰ লোকসকলক সবলীকৰণৰ প্ৰতি দায়বদ্ধতা আৰু সামাজিক উন্নয়ণৰ প্ৰতি থকা নিষ্ঠাই আমাক যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰ আৰু ত্ৰিপুৰা চৰকাৰে তেওঁৰ সপোনক বাস্তৱ ৰূপ দিবলৈ অহৰহ কাম কৰি আছে।
***
MJPS/ST/HS
(ৰিলিজ আই ডি : 2157840)
অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam