প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
থিৰু চি পি ৰাধাকৃষ্ণন জীক এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়নক আদৰণি প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
17 AUG 2025 8:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে থিৰু চি পি ৰাধাকৃষ্ণন জীক মনোনীত কৰাৰ সিদ্ধান্তক আদৰণি জনায়।
এক্সৰ এটা থ্ৰেড পোষ্টত তেওঁ লিখেঃ
থিৰু চি পি ৰাধাকৃষ্ণন জীয়ে বহু বছৰ ধৰি ৰাজহুৱা জীৱনত নিজৰ নিষ্ঠা, নম্ৰতা আৰু বুদ্ধিমত্তাৰে নিজকে বিশিষ্ট কৰি তুলিছে। তেওঁৰ বিভিন্ন পদবীৰ কাৰ্যকালত তেওঁ সদায় সমাজসেৱা আৰু প্ৰান্তীয় লোকসকলক সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।তামিলনাডুৰ তৃণমূল পৰ্যায়ত তেওঁ ব্যাপক কাম কৰি আহিছে।মই আনন্দিত যে এন ডি এ পৰিয়ালে তেওঁক আমাৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ সিদ্ধান্ত লৈছে।”
‘সূদীৰ্ঘ দিন সাংসদ আৰু বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাম কৰা থিৰু চিপি ৰাধাকৃষ্ণনজী যথেষ্ট অভিজ্ঞতাৰে সমৃদ্ধ। তেওঁৰ সংসদীয় কাম-কাজ সদায় তীক্ষ্ণ আছিল।ৰাজ্যপাল হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ সাধাৰণ নাগৰিকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত মনোনিৱেশ কৰিছিল।এই অভিজ্ঞতাসমূহে তেওঁৰ আইনী আৰু সাংবিধানিক বিষয়সমূহৰ বিস্তৃত জ্ঞান থকাটো নিশ্চিত কৰিছে।মই নিশ্চিত যে তেওঁ এজন প্ৰেৰণাদায়ক উপ-ৰাষ্ট্ৰপতি হ’ব।”
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2157372)
অতিথি কক্ষ : 27
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam