সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

পতাকা উত্তোলন আৰু ৭.৫০ কোটি চেলফি আপলোড কৰি ভাৰতে উদযাপন কৰিলে হৰ ঘৰ ত্ৰিৰংগা

লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত ত্ৰিৰংগাৰ শক্তিৰ কথা আলোকপাত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

১.৮ কোটিতকৈ অধিক স্বচ্ছ সুজল গাঁৱে হৰ ঘৰ ত্ৰিৰংগাৰ অধীনত গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি, খোৱাপানী আৰু অনাময় বিভাগ, জল শক্তি মন্ত্ৰালয় আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ মাজত হৰ ঘৰ স্বচ্ছতাৰ সহযোগিতাই নাগৰিক দায়বদ্ধতা, পৰিৱেশ পৰিচালনা আৰু জাতীয় গৌৰৱৰ মূল্যবোধক শক্তিশালী কৰি তুলিছে।

৯ লাখ স্বেচ্ছাসেৱকে স্বেচ্ছামূলক প্ৰচাৰ কাৰ্য্যসূচীৰ জৰিয়তে ত্ৰিৰংগাৰ প্ৰেৰণাক ৰাইজৰ মাজলৈ লৈ যায়

Posted On: 16 AUG 2025 10:15PM by PIB Guwahati

হৰ ঘৰ ত্ৰিৰংগা ২০২৫ হৈছে প্ৰতিগৰাকী  ভাৰতীয়ক ৰাষ্ট্ৰীয় পতাকা ঘৰলৈ আনি ত্ৰিৰংগাৰ সৈতে আমাৰ ব্যক্তিগত সংযোগ গভীৰ কৰিবলৈ উৎসাহিত কৰা  দেশজোৰা আন্দোলনৰ চতুৰ্থ সংস্কৰণ। ত্ৰিৰংগাৰ আত্মাই একেলগে বান্ধি ৰখা আমাৰ পৰিচয়, স্বাধীনতা আৰু ঐক্যৰ মহা উদযাপন। ২০২২ চনত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে আৰম্ভ হোৱা এই অভিযান ভাৰতৰ  বিভিন্ন  প্ৰান্তৰ লোকসকলৰ অংশগ্ৰহণ আৰু সমগ্ৰ বিশ্বৰ ভাৰতীয়সকলৰ অংশগ্ৰহণেৰে এক শক্তিশালী আন্দোলনলৈ পৰিণত হৈছে।  ভূমিৰ পৰা পানীলৈকে, আকাশলৈকে – ত্ৰিৰংগাই  নিজৰ যাদু বিয়পাই দিছে আৰু সকলোৰে দেশপ্ৰেমৰ মনোভাৱক স্পন্দিত কৰিছে। 

এইবাৰ ২ আগষ্টৰ পৰা আৰম্ভ হোৱা হৰ ঘৰ ত্ৰিৰংগাই  ১৫ আগষ্টলৈকে তিনিটা শক্তিশালী পৰ্যায়ত সজাগতা সৃষ্টি, গণ প্ৰচাৰ আৰু আমাক সকলোকে একেলগে বান্ধি ৰখা ৰাষ্ট্ৰীয় পতাকাৰ মনোভাৱক উদযাপন কৰা অংশগ্ৰহণমূলক কাৰ্যসূচীৰ জৰিয়তে নাগৰিকক জড়িত কৰিবলৈ সক্ষম হৈছে। এইবাৰৰ বিষয়বস্তুৰ ভিতৰত আছিল স্বেচ্ছামূলক কাৰ্য্য, নাগৰিক গৌৰৱ, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান আৰু আমাৰ সশস্ত্ৰ বাহিনী তথা  আৰক্ষী কৰ্মীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা।

 

ত্ৰিৰংগা স্বেচ্ছাসেৱক হৈছে এই বছৰ প্ৰৱৰ্তন কৰা এক নতুন উপাদান,  যাতে বয়স, প্ৰযুক্তিৰ সীমিত সুবিধা আদিৰ বাবে বাধাৰ সন্মুখীন হোৱা  লোকসকলৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰাটো সম্ভৱপৰ হয়।  যাতে তেওঁলোকে বিশ্বৰ সৰ্ববৃহৎ জনসাধাৰণৰ অংশগ্ৰহণৰ আন্দোলনৰ অংশ হ’ব পাৰে। হৰ ঘৰ ত্ৰিৰংগা ২০২৫ৰ সময়ত ৯ লাখৰো অধিক স্বেচ্ছাসেৱকে আগবাঢ়ি আহি সমগ্ৰ চহৰ আৰু গ্ৰামাঞ্চলত ত্ৰিৰংগা উৰুওৱাৰ লগতে  উদযাপনৰ মনোভাৱক দেশৰ আন আন লোকৰ মাজলৈ লৈ যায়।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত ত্ৰিৰংগাৰ  শক্তিক  উদযাপন কৰাৰ লগতে হৰ ঘৰ ত্ৰিৰংগা অভিযানত জনসাধাৰণৰ অসাধাৰণ অংশগ্ৰহণৰ বাবে  প্ৰশংসা কৰে। তেওঁ কয়, “আজি ১৪০ কোটি ভাৰতীয় ত্ৰিৰংগাৰ ৰঙেৰে সজ্জিত হৈছে।‘হৰ ঘৰ ত্ৰিৰংগা’ উৰি আছে, সেয়া মৰুভূমিৰ পৰাই হওক, হিমালয়ৰ শৃংগৰ পৰাই হওক, সাগৰৰ পাৰৰ পৰাই হওক বা ঘন জনবসতিপূৰ্ণ অঞ্চলৰ পৰাই হওক,  সকলোতে এটাই প্ৰতিধ্বনি, একেই  উল্লাস: আমাৰ মাতৃভূমিৰ প্ৰশংসা, যি আমাৰ বাবে জীৱনতকৈও প্ৰিয়।”

 

গৃহমন্ত্ৰী, শ্ৰী অমিত শ্বাহে  হৰ ঘৰ  ত্ৰিৰংগা

২০২৫ ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) ৰ সক্ৰিয়  অংশগ্ৰহণ আৰু  দেশক  সদায় প্ৰথম স্থানত ৰখাৰ প্ৰতিশ্ৰুতিৰ বাবে  প্ৰশংসা কৰে। সাংস্কৃতিক মন্ত্ৰালয়ে ১২ আগষ্টত দিল্লীত আয়োজন কৰা সংসদ সদস্যৰ সৈতে  হৰ ঘৰ  ত্ৰিৰংগা  বাইক ৰেলীতো চিএপিএফৰ বিভিন্ন ইউনিটৰ ২০০ৰো অধিক ৰাইডাৰে অংশগ্ৰহণ কৰে।

 

এইবাৰ হৰ ঘৰ  হৰ ঘৰ  ত্ৰিৰংগাই  সমগ্ৰ ভাৰত আৰু বিশ্বতে  হৰ ঘৰ  ত্ৰিৰংগাই  অনুপ্ৰাণিত কৰা শিল্প, কনচাৰ্ট, প্ৰদৰ্শনী, ৰংগলী,সমদল আৰু ৰেলী, কুইজ, দেশপ্ৰেমমূলক চলচ্চিত্ৰ প্ৰদৰ্শন আদিকে ধৰি একাধিক প্ৰেৰণাদায়ক অনুষ্ঠান তথা কাৰ্যসূচীৰ জৰিয়তে দেশপ্ৰেমমূলক  জোৱাৰ তোলে।

সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত দিল্লীৰ ভাৰত মণ্ডপমত শ্বানৰ সৈতে বিশেষ  হৰ ঘৰ  ত্ৰিৰংগা কনচাৰ্টে সকলোকে আকৰ্ষণ কৰে। সমগ্ৰ ভাৰতবৰ্ষৰ শিশুসকলে  হৰ ঘৰ  ত্ৰিৰংগাৰ  প্ৰেৰণাৰে অনুপ্ৰাণিত হৈ  চিঠি লিখি আৰু ইউনিফৰ্ম পৰিহিত কৰ্মীসকলক  হৰ ঘৰ  ত্ৰিৰংগা  ৰাখী বান্ধি আৰক্ষী কৰ্মী আৰু জোৱানসকলে আগবঢ়াই অহা  সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

 

সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা অংশগ্ৰহণ:

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, মন্ত্ৰালয় তথা  বিভাগ, উদ্যোগ সংস্থা আৰু খুচুৰা সংস্থা, কৰ্পৰেট আৰু ব্যক্তিগত নাগৰিক, এজন এজনকৈ   সকলোৱে আগবাঢ়ি আহিছে, হৰ ঘৰ  হৰ ঘৰ  ত্ৰিৰংগাৰ  আহ্বানক আঁকোৱালি লৈছে আৰু হৰ ডেস্কৰ দৰে অভিযোজিত পদক্ষেপচ চামিল হৈছে।   হৰ ঘৰ  ত্ৰিৰংগা  কনচাৰ্ট,  হৰ ঘৰ  ত্ৰিৰংগা

 মেলা,  হৰ ঘৰ  ত্ৰিৰংগা  যাত্ৰা আৰু ৰেলী আদিত   অংশগ্ৰহণৰ জৰিয়তে জনতাই এই  উদযাপনত নতুন  গতি তথা ৰং সংযোজন কৰিছে ।

 

আত্মসহায় গোটৰ যোগদানঃ

সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা কেইমাহমানৰ পৰা  হৰ ঘৰ  ত্ৰিৰংগা আৰু আনুষংগিক ব্যৱসায়িক সামগ্ৰী উৎপাদন কৰা সৰু-বৰ উৎপাদন গোটৰ

সমান্তৰালভাৱে সমগ্ৰ দেশতে ত্ৰিৰংগাৰ  ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে অতিৰিক্ত সময় কাম কৰি আহিছে, যাৰ ফলত তেওঁলোকে  আয় বৃদ্ধিৰ সুযোগ লাভ কৰিছে। বহুতে পতাকা চিলাইৰ পিছত ৰৈ যোৱা সামগ্ৰী পুনঃব্যৱহাৰ  কৰাৰ  সুযোগ  পাইছে।

 

হৰ ঘৰ ত্ৰিৰংগা, হৰ ঘৰ স্বচ্ছতা:

 

খোৱাপানী আৰু অনাময় বিভাগ, জল শক্তি মন্ত্ৰালয় আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত ৰূপায়িত  এই পদক্ষেপে নাগৰিক দায়বদ্ধতা, পৰিৱেশ পৰিচালনা, আৰু জাতীয় গৌৰৱৰ মূল্যবোধক শক্তিশালী কৰি তুলিছে। ২০১৪ চনত আৰম্ভ হোৱা স্বচ্ছ ভাৰত অভিযান (এছ বি এম)ৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতবৰ্ষত সাৰ্বজনীন অনাময়ৰ লক্ষ্য পূৰণ কৰা  আৰু স্বচ্ছতাৰ প্ৰসাৰ ঘটোৱা।  ১৫ আগষ্ট, ২০১৯ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন  ঘৰতে বিশুদ্ধ নলৰ পানী যোগান ধৰিবলৈ জল জীৱন মিছন: হৰ ঘৰ জল কাৰ্যসূচী আৰম্ভ কৰে। যিহেতু ভাৰতে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰিছে (দুয়োটা ফ্লেগশ্বিপ মিছনৰ বাৰ্ষিকী) স্বচ্ছতা আৰু দেশ গঠনৰ প্ৰতি আমাৰ সামূহিক দায়বদ্ধতাক শক্তিশালী কৰাৰ বাবে ই এক সুযোগ্য মুহূৰ্ত হিচাবে পৰিগণিত হৈছে। হৰ ঘৰ ত্ৰিৰংগা, হৰ ঘৰ স্বচ্ছতাৰ প্ৰচাৰৰ অংশ হিচাপে গ্ৰহণ কৰা ১.৮ কোটিৰো অধিক স্বচ্ছ সুজল গাঁও আজি প্ৰতিজ্ঞাবদ্ধ হৈছে।

 

ত্ৰিৰংগাৰ সৈতে চেলফি :

 

জনপ্ৰিয় হৈ পৰা  হৰ ঘৰ ত্ৰিৰংগা চেলফি অভিযানে  লক্ষণীয়  সঁহাৰিৰ সাক্ষী হৈছে।  ৭.৫০ কোটিৰো অধিক ত্ৰিৰংগা চেলফি ১৬ আগষ্ট ২০২৫ তাৰিখে সন্ধিয়া ৬ বজালৈকে আপলোড কৰা হয় । এনেদৰে ই কেৱল এক অভিযানতে সীমাবদ্ধ হৈ থকা নাই, জনসাধাৰণৰ বাবে এক সামাজিক-সাংস্কৃতিক উৎসৱতো পৰিণত হৈছে।

 

পৰ্যটন আৰু সাংস্কৃতিক দপ্তৰৰ  মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে হৰ ঘৰ ত্ৰিৰংগা আন্দোলনত আন্তৰিকতাৰে গ্ৰহণ কৰি  ত্ৰিৰংগাৰ  উত্তৰাধিকাৰক আগুৱাই নিয়াৰ বাবে ভাৰতবাসীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় – “মই অনুভৱ কৰা সুখ প্ৰকাশ কৰিবলৈ মোৰ শব্দ নাই। আমাৰ শক্তিৰ উমান দি ত্ৰিৰংগা  ৰেলী, সমদল , চিঠি লিখা  আৰু  ৰাখী বনোৱা আৰু এতিয়া ত্ৰিৰংগা চেলফি আপলোড কৰা সকলোতে দেখা গ’ল সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণে হৰ ঘৰ ত্ৰিৰংগাক  সঁচাকৈয়ে জনসাধাৰণৰ উৎসৱ কৰি তুলিলে”।

 

 

ত্ৰিৰংগা প্ৰদৰ্শনী

 

সাংস্কৃতিক মন্ত্ৰালয়ে পতাকাৰ বিৱৰ্তনৰ কথা, ত্ৰিৰংগাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সাহসী তথা মহান ব্যক্তিসকলৰ  কাহিনী আৰু হৰ ঘৰ ত্ৰিৰংগা  আন্দোলন উদযাপনৰ বিষয়ত এখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰে।

 

উপসংহাৰ

 

হৰ ঘৰ ত্ৰিৰংগা  আন্দোলনৰ জৰিয়তে  ত্ৰিৰংগাৰ উত্তৰাধিকাৰে নতুন গতি লাভ কৰিছে ৷ ই ১.৪ বিলিয়ন ভাৰতীয়ৰ হৃদয়ত ত্ৰিৰংগাৰ  সৈতে ব্যক্তিগত সংযোগৰ বীজ সিঁচিছে। হৰ ঘৰ ত্ৰিৰংগাই  আমাক আমাৰ ইতিহাসৰ কাষ চপাই নিছে, একে সময়তে সামূহিকভাৱে আমাৰ স্বাধীনতা সংগ্ৰামী আৰু বীৰসকলৰ অৱদান তথা ত্যাগক সন্মান  জনোৱাৰ অৱকাশ দিছে।

 

Sunil Kumar Tiwari


(Release ID: 2157321)