গৃহ মন্ত্ৰালয়
স্বাধীনতা দিৱস-২০২৫ উপলক্ষে আৰক্ষী, অগ্নিনিৰ্বাপক, গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষা আৰু অন্যান্য সেৱাৰ ১০৯০ কৰ্মীলৈ সাহসিকতা/সেৱা পদক
Posted On:
14 AUG 2025 9:10AM by PIB Guwahati
স্বাধীনতা দিৱস, ২০২৫ উপলক্ষে আৰক্ষী, অগ্নিনিৰ্বাপক, গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষা (এইচজি আৰু চিডি)আৰু অন্যান্য সেৱাৰ মুঠ ১০৯০ জন কৰ্মচাৰীলৈ সাহসিকতা আৰু সেৱা পদক আগবঢ়োৱা হৈছে।
সাহসিকতাৰ (জিএম)ৰ বাবে ২৩৩ গৰাকী কৰ্মচাৰীলৈ পদক আগবঢ়োৱা হৈছে, ৯৯গৰাকী কৰ্মচাৰীলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক (পিএছএম) আৰু ৭৫৮ গৰাকী কৰ্মচাৰীলৈ মেধাৱী সেৱা পদক (এম এছ এম) আগবঢ়োৱা হৈছে।
সবিশেষ তলত দিয়া ধৰণৰ –
সাহসিকতাৰ পদক
পদকৰ নাম
|
প্ৰদান কৰা পদকৰ সংখ্যা
|
|
সাহসিকতাৰ(জিএম)ৰ পদক
|
২৩৩*
|
|
আৰক্ষী সেৱা ২২৬, অগ্নিনিৰ্বাপক সেৱা ০৬ আৰু এইচ জি তথা চিডি-০১
সাহসিকতাৰ পদক (জি এম) সংশ্লিষ্ট বিষয়াৰ কৰ্তব্যৰ প্ৰতি দায়বদ্ধতাৰ লগতে জীৱনৰ প্ৰতি আহিব পৰা ভাবুকিকো নেওচি জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত, বা অপৰাধ প্ৰতিৰোধ কৰাত বা অপৰাধীক গ্ৰেপ্তাৰ কৰাত প্ৰদৰ্শন কৰা বিৰল সাহসিকতাৰ বাবে প্ৰদান কৰা হয়।
সাহসিকতাৰ পদক আগবঢ়োৱা ২৩৩ গৰাকীৰ ভিতৰত বাওঁপন্থী উগ্ৰপন্থী অধ্যুষিত এলেকাৰ ৫৪ নিৰাপত্তা কৰ্মী, জম্মু-কাশ্মীৰ অঞ্চলৰ ১৫২ নিৰাপত্তা কৰ্মী, উত্তৰ-পূৰ্বাঞ্চলৰ ০৩ নিৰাপত্তা কৰ্মী আৰু অন্যান্য ঠাইৰ ২৪ নিৰাপত্তা কৰ্মীক তেওঁলোকৰ বীৰত্বৰ বাবে আগবঢ়োৱা হৈছে।
সাহসিকতা (জিএম) ৰ পদক: - সাহসিকতা (জিএম)ৰ ২৩৩ পদকৰ ভিতৰত ক্ৰমে ২২৬ আৰক্ষী জোৱান, ০৬ অগ্নিনিৰ্বাপক সেৱা কৰ্মী আৰু এগৰাকী এইচজি তথা চিডি কৰ্মীক প্ৰদান কৰা হৈছে।
সেৱা পদক
বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএছএম) সেৱাৰ বিশেষ অভিলেখসমূহৰ বাবে প্ৰদান কৰা হয় আৰু কৰ্তব্য আৰু নিষ্ঠাৰে চিহ্নিত মূল্যৱান সেৱাৰ বাবে মেধাৱী সেৱা পদক (এমএছএম) প্ৰদান কৰা হয়।
৯৯ গৰাকীলৈ আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদকৰ ভিতৰত ৮৯গৰাকী আৰক্ষী সেৱাৰ, ০৫ গৰাকী অগ্মিনিৰ্বাপক সেৱাৰ, ০৩ গৰাকী অসামৰিক প্ৰতিৰক্ষা তথা গৃহৰক্ষী সেৱা আৰু অন্যান্য সেৱাৰ বাবে ০২গৰাকীক প্ৰদান কৰা হৈছে। মেধাৱী সেৱাৰ বাবে আগবঢ়োৱা ৭৫৮ পদকৰ ভিতৰত ৬৩৫ গৰাকী আৰক্ষী সেৱাৰ, ৫১ গৰাকী অগ্নিনিৰ্বাপক সেৱাৰ, ৪১গৰাকী অসামৰিক প্ৰতিৰক্ষা তথা গৃহৰক্ষী সেৱাৰ আৰু ৩১গৰাকী অন্যান্য সেৱাৰ।
সেৱা অনুসৰি পদকপ্ৰাপক সকল
পদকৰ নাম
|
আৰক্ষী সেৱা
|
অগ্নিনিৰ্বাপক সেৱা
|
অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱা
|
অন্যান্য সেৱা
|
মুঠ
|
বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পি এছ এম)
(মুঠ পদকপ্ৰাপক: ৯৯)
|
৮৯
|
০৫
|
০৩
|
০২
|
৯৯
|
মেধাৱী সেৱাৰ বাবে পদক (এম এছ এম)
(মুঠ পদকপ্ৰাপক: ৭৫৮)
|
৬৩৫
|
৫১
|
৪১
|
৩১
|
৭৫৮
|
|
|
|
|
|
|
ক্ৰমিক নম্বৰ
|
বিষয়
|
পদক বিজয়ীসকলৰ সংখ্যা
|
সংযোজন
|
|
১
|
সাহসিকতা (জিএম) ৰ পদক
|
২৩৩
|
তালিকা-১
|
|
২
|
ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক (পি এছ এম)
|
৯৯
|
তালিকা-২
|
|
৩
|
মেধাৱী সেৱা পদক (এম এছ এম)
|
৭৫৮
|
তালিকা-৩
|
|
৪
|
ৰাজ্য/নিৰাপত্তা বাহিনী অনুসৰি পদক প্ৰাপকৰ তালিকা
|
তালিকা অনুসৰি
|
তালিকা-৪
|
|
প্ৰাপকসকলৰ তালিকাৰ সবিশেষ তলত সংযোজন কৰা হৈছেঃ
Click here to view List-I
Click here to view List-II
Click here to view List-III
Click here to view List-IV
Details are available at www.mha.gov.in and https://awards.gov.in.
*****
RK/VV/RR/HS/PR/PS/HS
(Release ID: 2156293)
Read this release in:
English
,
Malayalam
,
Kannada
,
Bengali
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu