কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

বৈদেশিক হেঁচা সত্ত্বেও বাণিজ্য চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত লোৱাৰ বাবে সমগ্ৰ ভাৰতৰ কৃষকসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে

কৃষকসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ নেতৃত্বক অতুলনীয় বুলি অভিহিত কৰিছে

সকলো প্ৰধান কৃষক সংগঠনৰ নেতাই কয় যে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী, কৃষক-বন্ধুত্বপূৰ্ণ স্থিতিক আন্তৰিকতাৰে আদৰণি জনাইছে আৰু সম্পূৰ্ণ সমৰ্থন জনাইছে

Posted On: 12 AUG 2025 7:49PM by PIB Guwahati

দেশৰ বিভিন্ন প্ৰান্তৰ কৃষক সংগঠনৰ নেতা আৰু  কৃষকৰ এক বৃহৎ দলে  আজি নতুন দিল্লীৰ পুছা কেম্পাছৰ সুব্ৰহ্মন্যম হলত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি কেন্দ্ৰীয় চৰকাৰে কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে গ্ৰহণ কৰা  নিৰ্ণায়ক পদক্ষেপৰ প্ৰতি কৃতজ্ঞতা আৰু সমৰ্থন প্ৰকাশ কৰে। সভাত কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী শ্ৰী ভাগীৰথ চৌধুৰী, কৃষি সচিব  শ্ৰী দেৱেশ চতুৰ্বেদী, আই চি এ আৰৰ সঞ্চালক প্ৰধান ড° এম.এল. জাট  আৰু বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকে।

 

এই উপলক্ষে্য কৃষক সংগঠনৰ কেইবাজনো প্ৰতিনিধিয়ে প্ৰধানমন্ত্ৰীক তেওঁৰ  কৃষক অনুকূল  ঐতিহাসিক সিদ্ধান্তৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

 

ভাৰতীয় কিষাণ সংঘৰ প্ৰতিনিধি শ্ৰীযুত হৰপাল সিং ডাগৰ, শ্ৰী ধৰ্মেন্দ্ৰ মালিক, শ্ৰী ধৰ্মেন্দ্ৰ চৌধুৰী, শ্ৰী বীৰেন্দ্ৰ লোহান, শ্ৰী কিৰ্পা সিং নাথুৱালা, শ্ৰী কুলদীপ সিং বাজিদপুৰ, শ্ৰী বাবা ৰাজেন্দ্ৰ সিং মালিক, শ্ৰী তৰুনেশ শৰ্মা, শ্ৰী কে.পি. সিং থাইনুৱা, শ্ৰী আচাৰ্য ৰামগোপাল ৱালিয়া, শ্ৰী বিনোদ আনন্দ, শ্ৰী ৰাজকুমাৰ বাল্যান, শ্ৰী অশোক বাল্যান, শ্ৰী বিপিচন্দ্ৰ আৰ পেটেল, শ্ৰী ৰামপাল জাট, শ্ৰী কৃষ্ণবীৰ চৌধুৰী, শ্ৰী ভূপেন্দ্ৰ সিং মান আৰু শ্ৰী কে ছাই ৰেড্ডী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীক তেওঁৰ সাহসী পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

ভাৰতীয় কৃষক চৌধুৰী চৰণ সিং সংগঠনৰ ৰাষ্ট্ৰীয় সভাপতি ধৰ্মেন্দ্ৰ চৌধাৰীয়ে কয়, ‘মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক, পশুপালক আৰু মাছমৰীয়াৰ স্বাৰ্থত এক অদম্য বক্তব্য আগবঢ়াইছে।ভাৰতে কোনো মূল্যৰ বিনিময়ত তেওঁলোকৰ স্বাৰ্থৰ লগত আপোচ নকৰে।এই ঘোষণাই লাখ লাখ খাদ্য প্ৰদানকাৰীক সকাহ দিয়াই নহয়,  কৃষি আৰু গ্ৰাম্য ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ দিশটোও  শক্তিশালী কৰিছে। আমি এই দূৰদৰ্শী আৰু কৃষক-বন্ধুত্বপূৰ্ণ দৃষ্টিভংগীক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু সমৰ্থন কৰিছো, যিয়ে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব।”

 

ছত্তীশগড় যুৱ প্ৰগতিশীল কৃষক সন্থাৰ বীৰেন্দ্ৰ লোহানে কয় যে, ‘আমেৰিকাৰ কোম্পানীক আমাৰ কৃষি আৰু দুগ্ধ খণ্ডত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সাহসী সিদ্ধান্ত প্ৰতিখন পথাৰ, গাঁও আৰু গো-পালকৰ মাজত  প্ৰতিধ্বনিত হৈ আছে।আপুনি দেখুৱাইছে যে ভাৰতীয় কৃষকজন কেৱল খাদ্য প্ৰদানকাৰী নহয় , বৰঞ্চ এই দেশৰ আত্মা, যি আত্মা কোনো বিদেশী শক্তিয়ে কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰে।আপুনি আমাক আশ্বাস দিছে যে যেতিয়ালৈকে দিল্লীত বৰ্তমানৰ নেতৃত্ব আছে তেতিয়ালৈকে  কোনো শক্তিয়ে ভাৰতৰ কৃষকক দাসত্বৰ শিকলিৰে বান্ধিব নোৱাৰে।”

 

ধৰ্মেন্দ্ৰ মালিকে কয়, “আমি প্ৰধানমন্ত্ৰী আৰু কৃষি মন্ত্ৰীক ধন্যবাদ জনাইছো আৰু আপোনালোকক আহ্বান জনাইছো যে আপোনালোকৰ স্থিতিত দৃঢ়তাৰে থিয় হওক আৰু মুক্ত বাণিজ্যৰ ক্ষেত্ৰত আমাৰ নীতি সলনি নকৰিব।আমি সদায় আপোনালোকৰ কাষত থিয় দিম।”

 

কিৰ্পা সিং নাথুৱালাই কয় যে চুক্তিৰ বিষয়ত  আমেৰিকাৰ হেঁচাক লৈ আমি অতিশয় চিন্তিত আছিলো।এই চুক্তিখন যদি সম্পাদন  হৈ গ’লহেঁতেন তেন্তে কৃষকসকল বিধ্বস্ত হ’লহেঁতেন।কিন্তু প্ৰধানমন্ত্ৰী আৰু কৃষি মন্ত্ৰীয়ে কৃষকৰ স্বাৰ্থত কঠোৰ সিদ্ধান্ত লৈছিল।ইয়াৰ ফলত পঞ্জাৱ আৰু সমগ্ৰ দেশৰ কৃষকসকলৰ মন  গৌৰৱেৰে ভৰি পৰিছে।মই সকলো নাগৰিক, কৃষক, ব্যৱসায়ীক কওঁ—আমেৰিকাই যিয়েই কওক কিয়, সেই কথাই  আমাৰ কোনো ক্ষতি নকৰে। কৃষি মন্ত্ৰী ডাঙৰীয়া আপোনাক অভিনন্দন, দেশৰ  কৃষকসকল আপোনাৰ লগত আছে।”

পঞ্জাৱৰ  কুলদীপ সিং বাজিদপুৰে প্ৰধানমন্ত্ৰী আৰু কৃষি মন্ত্ৰীক প্ৰশংসা কৰি কয় যে চৰকাৰে কৃষকৰ কল্যাণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে, যিয়ে তেওঁলোকৰ জীৱন সলনি কৰি পেলাইছে। তেওঁ আশা প্ৰকাশ কৰে যে ইয়াৰ পিছতো আৰু অধিক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হ'ব , যাতে কৃষকসকলে আমেৰিকাৰ দৰে দেশৰ ফালে ঘূৰি চাব নালাগে।

 

ভাষণ প্ৰসংগত  কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে এই সমাৱেশে এখন ক্ষুদ্ৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছে। “মই আপোনাক প্ৰণাম জনাইছো—ইয়াত মোৰ কৃষক ভাইসকল—যিসকলে দিনে নিশাই কাম কৰি কেৱল ভাৰতেই নহয়, পৃথিৱীখনকো খুৱাইছে। শস্যই হৈছে জীৱন, শস্য হৈছে ঐশ্বৰিক। কৃষকসকল হৈছে জীৱনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ যোগানকাৰী আৰু দাতা দুয়োটাই।মোৰ বাবে কৃষকৰ সেৱা কৰাটোৱেই হৈছে ঈশ্বৰৰ পূজা, আৰু ইয়াতকৈ ডাঙৰ পূজা আন একো নাই।”

 

শ্ৰী চৌহানে লগতে  কয় যে চৰকাৰে অতি শীঘ্ৰে ভেজাল সাৰ আৰু ভেজাল ৰাসায়নিক পদাৰ্থ উৎপাদন কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ অৰ্থে নতুন আইন আনিব। তেওঁ কয় যে কৃষকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি অগ্ৰাধিকাৰ সাপেক্ষে আগবঢ়াই নিয়া হৈছে। মাত্ৰ কালি (১১ আগষ্ট) প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ অধীনত ৰাজস্থানৰ ঝুনঝুনুৰ পৰা কৃষকক বীমাৰ ধন ডিজিটেল পদ্ধতিৰে  আদায় দিয়া হৈছে ।

প্ৰধানমন্ত্ৰীৰ ‘ৰাষ্ট্ৰ প্ৰথম’ সংকল্পৰ বিষয়ত  আলোকপাত কৰি শ্ৰী চৌহানে কয় যে  পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সিন্ধু জল সন্ধি বাতিল কৰাটো এক ঐতিহাসিক সিদ্ধান্ত, যাৰ বাবে সমগ্ৰ দেশ  প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছে।

 

কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰীয়ে সদায় শক্তিশালী, সাহসী, ৰাষ্ট্ৰকেন্দ্ৰিক সিদ্ধান্ত গ্ৰহণ কৰি আহিছে, যাৰ বাবে দেশ তেওঁৰ ওচৰত চিৰদিনৰ বাবে ঋণী হৈ থাকিব।

RC/KSR/AR/DM


(Release ID: 2155911)