সাংস্কৃতিক মন্ত্ৰালয়
ত্ৰিৰংগা অভিযানৰ বাবে ৫ লাখৰো অধিক যুৱকে স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰিছেঃ শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত
আজাদী কা অমৃত মহোৎসৱৰ অধীনত ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ চতুৰ্থ সংস্কৰণৰ কথা ঘোষণা সাংস্কৃতিক মন্ত্ৰালয়ৰ
Posted On:
11 AUG 2025 6:46PM by PIB Guwahati
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আজাদী কা অমৃত মহোৎসৱৰ অধীনত আৰম্ভ কৰা হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ চতুৰ্থ সংস্কৰণৰ কথা সগৌৰৱেৰে ঘোষণা কৰিছে। সমগ্ৰ দেশৰ নাগৰিকসকলক ভাৰতীয় জাতীয় পতাকা — ত্ৰিৰংগাক নিজৰ ঘৰ আৰু হৃদয়ত উপবিষ্ট কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে।
কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয়, এইবাৰ আমি ত্ৰিৰংগা অভিযানৰ চতুৰ্থ সংস্কৰণ উদযাপন কৰিবলৈ ওলাইছো, যাৰ বাবে ৫ লাখৰো অধিক যুৱকে স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰিছে। এই যুৱকসকলে ত্ৰিৰংগা অভিযানৰ বাবে মানুহক অনুপ্ৰাণিত কৰিব।
আজি ইয়াত এখন সংবাদমেল সম্বোধন কৰি শ্ৰী শেখাৱতে কয়, হৰ ঘৰ ত্ৰিৰংগা এক অভিযানতকৈও অধিক — ই এক আবেগিক আন্দোলন, যিয়ে ১.৪ বিলিয়ন ভাৰতীয়ক আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ কালজয়ী ৰঙৰ তলত একত্ৰিত কৰে। ইয়াৰ লক্ষ্য হৈছে দেশপ্ৰেমৰ মনোভাব জাগ্ৰত কৰা , নাগৰিক হিচাবে গৌৰৱ কৰিব পৰাৰ পোষকতা কৰা আৰু আমাৰ গণতন্ত্ৰ তথা স্বাধীনতাৰ জীৱন্ত প্ৰতীক হিচাপে ত্ৰিৰংগাৰ তাৎপৰ্য্যৰ বিষয়ে সজাগতা সৃষ্টি কৰা।
এই উপলক্ষে্য সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব শ্ৰী বিবেক আগৰৱালাই পাৱাৰপইণ্ট উপস্থাপনৰ জড়িয়তে ত্ৰিৰংগা অভিযানৰ বিশদ আভাস দাঙি ধৰে। একেদৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী অভিজিৎ সিনহা আৰু জল শক্তি মন্ত্ৰালয়ৰ অৰ্থনৈতিক উপদেষ্টা শ্ৰী সমীৰ কুমাৰে নিজ নিজ মন্ত্ৰালয়ে আয়োজন কৰিবলগীয়া অনুষ্ঠানসমূহৰ সবিশেষ দাঙি ধৰে। অনুষ্ঠানত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ), সাংস্কৃতিক মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।
নাগৰিক আৰু ৰাষ্ট্ৰীয় পতাকাৰ মাজৰ সম্পৰ্কক আনুষ্ঠানিক তথা প্ৰতিষ্ঠানিক দিশৰ পৰা গভীৰভাবে শিপাই যোৱা ব্যক্তিগত বন্ধনলৈ ৰূপান্তৰিত কৰিবলৈ গ্ৰহণ কৰা হৰ ঘৰ ত্ৰিৰংগা অভিযানে ভাৰতৰ স্বাধীনতা উদযাপনৰ লগতে প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱ তথা সন্মানেৰে ত্ৰিৰংগা উত্তোলন কৰিবলৈ উৎসাহিত কৰে।
এই পদক্ষেপৰ গভীৰ প্ৰতীকী মূল্য আছে — ত্ৰিৰংগাক ঘৰলৈ অনাটো কেৱল ব্যক্তিগত সংযোগৰ প্ৰকাশেই নহয়, দেশ গঠনৰ প্ৰতি আমাৰ দায়বদ্ধতাকো ই অধিক সুদৃঢ় কৰি তোলে। ই আমাৰ স্বাধীনতাৰ বাবে কৰা ত্যাগৰ সোঁৱৰণী হিচাপে কাম কৰে আৰু ঐক্য, একতা তথা প্ৰগতিৰ মূল্যবোধক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি বহন কৰে।
এই অভিযানৰ বাবে সাংস্কৃতিক মন্ত্ৰালয় হৈছে ন’ডেল মন্ত্ৰালয় আৰু ই ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চল, শিক্ষানুষ্ঠান, সামাজিক সংগঠন আৰু সাধাৰণ জনতাৰ সৈতে ঘনিষ্ঠ সহযোগিতা বজাই ৰাখি এই অভিযানত ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ কাম কৰি আছে। নাগৰিকসকলক নিজৰ ঘৰ, কাৰ্যালয়, ৰাজহুৱা স্থানত ত্ৰিৰংগা উত্তোলন কৰিবলৈ উৎসাহিত কৰা হৈছে, আৰু #HarGharTiranga হেচটেগ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত ফটো তথা কাহিনীৰ জৰিয়তে তেওঁলোকৰ উদযাপনৰ বিষয়ে শ্বেয়াৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
যোৱা তিনি বছৰত উৎসাহী অংশগ্ৰহণেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযান এক জন আন্দোলনত পৰিণত হৈছে — স্বাধীনতা দিৱসক বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এক সজীৱ, দেশজোৰা উদযাপনলৈ ৰূপান্তৰিত কৰিছে। এই অভিযানৰ ২০২৫ চনৰ সংস্কৰণে আমাৰ জাতীয় মনোভাৱ তথা গৌৰৱক অধিক দৃঢ় কৰি পূৰ্বতকৈও অধিক উচ্চতাত উপনীত হোৱাৰ লক্ষ্য আগত ৰাখিছে।
For more details, please click here
****
Sunil Kumar Tiwari/DM
(Release ID: 2155884)