পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
চৰকাৰে সম্প্ৰসাৰিত উৎপাদন আৰু আন্তঃগাঁথনিৰ বিকাশৰ জড়িয়তে ইথানল মিশ্ৰণৰ ব্লেণ্ডিঙক ত্বৰান্বিত কৰিছে
Posted On:
11 AUG 2025 5:25PM by PIB Guwahati
২০২২ চনত সংশোধন কৰা জৈৱ ইন্ধনৰ বিষয়ক ৰাষ্ট্ৰীয় নীতি ২০১৮ত অন্যান্য বিষয়ৰ লগতে ২০৩০ চনৰ পৰা ইথানল যোগান বছৰ (ই এছ ৱাই) ২০২৫-২৬লৈ পেট্ৰ’লত ইথানলৰ ২০% মিশ্ৰণৰ লক্ষ্য পূৰণ কৰাৰ দিশত অগ্ৰগতি লাভ কৰা হৈছে।
চৰকাৰে ইথানল মিশ্ৰিত পেট্ৰ’ল (ইবিপি) কাৰ্যসূচীৰ অধীনত পেট্ৰ’লত ইথানলৰ মিশ্ৰণক প্ৰসাৰিত কৰি আহিছে, য’ত ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে (অ’এমচি) পেট্ৰ’লৰ সৈতে ইথানল মিহলি মিশ্ৰণ বিক্ৰী কৰে। চলি থকা ই এছ ৱাই ২০২৪–২৫ৰ সময়ছোৱাত অ’এমচিসমূহে ৩১.০৭.২০২৫ তাৰিখৰ গড় ইথানল মিশ্ৰণ ১৯.০৫% লাভ কৰিছে। ২০২৫ চনৰ জুলাই মাহত ১৯.৯৩% ইথানল মিশ্ৰণ সম্ভৱ হৈছে।
ইথানল যোগান বছৰ (ই এছ ৱাই) ২০২৫-২৬ৰ ভিতৰত ২০% ইথানল মিশ্ৰণৰ লক্ষ্যত উপনীত হ’বলৈ ইথানল উৎপাদনৰ বাবে ফিডষ্টকৰ উপলব্ধতা নিশ্চিত কৰিবলৈ চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, যিবোৰৰ লগতে অন্যান্য বিষয়সমূহৰ ভিতৰত আছে:
১. ২০২২ চনত সংশোধিত জৈৱ ইন্ধনৰ ৰাষ্ট্ৰীয় নীতি অনুসৰি ইথানল উৎপাদনৰ বাবে ফিডষ্টকৰ সম্প্ৰসাৰণ।
২. কৃষি আৰু কৃষক কল্যাণ বিভাগ (ডি এ এফ ডব্লিউ)ৰ দ্বাৰা ইথানলৰ বাবে প্ৰয়োজনীয় উদ্ভিদ মাকৈৰ উন্নয়ন আৰু শস্য ভিত্তিক মাকৈ হোৱা এলেকাত মাকৈৰ উৎপাদন বৃদ্ধিৰ বাবে আই চি এ আৰ-ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেইজ ৰিচাৰ্চ (আই আই এম আৰ)ৰ “ইথানল উদ্যোগত মাকৈ উৎপাদন বৃদ্ধি” শীৰ্ষক প্ৰকল্প গ্ৰহণ কৰিছে ।
৩. ইথানল উৎপাদনৰ বাবে ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ উদ্বৃত্ত ৫২ লাখ মেট্ৰিক টন (এলএমটি) চাউল আবণ্টনৰ বাবে চৰকাৰে অনুমোদন জনাইছে, ইএছৱাই ২০২৪-২৫ (২০২৪ চনৰ ১ নৱেম্বৰৰ পৰা ২০২৫ চনৰ ৩১ অক্টোবৰলৈকে) আৰু ইএছৱাই ২০২৫-২৬ৰ পৰা ৩০.০৬.২০২৬লৈকে ।
৪. ইথানল উৎপাদনৰ বাবে ৪০ লাখ মেট্ৰিক টন চেনিৰ ডাইভাৰচনৰ বাবে ই এছ ৱাই ২০২৪-২৫ৰ অনুমতি দিয়া হৈছে।
ইয়াৰ উপৰি দেশত ইথানল উৎপাদনৰ লগতে যোগান বৃদ্ধিৰ বাবে চৰকাৰে ইথানল মিশ্ৰিত পেট্ৰল (ইবিপি) কাৰ্যসূচীৰ অধীনত ইথানল ক্ৰয়ৰ বাবে নিয়ন্ত্ৰিত মূল্য ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, ইবিপি কাৰ্যসূচীৰ বাবে ইথানলৰ বাবে জিএছটিৰ হাৰ ৫%লৈ হ্ৰাস কৰিছে, ২০১৮-২২ চনৰ ভিতৰত গুড়ৰ লগতে শস্যৰ পৰা ইথানল উৎপাদনৰ বাবে বিভিন্ন ইথানল সুত সাহায্য আঁচনি (ইআইএছএছ) প্ৰৱৰ্তন কৰিছে, ইথানল উৎপাদনৰ বাবে বৰ্তমানৰ লালী গুড়ভিত্তিক ডিষ্টিলেৰীসমূহক বহু-ফিডষ্টক উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ বাবে সমবায় চেনি কলৰ অৰ্থে নিবেদিত ৰাজসাহায্য আঁচনি সন্দৰ্ভত চৰকাৰে ০৬.০৩.২০২৫ তাৰিখে অধিসূচনা কৰিছে, অ’এমচি আৰু নিবেদিত ইথানল উদ্যোগৰ মাজত দীৰ্ঘম্যাদী অফটেক চুক্তি (এলটিঅ’এ)কৰা হৈছে, “প্ৰধানমন্ত্ৰী জিআই-ভিএন (জৈৱ ইন্ধন - বাতাবৰণ অনুকূল ফচল অৱশেষ নিবাৰণ যোজনা ” গ্ৰহণ কৰিছে, লিগনোচেলুল’জিক বায়’মাছ আৰু অন্যান্য নবীকৰণযোগ্য ফিডষ্টক ব্যৱহাৰ কৰি দেশত উন্নত জৈৱ ইন্ধন প্ৰকল্প স্থাপনৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে, ইথানলৰ উপলব্ধতা বৃদ্ধিৰ বাবে ইথানলৰ পৰিবহণ আৰু ইথানলৰ উচ্চ মিশ্ৰণ পৰিচালনাৰ বাবে অন্যান্য সংশ্লিষ্ট আন্তঃগাঁথনিৰ লগতে ইথানলৰ সংৰক্ষণ ক্ষমতা বৃদ্ধি কৰা হৈছে।
এই তথ্য আজি ৰাজ্যসভাত লিখিত উত্তৰত প্ৰদান কৰে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সুৰেশ গোপীয়ে ।
MONIKA/DM
(Release ID: 2155315)