তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় সমল সৃষ্টি আৰু ঘৰতে সৃষ্ট গল্প কোৱা পৰম্পৰাক উদযাপন কৰিবলৈ প্ৰকাশন বিভাগে মুকলি কৰে ছোটা ভীম কমিক ছিৰিজ

কিতাপ, এনিমেচন, চলচ্চিত্ৰ, আৰু ডিজিটেল প্লেটফৰ্মৰ মাজেৰে ভাৰতীয় সমল সৃষ্টি শক্তিশালী কৰাৰ বাবে চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে এই পদক্ষেপৰ মিল আছে

Posted On: 08 AUG 2025 3:22PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত শেহতীয়া ছোটা ভীম কমিক ছিৰিজ উন্মোচন কৰি ভাৰতীয় সমল সৃষ্টিৰ প্ৰসাৰৰ লগতে সাংস্কৃতিকভাৱে শিপাই থকা আখ্যানসমূহ যুৱ পাঠকৰ মাজলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। উন্মোচনী অনুষ্ঠানত ভাৰতৰ অন্যতম চিনাকি শিশু চৰিত্ৰ ছোটা ভীমৰ সৃষ্টিশীল যাত্ৰা আৰু বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হয়।

এই উপলক্ষে ভাষণ দি প্ৰকাশন বিভাগৰ মুখ্য সঞ্চালক প্ৰধান শ্ৰী ভূপেন্দ্ৰ কৈন্থোলাই কয় যে আমি বিশেষকৈ আমাৰ ল’ৰা-ছোৱালীক কোৱা কাহিনীবোৰৰ ভাৰতীয় সংযোগ থকা উচিত। আমাৰ দৰে দেশত য’ত আমাৰ ককা-আইতাই ভাৰতীয় চৰিত্ৰৰ সৈতে বিচনাৰ কাষত কাহিনী কৈছিল, সেইখন দেশত প্ৰকাশন বিভাগে সেই গল্প কোৱা পৰম্পৰাবোৰলৈ চকু ফুৰাই নোচোৱাকৈ থাকিব নোৱাৰে। আমি যিমানেই মাতৃভাষাত সেইবোৰৰ বিষয়ে কওঁ সিমানেই আমাৰ নতুন প্ৰজন্মৰ মাজত কাহিনীবোৰ অধিক শিপাই থাকিব। যিদৰে ভাৰতীয় কাহিনীয়ে মূল্যবোধ আৰু সাহসৰ বাৰ্তা দি যায়, এইবোৰ সকলো দিশত উপনীত হোৱা উচিত।”

গ্ৰীণ গোল্ড এনিমেচন প্ৰাইভেট লিমিটেডৰ সহযোগত বিকশিত কৰা এই কমিক ছিৰিজে কাল্পনিক ধোলকপুৰ ৰাজ্যৰ এজন সাহসী আৰু সৌজন্যশীল ল’ৰা ভীমৰ দুঃসাহসিক অভিযানক অনুসৰণ কৰে। অসাধাৰণ শক্তিৰ বাবে পৰিচিত ভীমে ভাৰতীয় সংস্কৃতি আৰু লোককথাৰ পৰা অনুপ্ৰাণিত বন্ধুত্ব, সাহস, দলীয় কৰ্ম, নৈতিকৰ মূল্যবোধক সামৰি লৈছে।

গ্ৰীণ গোল্ড এনিমেচন প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ৰাজীৱ চিলাকাই কয়, “ভাৰত চৰকাৰে ৱেভছ ২০২৫ৰ দৰে পদক্ষেপৰ জৰিয়তে এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, আৰু কমিক্সত ভাৰতীয় কন্টেন্ট ক্ৰিয়েচনক সক্ৰিয়ভাৱে প্ৰচাৰ কৰি আহিছে।“

ছোটা ভীম কমিক ছিৰিজৰ মুক্তিয়ে শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হোৱা ৱেভছ শীৰ্ষ সন্মিলনৰ সময়ত গুৰুত্ব আৰোপ কৰা দৃষ্টিভংগীৰ প্ৰতিধ্বনিত কৰিছে, য’ত ঘৰুৱা দৰ্শকৰ মাজত অনুৰণন ঘটা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰা বিষয়বস্তুৰ জৰিয়তে ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি শক্তিশালী কৰাৰ আহ্বান জনোৱা হৈছিল। ছিৰিজটোৱে শিশু সাহিত্যক সমৃদ্ধ কৰাৰ লগতে কিতাপ, এনিমেচন, ছবি, আৰু ডিজিটেল প্লেটফৰ্মৰ মাজেৰে ভাৰতীয় আখ্যানক উৎসাহিত কৰাৰ বৃহত্তৰ ৰাষ্ট্ৰীয় লক্ষ্যত অৰিহণা যোগোৱাৰ বাবে সাজু হৈছে।

 

***

Dharmendra Tewari\Navin Sreejith/AA


(Release ID: 2154504)