গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিলাহী, পিয়াজ আৰু আলুৰ স্থিৰ মূল্য নিশ্চিত কৰিবলৈ কেন্দ্ৰই সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু হস্তক্ষেপ কৰিছে

বৰষুণৰ বাবে দিল্লীত বিলাহীৰ মূল্য সাময়িকভাৱে বৃদ্ধি পাইছে, কিন্তু সৰ্বভাৰতীয় গড় নিম্ন হৈ আছে

চৰকাৰী নিৰাপদ ভাণ্ডাৰৰ লগতে পিঁয়াজ আৰু আলুৰ অধিক উৎপাদনে ধাৰাবাহিকভাৱে দামৰ সুস্থিৰতা অব্যাহত ৰখাত সহায় কৰিছে

Posted On: 08 AUG 2025 2:36PM by PIB Guwahati

চলিত বৰ্ষত খাদ্য সামগ্ৰীৰ মূল্য বহুলাংশে স্থিৰ আৰু সু-সংহত হৈ আছে। আজিৰ হিচাপত ভাৰত চৰকাৰ উপভোক্তা পৰিক্ৰমা বিভাগ, উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ দ্বাৰা নিৰীক্ষণ কৰা বেছিভাগ সামগ্ৰীৰ মূল্য বছৰ হিচাপত স্থিৰ বা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। ২০২৫ চনৰ জুলাই মাহত ঘৰুৱা এসাঁজ খাদ্যৰ ব্যয় ১৪% হ্ৰাস পাইছে আৰু মাহটোত খাদ্য মুদ্ৰাস্ফীতিৰ নিৰন্তৰ হ্ৰাস প্ৰতিফলিত হৈছে।

দেশৰ বিভিন্ন ঠাইত বিলাহী খুচুৰা মূল্যৰ তাৰতম্য কোনো মৌলিক চাহিদা-যোগান অসমতাৰ বাবে বা উৎপাদন হ্ৰাসৰ বাবে হোৱা নাই, বৰং স্থানীয় কাৰকৰ বাবেহে সেই প্ৰভাৱ হৈছে।

এই পৰিস্থিতিত ২০২৫ চনৰ ৪ আগষ্টৰ পৰা আজাদপুৰ বজাৰৰ পৰা ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন অৱ ইণ্ডিয়া (এনচিচিএফ)য়ে বিলাহী ক্ৰয় কৰি কম দামৰ ব্যৱধানত গ্ৰাহকক বিক্ৰী কৰি আহিছে। যোৱা বছৰবোৰত এনচিচিএফে একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল।

এতিয়ালৈকে, এনচিচিএফে ক্ৰয়ৰ ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি ২৭, ৩০৭ কিলোগ্ৰাম বিলাহী ৪৭ টকাৰ পৰা ৬০ টকা দৰত খুচুৰা মূল্যত বিক্ৰী কৰিছে। নেহৰু স্থান, উদোগ ভৱন, পেটেল চক আৰু ৰাজীৱ চʼকৰ লগতে চহৰখনৰ বিভিন্ন স্থানত চলি থকা ৬-খন মোবাইল ভেনৰ জৰিয়তে খুচুৰা বিক্ৰী কৰা হৈছে।

দিল্লীত বিলাহীৰ বৰ্তমান গড় খুচুৰা মূল্য ৭৩ টকা প্ৰতি কিলোগ্ৰাম হৈছে প্ৰধানকৈ জুলাই মাহৰ শেষৰ সপ্তাহৰ পৰা উত্তৰ আৰু উত্তৰ-পশ্চিম অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলএই বতৰ সম্পৰ্কীয় ব্যাঘাতৰ ফলত জুলাই মাহৰ শেষত প্ৰতি কিলোগ্ৰামত ৮৫ টকা পৰ্যন্ত বৃদ্ধি হয়। অৱশ্যে, যোৱা সপ্তাহত আজাদপুৰ মণ্ডীলৈ দৈনিক আমদানি পুনৰুদ্ধাৰ আৰু সুস্থিৰ হোৱাৰ লগে বজাৰ মূল্য আৰু খুচুৰা মূল্য দুয়োটাই হ্ৰাস পাবলৈ ধৰিছে।

ইয়াৰ বিপৰীতে, শেহতীয়াকৈ অস্বাভাৱিক বতৰৰ পৰিস্থিতি অনুভৱ নকৰা চেন্নাই আৰু মুম্বাইৰ দৰে প্ৰধান চহৰসমূহ এনে মূল্য বৃদ্ধি হোৱা নাই। চেন্নাই আৰু মুম্বাইত বৰ্তমান বিলাহীৰ গড় খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ৫০ টকা আৰু ৫৮ টকা, এয়া দিল্লীৰ তুলনাত যথেষ্ট কম। বৰ্তমান, বিলাহীত সৰ্বভাৰতীয় গড় খুচুৰা মূল্য ৫২ টকা, যিটো যোৱা বছৰৰ প্ৰতি কিলোগ্ৰামত ৫৪ টকা আৰু ২০২৩ চনত প্ৰতি কিলোগ্ৰামত ১৩৬ টকাৰ তুলনাত কম।

আগৰ বছৰবোৰৰ তুলনাত আলু, পিয়াঁজ আৰু বিলাহীৰ দৰে প্ৰধান পাচলিৰ মূল্য এই মৌচুমীৰ বতৰত নিয়ন্ত্ৰণত আছে।

আলু আৰু পিয়াজৰ ক্ষেত্ৰত পূৰ্বৰ বছৰবোৰৰ তুলনাত ২০২৪-২৫ ত অধিক উৎপাদন হোৱাটোৱে পৰ্যাপ্ত যোগান আৰু যোৱা বছৰত যথেষ্ট কম খুচুৰা মূল্য নিশ্চিত কৰে। এই বছৰ চৰকাৰে মূল্য স্থিৰ ৰখাৰ বাবে লাখ টন পিঁয়াজ ক্ৰয় কৰিছে। চৰকাৰী ভাণ্ডাৰৰ পৰা হিচাপ আৰু লক্ষ্য অনুসৰি পিয়াজ বজাৰত উলিয়াই দিয়া প্ৰক্ৰিয়া ছেপ্টেম্বৰ, ২০২৫ চনৰ পৰা আৰম্ভ হোৱাৰ আশা কৰা হৈছে।

*****

Abhishek Dayal/Nihi Sharma/HS


(Release ID: 2154162)