ৰেচম মন্ত্ৰালয়
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে "ভাৰতীয় হস্ততাঁত খণ্ডত কাৰ্বন ফুটপ্ৰিণ্ট মূল্যায়ন" শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে
হস্ততাঁত উন্নয়ন আয়ুক্তৰ কাৰ্যালয়, বস্ত্ৰ মন্ত্ৰালয় আৰু বস্ত্ৰ আৰু আঁহ অভিযান্ত্ৰিক বিভাগ, আই আই টি, দিল্লীয়ে এই গ্ৰন্থখন যুটীয়াভাৱে প্ৰস্তুত কৰিছে
গ্ৰন্থখনত সমগ্ৰ ভাৰতত বাস্তৱ-জগতৰ ঘটনা অধ্যয়নৰ জৰিয়তে কাৰ্বন ফুটপ্ৰিণ্ট জুখিবলৈ আৰু পৰিবেশ-অনুকূল উৎপাদন বৃদ্ধি কৰাৰ সৰল পদক্ষেপসমূহ অন্তৰ্ভুক্ত কৰা হৈছে
"স্থায়িত্বৰ ক্ষেত্ৰত প্ৰকৃত অগ্ৰগতিৰ বাবে বস্ত্ৰ উৎপাদনৰ প্ৰতিটো পৰ্যায়ত কাৰ্বনৰ প্ৰভাৱ পৰিমাপ কৰাৰ প্ৰয়োজন। প্ৰতিটো পৰ্য্যায়ত তথ্যৰ পৰিমাণ নিৰ্ধাৰণ নকৰাকৈ, উন্নতিৰ বাবে ক্ষেত্ৰবোৰ নিৰ্ধাৰণ কৰা বা আমাৰ কাৰ্য্যৰ ফলপ্ৰসূতা নিৰ্ধাৰণ কৰাটো অসম্ভৱ"-শ্ৰী গিৰিৰাজ সিং
Posted On:
06 AUG 2025 1:32PM by PIB Guwahati
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে আজি আনুষ্ঠানিকভাৱে "ভাৰতীয় হস্ততাঁত খণ্ডত কাৰ্বন ফুটপ্ৰিণ্ট মূল্যায়নঃ পদ্ধতি আৰু কেছ অধ্যয়ন" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে, যিখন যুটীয়াভাৱে হস্ততাঁত উন্নয়ন আয়ুক্তৰ কাৰ্যালয়, বস্ত্ৰ মন্ত্ৰালয় আৰু বস্ত্ৰ তথা আঁহ অভিযান্ত্ৰিক বিভাগ, আই আই টি, দিল্লীৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। এই যুগান্তকাৰী দস্তাবেজে হস্ততাঁত উদ্যোগৰ কাৰ্বন পদচিহ্ন পৰিমাপ আৰু হ্ৰাস কৰাৰ বাবে স্পষ্ট, ব্যৱহাৰিক পদ্ধতি প্ৰদান কৰি পৰিৱেশ সচেতন হস্ততাঁত উৎপাদন আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতাক শক্তিশালী কৰে।ই এক গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক খণ্ড আৰু ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক।
হস্ততাঁত খণ্ড হৈছে ৩৫ লাখৰো অধিক লোকক জড়িত কৰা গ্ৰাম্য আৰু অৰ্ধ-গ্ৰাম্য জীৱিকাৰ এক অবিচ্ছেদ্য অংগ। এই খণ্ডত ২৫ লাখৰো অধিক মহিলা তাঁতী আৰু সহযোগী শ্ৰমিক জড়িত হৈ আছে যিয়ে ইয়াক মহিলাৰ অৰ্থনৈতিক সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ উৎস হিচাপে গঢ়ি তুলিছে। হস্ততাঁত বয়ন ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ অন্যতম সমৃদ্ধ আৰু জীৱন্ত দিশ। এই খণ্ডটোৰ কম মূলধন নিবিদা, শক্তিৰ ন্যূনতম ব্যৱহাৰ, পৰিৱেশ-অনুকূলতা, ক্ষুদ্ৰ উৎপাদনৰ নমনীয়তা, উদ্ভাৱনৰ প্ৰতি মুকলি মনোভাৱ আৰু বজাৰৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাৰ সুবিধা আছে। সৰু আকাৰৰ উৎপাদন আৰু ইয়াৰ সামৰ্থ্য, পৰিৱেশ-অনুকূল হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বজাৰত হস্ততাঁত সামগ্ৰীৰ উচ্চ চাহিদা আছে। এই গ্ৰন্থখনত জীৱন্ত আৰু জটিল ভাৰতীয় হস্ততাঁত তথা বহনক্ষম ফেশ্বন আৰু সচেতন ব্যৱহাৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
এই গ্ৰন্থখনত সমগ্ৰ ভাৰতৰে বাস্তৱ-জগতৰ কেছ অধ্যয়নৰ জৰিয়তে কাৰ্বন ফুটপ্ৰিণ্ট জুখিবলৈ সৰল পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে কপাহৰ বেডশ্বীট, ফ্লোৰ মেট, ইকাত শাৰী, বেনাৰসী শাৰী আৰু অন্যান্য প্ৰতিষ্ঠিত হস্ততাঁত সামগ্ৰী। ইয়াত কম খৰচী তথ্য সংগ্ৰহ আৰু নিৰ্গমন পৰিমাপ পদ্ধতিও অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ বিশেষভাৱে হস্ততাঁত খণ্ডৰ বাবে পৰিবেশ অনুকূল উৎপাদন বৃদ্ধিৰ কাৰণে ডিজাইন কৰা হৈছে।
এই প্ৰতিবেদন/গ্ৰন্থখন আই আই টি, দিল্লীৰ হস্ততাঁত তথা বস্ত্ৰ আৰু আঁহ অভিযান্ত্ৰিক বিভাগৰ উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ মাজত গৱেষণা সহযোগিতাৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। এই কাৰ্যত ভাৰতীয় হস্ততাঁত প্ৰযুক্তি প্ৰতিষ্ঠান, তাঁতী সেৱা কেন্দ্ৰ, তৃণমূল তাঁতী গোট, গ্ৰীণষ্টিচ প্ৰাইভেট লিমিটেড, আৰু মুখ্য চৰকাৰী সংস্থাৰ বিশেষজ্ঞসকলৰ সৈতে ব্যাপক পৰামৰ্শ আৰু ঘনিষ্ঠ সহযোগিতা জড়িত কৰা হৈছে। গ্ৰন্থখনে বৈশ্বিক জলবায়ু প্ৰতিবেদনৰ মানসমূহক ভাৰতৰ অনন্য কাৰ্য্যকৰী প্ৰসংগৰ সৈতে খাপ খোৱাৰ বাবে একত্ৰিত কৰে, যিয়ে খণ্ডটোক বহনক্ষম বিকাশ প্ৰাপ্ত কৰিবলৈ সবলীকৰণ কৰে।
মন্ত্ৰালয়ে সকলো অংশীদাৰ, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু জনসাধাৰণক এই যুগান্তকাৰী প্ৰতিবেদনৰ ফলাফলসমূহ অন্বেষণ আৰু প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে-এক সেউজীয়া, অধিক স্থিতিস্থাপক ভাৰতীয় বস্ত্ৰ উদ্যোগৰ দিশত যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।
***
MAM/SMP/MK
(Release ID: 2153128)