গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ই-ভিছা ব্যৱস্থা

Posted On: 05 AUG 2025 3:35PM by PIB Guwahati

ভাৰতত বিদেশী পৰ্যটক, পেছাদাৰী আৰু দক্ষ কৰ্মশক্তি, ব্যৱসায় কৰা ব্যক্তি, ছাত্ৰ-ছাত্ৰী আদিকে প্ৰমুখ্য কৰি বিদেশী লোকৰ বৈধ আগমনৰ সুবিধাৰ বাবে এক ব্যাপক ভিছা ব্যৱস্থা স্থাপন কৰা হৈছে। বৈধ বিদেশী ভ্ৰমণকাৰীসকলক সুবিধা প্ৰদানৰ লগতে একে সময়তে অভ্যন্তৰীণ সুৰক্ষা বৃদ্ধিৰ অৰ্থে প্ৰযুক্তিগত আন্তঃগাঁথনিৰ বিকাশ সাধনৰ লক্ষ্যৰে যোৱা কেইবছৰমানৰ পৰা চৰকাৰে ভিছা ব্যৱস্থাক উদাৰীকৰণ, সুশৃংখলিত আৰু সৰল কৰিবলৈ একাধিক পদক্ষেপ গ্ৰহণ কৰিছে।

ভাৰতীয় ভিছা ব্যৱস্থা বিশেষকৈ পৰ্যটন ভিছা ব্যৱস্থাক উদাৰীকৰণ আৰু সৰল কৰাৰ অৰ্থে গ্ৰহণ কৰা এটা উল্লেখযোগ্য পদক্ষেপ হৈছে ই-ভিছা সুবিধাৰ প্ৰৱৰ্তন। ৪৩ খন দেশৰ নাগৰিকৰ বাবে ২০১৪-ৰ নৱেম্বৰত প্ৰৱৰ্তন কৰা ইলেক্ট্ৰনিক ট্ৰেভেল অথৰাইজেচন (ETA)-ৰ জৰিয়তে এই সুবিধা বৰ্তমান ১৭২ খন দেশৰ নাগৰিকৰ বাবে ৩২ টা নিৰ্দিষ্ট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ০৬ টা প্ৰধান সাগৰীয় বন্দৰৰ জৰিয়তে প্ৰৱেশৰ ক্ষেত্ৰত উপলব্ধ। বৰ্তমান ই-ভিছা ১৩ টা উপ-শিতানৰ অধীনত উপলব্ধ যথাঃ ই-টুৰিষ্ট ভিছা, ই-বিজনেছ ভিছা, ই-মেডিকেল ভিছা, ই-মেডিকেল এটেণ্ডেন্ট ভিছা, ই-কনফাৰেন্স ভিছা, ই-আয়ুষ ভিছা, ই-আয়ুষ এটেণ্ডেন্ট ভিছা, ই-ষ্টুডেন্ট ভিছা, ই-ষ্টুডেন্ট এক্স ভিছা, ই-ট্ৰেন্সিট ভিছা, ই-মাউন্টেইনিং ভিছা, ই-ফিল্ম ভিছা আৰু ই-এন্টি (এক্স-১) ভিছা।

ই-ভিছাৰ প্ৰক্ৰিয়াকৰণ কাৰ্য্য সম্পূৰ্ণৰূপে অনলাইন প্লেটফৰ্মৰ জৰিয়তে সম্পন্ন হয়। এজন বিদেশী লোকে যিকোনো স্থানৰ পৰাই ই-ভিছাৰ বাবে আৱেদন কৰিব পাৰে। ই-ভিছা প্ৰৱৰ্তন কাৰ্য্যই বিদেশৰ লোকসকলক পৰ্যটন, ব্যৱসায় আৰু চিকিৎসা আদি বৈধ উদ্দেশ্যৰ বাবে ভাৰতত অনায়াসে প্ৰৱেশৰ সুবিধা প্ৰদানত সহায় কৰিছে।

২০১৯-ত ২৫ মাৰ্কিন ডলাৰৰ ভিছা মাচুলেৰে ৩০ দিনৰ বাবে ই-টুৰিষ্ট ভিছা আৰম্ভ কৰা হৈছিল। অফ-ছিজন (এপ্ৰিল - জুন) পৰ্যটকক উৎসাহিত কৰিবলৈ ২৫ মাৰ্কিন ডলাৰৰ ভিছা মাচুলক ১০ মাৰ্কিন ডলাৰলৈ হ্ৰাস কৰা হৈছিল।

যিকোনো নিৰ্দিষ্ট পৰ্যটক গোটৰ বাবে ভিছা মাচুল ৰেহাই বা বিশেষ ভিছাৰ শিতানকে প্ৰমুখ্য কৰি ই-ভিছা ব্যৱস্থাৰ উদাৰীকৰণ আৰু সৰলীকৰণ এক নিৰন্তৰ প্ৰক্ৰিয়া যি নিৰাপত্তা, ইনবাউণ্ড পৰ্যটন আৰু বিনিয়োগ, দ্বি-পাক্ষিক সম্পৰ্ক আদি বিষয়সমূহ বিবেচনাৰ পিছত সম্পন্ন কৰা হয়।

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।

***

RK/VV/RR/HS/PS/PR/SB


(Release ID: 2152548)