প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শিবু চোৰেনক শ্ৰদ্ধাঞ্জলি জনাবলৈ ছাৰ গংগা ৰাম হাস্পতালত উপস্থিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 04 AUG 2025 2:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ছাৰ গংগা ৰাম হাস্পতালত উপস্থিত হৈ শিবু চোৰেনক শ্ৰদ্ধাঞ্জলি জনায়।

এক্স-ৰ প’ষ্টত তেখেতে এইদৰে লিখিছেঃ

“ছাৰ গংগা ৰাম হাস্পতাললৈ গৈ শিবু চোৰেন ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাওঁ। লগতে তেওঁৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰোঁ। মই হেমন্ত ডাঙৰীয়া, কল্পনা ডাঙৰীয়াণী আৰু শিবু চোৰেন ডাঙৰীয়াৰ সমৰ্থকসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

@HemantSorenJMM @JMMKalpanaSoren”

“ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু চোৰেন ডাঙৰীয়ালৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। দুখৰ এই মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনাওঁ। তেওঁ ওৰেটো জীৱন জনজাতীয় সমাজৰ কল্যাণ সাধনৰ বাবে সমৰ্পিত কৰিছিল, ইয়াৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব।

@HemantSorenJMM  @JMMKalpanaSoren”

*********

MJPS/SR/SB
 


(रिलीज़ आईडी: 2152093) आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam