প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী মোদী আৰু ইউ এ ইৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদে সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে
Posted On:
31 JUL 2025 12:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইউ এ ইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।
দুয়োগৰাকী নেতাই ভাৰত আৰু ইউ এ ইৰ মাজত দ্বিপাক্ষিক সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে পাৰস্পৰিক প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন খণ্ডত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন কৰে আৰু দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে সহযোগিতাক অধিক বিকশিত আৰু গভীৰ কৰাত গুৰুত্ব আৰোপ কৰে।
মহামহিম শ্বেখ মহম্মদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক সময়ৰ বাবে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হোৱাৰ বাবে উষ্ম অভিনন্দন জ্ঞাপন কৰে আৰু ৰাষ্ট্ৰৰ সেৱাত তেওঁৰ অবিৰত সফলতা কামনা কৰি শুভেচ্ছা জনায়।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বিনীত শুভেচ্ছা আৰু ভাৰতবাসীৰ প্ৰতি প্ৰকাশ কৰা মৰমৰ বাবে মহামহিমগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
***
MJPS/SR/KD
(Release ID: 2150615)
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam