মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এনইপি, ২০২০-ৰ ৫ বছৰ পূৰ্তি উপলক্ষে কাইলৈ ভাৰত মণ্ডপমত অখিল ভাৰতীয় শিক্ষা সমাগম, ২০২৫ উদ্বোধন কৰিব

নতুন পদক্ষেপ, চৌহদ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

এনইপি-ৰ মূল ক্ষেত্ৰসমূহক লৈ আলোচনা কৰিবলগীয়া বিষয়ভিত্তিক অধিবেশন, শৈক্ষিক ৰূপান্তৰৰ পৰৱৰ্তী পৰ্য্যায়ৰ কাৰ্য্যসূচী নিৰ্ধাৰণ

শ্ৰেষ্ঠ পদ্ধতি সন্দৰ্ভত মাল্টিমিডিয়া প্ৰদৰ্শনীৰ আয়োজন

Posted On: 28 JUL 2025 4:49PM by PIB Guwahati

শিক্ষা মন্ত্ৰালয়ে ভাৰত মণ্ডপম চৌহদত এনইপি, ২০২০-ৰ ৫ বছৰ পূৰ্তিৰে সংগতি ৰাখি ২৯ জুলাই, ২০২৫-ত অখিল ভাৰতীয় শিক্ষা সমাগম, ২০২৫-ৰ আয়োজন কৰিছে। শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই দিনজোৰা আলোচনা কাৰ্য্যসূচীৰ উদ্বোধন কৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP), ২০২০-ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা অখিল ভাৰতীয় শিক্ষা সমাগম (ABSS), ২০২৫-এ শিক্ষাবিদ, নীতি নিৰ্ধাৰক, শিক্ষক সমাজ, উদ্যোগৰ নেতা আৰু চৰকাৰী প্ৰতিনিধিসকলৰ বাবে এনইপি, ২০২০-ৰ অধীনত সাধন হোৱা উল্লেখযোগ্য অগ্ৰগতিসমূহৰ পৰ্য্যালোচনাৰ লগতে আগন্তুক পথ-নিৰ্ধাৰণৰ বাবে এখনি মঞ্চ প্ৰশস্ত কৰিব। ইয়াত কৰিবলগীয়া আলোচনাত শিক্ষাক অধিক সুলভ, ব্যৱহাৰিক, দক্ষতামুখী আৰু নিয়োগৰ সুযোগৰাজিৰে নিৰৱচ্ছিন্নভাৱে সংযুক্তকৰণত গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত ছাত্ৰ-ছাত্ৰীসকল গতিশীল বিশ্ব অৰ্থনীতিৰ বাবে সজ্জিত হৈ উঠিব। ২০৩০-ৰ ভিতৰত ১০০% জিইআৰ, ভাৰতীয় ভাষাত উপনীত হ’বলৈ মাধ্যমিক শিক্ষাক পুনৰ-কল্পনা কৰা, শ্ৰেণীকোঠাত প্ৰযুক্তিৰ ব্যৱহাৰ, ভাৰতীয় জ্ঞান ব্যৱস্থা (IKS)-ক মূলসুঁতিলৈ অনা আৰু সকলোৰে বাবে শিক্ষণক সুলভ কৰি তোলাৰ অৰ্থে অন্তৰ্ভুক্তিৰ পোষকতা আদিত আলোচনাত বিশেষ গুৰুত্ব দিয়া হ’ব।

ৰূপায়ণৰ পৰা যোৱা পাঁচ বছৰত এনইপি, ২০২০-এ ভাৰতৰ শিক্ষা বাতাবৰণ, উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে। ৰূপান্তৰশীল নীতি প্ৰৱৰ্তন কাৰ্য্যই নমনীয়তা, অন্তৰ্ভুক্তি আৰু উদ্ভাৱনক ত্বৰান্বিত কৰিছে। ১৭০ খন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় ঋণ কাঠামো (NCrF)-ক অভিযোজনাৰ ফলশ্ৰুতিত শৈক্ষিক, দক্ষতা-ভিত্তিক আৰু অভিজ্ঞতা-ভিত্তিক শিক্ষণৰ মাজেৰে নিৰৱচ্ছিন্ন ক্ৰেডিট আহৰণ কাৰ্য্য প্ৰশস্ত হৈছে। একাডেমিক বেংক অৱ ক্ৰেডিটে (ABC) ২,৪৬৯ প্ৰতিষ্ঠানক সামৰি লৈ ৩২ কোটিৰো অধিক আইডি জাৰি কৰিছে, ইতিমধ্যে ২.৩৬ কোটি ইউনিক আপাৰ (APAAR) আইডি ক্ৰেডিট প্ৰদান কৰা হৈছে। ১৫৩ খন বিশ্ববিদ্যালয়ত একাধিক প্ৰৱেশ আৰু প্ৰস্থান বিকল্প প্ৰৱৰ্তনৰ সমান্তৰালকৈ ইউজিচি-ৰ অনুমোদিত দ্বি-বাৰ্ষিক নামভৰ্তি ব্যৱস্থাই ভাৰতক ২০৩৫-ৰ ভিতৰত ৫০% মুঠ নামভৰ্তি অনুপাত (GER)-ৰ লক্ষ্যৰ ওচৰ চপাই নিছে।

প্ৰযুক্তি-চালিত শিক্ষণ ব্যৱস্থাৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে, ১১৬ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানে ১,১৪৯ মুক্ত আৰু দূৰ শিক্ষা (ODL) কাৰ্য্যসূচী আগবঢ়াইছে, যিয়ে ১৯ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছে। লগতে ১০৭ খন প্ৰতিষ্ঠানে ৫৪৪ টা অনলাইন পাঠ্যক্ৰম আগবঢ়াইছে। স্বয়ম (SWAYAM) প্লেটফৰ্মে এতিয়া ৪০% পৰ্য্যন্ত ক্ৰেডিট ট্ৰেন্সফাৰৰ সুবিধা প্ৰশস্ত কৰিছে, ৩৮৮ খন বিশ্ববিদ্যালয়ে ইয়াৰ পাঠ্যক্ৰমসমূহক একত্ৰিত কৰিছে। সমৰ্থ (SAMARTH)-ৰ দৰে ডিজিটেল পদক্ষেপসমূহে ১৩,০০০-ৰো অধিক উচ্চ শিক্ষানুষ্ঠানত ডিজিটেল শাসন ব্যৱস্থা প্ৰশস্ত কৰিছে, ৩২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৪০ খন জিলাত নামভৰ্তি প্ৰক্ৰিয়া, পেমেন্ট আৰু শৈক্ষিক ৰেকৰ্ডক সুশৃংখলিত কৰিছে। ৫১৮ বিশ্ববিদ্যালয় আৰু ১০,৪৬৫ খন স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান তথা ৬,৫১৭ প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামো (NIRF)-ত অংশগ্ৰহণ কৰিছে। ওৱান নেচন ওৱান চাবস্ক্ৰিপচন (ONOS) পদক্ষেপে ৬,৩০০ প্ৰতিষ্ঠানত প্ৰায় ১৩,০০০ ই-জাৰ্নেলৰ উপলব্ধতা নিশ্চিত কৰিছে, যিয়ে এক সমৃদ্ধ গৱেষণা ব্যৱস্থা গঢ়ি তুলিছে। মালব্য মিছন শিক্ষক প্ৰশিক্ষণ কাৰ্য্যসূচীয়ে (MMTTP) ৩,৯৫০-ৰো অধিক প্ৰশিক্ষণ কাৰ্য্যসূচীৰে ২.৫ লাখৰো অধিক ফেকাল্টী সদস্যক সমৃদ্ধ কৰিছে, শিক্ষক সমাজক এআই, চাইবাৰ সুৰক্ষা, মানসিক স্বাস্থ্য আৰু উদ্যমিতা বিশেষজ্ঞতাৰে সজ্জিত কৰিছে।

বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে (DoSEL) বিদ্যালয় শিক্ষাৰ সকলো স্তৰতে একাধিক মধ্যৱৰ্তিতা আৰু পদক্ষেপৰে এনইপি, ২০২০ ৰূপায়ণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ইউডিআইএছই+ অনুসৰি ১৪.৭২ লাখ বিদ্যালয়, ৯৮ লাখৰো অধিক শিক্ষকে ২০২৩-২৪ ত প্ৰাক-প্ৰাথমিক পৰ্য্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্য্যায়লৈকে ভিন্ন আৰ্থ-সামাজিক পটভূমিৰ প্ৰায় ২৪.৮ কোটি ছাত্ৰ-ছাত্ৰীক সামৰি লৈছে। ব্যক্তিগত বিদ্যালয়তকৈ চৰকাৰী বিদ্যালয়সমূহে অধিক ফলাফল দেখুৱাইছে, ২০২২–২০২৪ ৰ সময়ছোৱাত এটা দশকৰ ভিতৰত দ্ৰুত অগ্ৰগতি প্ৰত্যক্ষ হৈছে। পৰক্ষ (PARAKH) ৰাষ্ট্ৰীয় সৰ্বেক্ষণ, ২০২৪ আৰু এএছইআৰ, ২০২৪-ৰ তথ্যই মূল সাক্ষৰতা আৰু সংখ্যাগত দক্ষতাৰ ফলাফলৰ উল্লেখযোগ্য অগ্ৰগতিত আলোকপাত কৰিছে, যিয়ে এনইপি, ২০২০-ত কল্পনা কৰা অনুসৰি নিপুণ ভাৰত মিছনৰ ইতিবাচক প্ৰভাৱকে প্ৰতিফলিত কৰে। উল্লাস প্ৰাপ্তবয়স্ক শিক্ষা আঁচনিখনত ২.৬০ কোটি শিক্ষাৰ্থী আৰু ৪২ লাখ স্বেচ্ছাসেৱী শিক্ষকে পঞ্জীয়ন কৰিছে। ইয়াৰ ১.৭ কোটিৰো অধিক হৈছে নতুন-শিকাৰু। এই পদক্ষেপৰ অধীনত লাডাখ প্ৰথম সম্পূৰ্ণ সাক্ষৰ প্ৰশাসনিক ইউনিট হিচাপে পৰিগণিত হয় আৰু তাৰ পিছতে আছে মিজোৰাম, গোৱা আৰু ত্ৰিপুৰা।

নিম্ন-উল্লেখিত পদক্ষেপৰাজিয়ে মূল্যায়ন আৰু নিৰীক্ষণক সুদৃঢ় কৰিছেঃ

  • পৰক্ষ ৰাষ্ট্ৰীয় সৰ্বেক্ষণ (ডিচেম্বৰ, ২০২৪): ৭৪,০০০ বিদ্যালয়ত ২১.১৫ লাখ ছাত্ৰ-ছাত্ৰী।
  • ৰাষ্ট্ৰীয় কৃতিত্ব সমীক্ষা (NAS), ২০২১: ৩৪ লাখ ছাত্ৰ-ছাত্ৰী আৰু ১.১৮ লাখ বিদ্যালয়।
  • ৰাজ্যিক শৈক্ষিক কৃতিত্ব সমীক্ষা (SEAS): ৪ লাখ বিদ্যালয়ত ৮৪ লাখ ছাত্ৰ-ছাত্ৰী।

 

পিএম শ্ৰী পদক্ষেপে ১৩,০৭৬ খন বিদ্যালয়ক এনইপি, ২০২০-ৰ বাবে আদৰ্শ বিদ্যালয় হিচাপে নিৰ্বাচিতকৰণৰ সমান্তৰালকৈ পিএম পোষণ আঁচনিখনে এতিয়া বাল বাটিকাৰ শিশুসকলক অন্তৰ্ভুক্তকৰণেৰে ৬.২৮ লাখৰো অধিক বিদ্যালয়ত বিদ্যালয় পুষ্টি উদ্যানলৈ সমৰ্থন আগবঢ়াইছে। বিদ্যালয় শিক্ষাৰ বাবে স্বয়ম প্ৰভাৰ বৰ্তমানৰ ১২ টা ডিটিএইচ চেনেলক ২০০ চেনেললৈ সম্প্ৰসাৰিত কৰা হৈছে আৰু মুঠ ৯২,১৪৭ টা ভিডিঅ’ কন্টেন্টে ৩০ টা ভাষাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/এবি-সমূহৰ পৰা লাভ কৰা ২৬,৬৬২ ঘন্টাৰ টেলিকাষ্টক সামৰি লৈছে।

অখিল ভাৰতীয় শিক্ষা সমাগম (ABSS), ২০২৫-ৰ অন্যতম মূল আকৰ্ষণ হ’ব মূল নীতি নিৰ্ধাৰক, শৈক্ষিক আৰু অংশীদাৰসকলৰ সৈতে আলোচনাৰ বিষয়ভিত্তিক ক্ষেত্ৰসমূহ। আলোচনাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ হৈছেঃ

  • পাঠদান-শিক্ষাদান কাৰ্য্যত ভাৰতীয় ভাষাৰ ব্যৱহাৰ।
  • অনুসন্ধন আৰু প্ৰধানমন্ত্ৰীৰ গৱেষক ফেল’ (PMRF): ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ শৈক্ষিক আৰু উদ্যোগ নেতৃত্বক লালন-পালন কৰা।
  • ২০৩০-ৰ ভিতৰত ১০০% জিইআৰ-ত উপনীত হ’বলৈ মাধ্যমিক শিক্ষাৰ পুনৰ কল্পনা।
  • শিক্ষা ব্যৱস্থা-ৰূপান্তৰকাৰী পাঠদান আৰু শিক্ষণ ব্যৱস্থাৰ বাবে এআইত চিঅ’ই।

 

এবিএছএছ, ২০২৫-ৰ কাৰ্য্যসূচীয়ে উক্ত কৃতিত্বৰাজিত আলোকপাতৰ লগতে শৈক্ষিক ৰূপান্তৰৰ পৰৱৰ্তী পৰ্য্যায়ৰ পথ-নিৰ্ধাৰণ কৰিব। আলোচনাসমূহে উদ্যোগ-শৈক্ষিক সহযোগিতাক গভীৰ কৰা, বৃত্তিমূলক পথসমূহ পৰিশোধন কৰা, ডিজিটেল আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু পাঠ্যক্ৰমত বহনক্ষমতাক সন্নিৱিষ্টকৰণত গুৰুত্ব আৰোপ কৰিব। ভাৰতৰ আগশাৰীৰ শিক্ষা সন্মিলন হিচাপে এবিএছএছ, ২০২৫-এ সমতা, উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতি দেশৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিব। ইয়াৰ ফলশ্ৰুতিত এনইপি, ২০২০-ৰ প্ৰভাৱে আগন্তুক বছৰসমূহলৈ শৈক্ষিক অগ্ৰগতি অব্যাহত ৰখা কাৰ্য্য নিশ্চিত কৰিব।

*******

MV/AK/SB


(Release ID: 2149545)