গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় সুৰক্ষা ৰণনীতি সন্মিলনৰ অষ্টম সংস্কৰণত ভাষণ দিয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে দৃঢ় ৰাজনৈতিক ইচ্ছাশক্তিৰ পৰিচয় দি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি পুনৰ এবাৰ প্ৰতিষ্ঠা কৰাই নহয়, বৰং বিশ্বৰ সন্মুখত এক উল্লেখযোগ্য ৰূপত ইয়াৰ পৰিচয় অপাৰেচন সিন্দুৰৰ জৰিয়তে দিলে

বিভিন্ন ৰাজ্যত সিঁচৰতি হৈ থকা বহু সমস্যা সমাধানৰ কাম মোদী চৰকাৰে কৰিছে

ভাৰত অন্যতম দ্ৰুতগতিত উদীয়মান অৰ্থনীতি, সেয়ে দেশৰ সন্মুখত প্ৰত্যাহ্বানসমূহো বাঢ়িছে, আমি অধিক সজাগ হৈ সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিব লাগিব

জ্যেষ্ঠ বিষয়াসকলে যুৱ বিষয়াসকলক পথ প্ৰদৰ্শন কৰা, সমস্যাসমূহৰ সৈতে পৰিচয় কৰাই দিয়া আৰু সমাধান বিচৰাৰ প্ৰক্ৰিয়াৰ পথ দেখুৱাবলৈ এই সন্মিলন গুৰুত্বপূৰ্ণ

সকলো ৰাজ্যৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই বিশ্বৰ শ্ৰেষ্ঠ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি যোৱা উচিত

দেশত আহিবলগীয়া প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বাবে বাস্তৱ সময়ৰ তথ্য বিনিময়ৰ এক নিৰ্ভৰযোগ্য পৰিৱেশ তন্ত্ৰ সৃষ্টি হওক

সকলো সংস্থাই তেওঁলোকৰ কৰ্ম পদ্ধতিত এক সুৰক্ষা-প্ৰথম দৃষ্টিভংগী, অভ্যাসগত সতৰ্কতা আৰু সমন্বয়ক এক অবিচ্ছেদ্য অংশ কৰি ল’ব লাগে

Posted On: 26 JUL 2025 10:55PM by PIB Guwahati

ৰাষ্ট্ৰীয় সুৰক্ষা ৰণনীতি সন্মিলনৰ অষ্টম সংস্কৰণৰ সামৰণি আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ আৰু সমবায়  মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ ভাষণেৰে হয়। কাৰ্গিল বিজয় দিৱস উপলক্ষে গৃহমন্ত্ৰীয়ে প্ৰতিৰক্ষা বাহিনীৰ সেই জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যিসকলে দেশ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়ে। লগতে, তেওঁ অপাৰেচন সিন্দুৰৰ সময়ত প্ৰতিৰক্ষা বাহিনী আৰু বিএছএফৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দৃঢ় সংকল্প আৰু নাগৰিকৰ সমৰ্থনে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী জীয়ে দৃঢ় ৰাজনৈতিক ইচ্ছাশক্তিৰ পৰিচয় দি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি পুনৰ প্ৰতিষ্ঠা কৰাই নহয়, বৰং বিশ্বৰ সন্মুখত উল্লেখযোগ্য ৰূপত ইয়াৰ পৰিচয় অপাৰেচন সিন্দুৰৰ জৰিয়তে দিলে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে জ্যেষ্ঠ বিষয়াৰ দ্বাৰা কনিষ্ঠ বিষয়াসকলক পথ প্ৰদৰ্শন কৰা, তেওঁলোকক সমস্যাসমূহৰ সৈতে পৰিচয় কৰাই দিয়া আৰু সমাধান বিচৰাৰ প্ৰক্ৰিয়াৰ পথ দেখুওৱাত এই সন্মিলন গুৰুত্বপূৰ্ণ। ভাৰতৰ অৰ্থনীতি এতিয়া বিশ্বৰ চতুৰ্থ স্থানত উপনীত হৈছে আৰু ভাৰতে নতুন আৰু উদীয়মান প্ৰযুক্তি, ষ্টাৰ্ট আপ, সেউজ শক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বত শীৰ্ষ স্থানত উপনীত হৈছে। তেওঁ কয় যে ভাৰতৰ ক্ৰমবৰ্ধমান উচ্চতাৰ ফলত অনাগত বছৰবোৰত ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰত্যাহ্বান আৰু অধিক বৃদ্ধি পাব। তেওঁ কয় যে এই নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ সৈতে উন্নত সমন্বয়েৰে মোকাবিলা কৰাৰ প্ৰয়োজন আছে। তেওঁ নিৰ্দেশ দিয়ে যে ৰণনীতি প্ৰস্তুত কৰা, সেয়া বলৱৎ কৰা আৰু সেয়া নিৰীক্ষণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ সমজাতীয় দল গঠন কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁ নিৰ্দেশ দিয়ে যে প্ৰতিখন ৰাজ্যৰ যুৱ আৰক্ষী বিষয়াসকলক ৰাষ্ট্ৰীয় প্ৰত্যাহ্বান আৰু তাৰ সমাধান বিচৰাৰ বাবে  মন্থনত অন্তৰ্ভুক্ত কৰা উচিত। তেওঁ নিৰ্দেশ দিয়ে যে NATGRID, NIDAAN, iMoT আৰু CBI ৰ দ্বাৰা প্ৰস্তুত কৰা পলাতকসকলৰ National Database ব্যৱহাৰ কৰিবলৈ যুৱ আৰক্ষী বিষয়াসকলক উৎসাহিত কৰিব লাগে আৰু ইয়াক তেওঁলোকৰ সকলো প্ৰশিক্ষণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিব লাগে।

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে দেশৰ সুৰক্ষা আৰু উন্নয়নৰ দৃষ্টিকোণৰ পৰা অহা ৫ৰ পৰা ১০ বছৰ অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে চুবুৰীয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰত্যাহ্বান গতিশীল হৈ থাকিব পাৰে। সেই অনুসৰি, তেওঁ ৰাজ্যৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহক নিৰ্দেশ দিয়ে যে তেওঁলোকে ‘সুৰক্ষা, সতৰ্কতা আৰু সমন্বয়’ মন্ত্ৰ গ্ৰহণ কৰিব লাগে। তেওঁ আৰু কয় যে চৰকাৰে আজি বিভিন্ন ৰাজ্যত সিঁচৰতি হৈ থকা বহু সমস্যা সমাধানৰ বাবে কাম কৰিছে৷ বাওঁপন্থী উগ্ৰবাদ, উত্তৰ-পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰৰ সন্দৰ্ভত লাভ কৰা সাফল্যৰ শলাগ লৈ গৃহমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানসকলক নিৰ্দেশ দিয়ে যে তেওঁলোকে তিনিখন নতুন অপৰাধমূলক আইনৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আৰু নিচাযুক্ত দ্ৰব্যৰ সমস্যা মোকাবিলা কৰিবলৈও একেধৰণৰ পন্থা গ্ৰহণ কৰক। তেওঁ ডাঙৰ ডাঙৰ ড্ৰাগছ সৰবৰাহকাৰী দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ পন্থা অৱলম্বন কৰিবলৈ কয় আৰু লগতে ড্ৰাগছ সৰবৰাহকাৰীক প্ৰত্যাৰ্পণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিবলৈ কয়। আৰক্ষী সঞ্চালক প্ৰধানসকলক নিৰ্দেশ দিয়া হয় যে তেওঁলোকে আগন্তুক তিনিবছৰত ড্ৰাগছ মুক্ত ভাৰত গঢ়ি তোলাৰ লক্ষ্যক তেওঁলোকৰ মূল এজেণ্ডা হিচাপে গঢ়ি তোলক। আৰক্ষী থানাক তথ্য একত্ৰিত কৰাৰ কেন্দ্ৰবিন্দু বুলি অভিহিত কৰি তেওঁ আৰক্ষী নেতৃত্বক আহ্বান জনায় যে আৰক্ষীয়ে থানা পৰ্যায়ত বাস্তৱ সময়ৰ তথ্য বিনিময়ৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ গঢ়ি তুলিব লাগে।

নাগৰিকৰ জীৱন, সম্পত্তি আৰু সন্মান ৰক্ষা কৰাটো আৰক্ষীৰ কৰ্তব্য বুলি অভিহিত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰাপত্তা সংস্থাসমূহক পৰস্পৰে পৰস্পৰৰ সৈতে উন্নত সমন্বয়ৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ প্ৰতিখন ৰাজ্যৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় সংস্থাসমূহক উৎকৃষ্টতা লাভৰ বাবে সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিবলৈ আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ কয়। এল ডব্লিউ ই প্ৰভাৱিত অঞ্চলসমূহৰ সামগ্ৰিক উন্নয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৃহমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানসকলক ৰাজ্য প্ৰশাসনৰ সৈতে সমন্বয় স্থাপন কৰি ৩০০ৰো অধিক কেন্দ্ৰীয় আৰু ৰাজ্যিক উন্নয়ন আঁচনি স্থল পৰ্যায়ত ৰূপায়ণ কৰিবলৈ কয়। সামুদ্ৰিক সীমান্তত অৱস্থিত সৰু সৰু বন্দৰসমূহৰ নিৰাপত্তাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি গৃহমন্ত্ৰীয়ে কয় যে অনুপ্ৰৱেশ আৰু চোৰাং ব্যৱসায়ৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য আৰক্ষীৰ সামৰ্থ্য আৰু অধিক বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। তেওঁ সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাসমূহৰ পৰ্যালোচনা কৰে আৰু পুনৰাবৃত্তিকাৰী অপৰাধীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

**********

RK/VV/PS/PR


(Release ID: 2149162)