ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২৫

ৰিটাৰ্নিং অফিচাৰ আৰু সহকাৰী ৰিটাৰ্নিং অফিচাৰ নিযুক্তি দিলে নিৰ্বাচন আয়োগে

प्रविष्टि तिथि: 25 JUL 2025 11:28AM by PIB Guwahati

১.ভাৰতৰ নিৰ্বাচন আয়োগক ৩২৪ অনুচ্ছেদৰ অধীনত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পন কৰা হৈছে। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আইন, ১৯৫২ আৰু ইয়াৰ অধীনত প্ৰণয়ন কৰা নিয়ম অৰ্থাৎ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন বিধি, ১৯৭৪ৰ দ্বাৰা পৰিচালিত হয়।

২.  ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আইন, ১৯৫২ৰ ৩ নং ধাৰাত নিৰ্বাচন আয়োগে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি এজন ৰিটাৰ্নিং বিষয়া নিযুক্তি দিয়ে, যাৰ কাৰ্যালয় নতুন দিল্লীত হ’ব  আৰু এজন বা ততোধিক সহকাৰী ৰিটাৰ্নিং বিষয়াও নিযুক্তি দিব পাৰে। নিয়ম অনুসৰি লোকসভাৰ মহাসচিব বা ৰাজ্যসভাৰ মহাসচিবক ঘূৰ্ণন প্ৰক্ৰিয়াৰে  ৰিটাৰ্নিং অফিচাৰ হিচাপে নিযুক্তি দিয়া হয়। যোৱা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত লোকসভাৰ মহাসচিবক ৰিটাৰ্নিং অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছিল।

 

৩. সেয়েহে নিৰ্বাচন আয়োগে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ লগত আলোচনা কৰি আৰু ৰাজ্যসভাৰ মাননীয় উপ-সভাপতি মহোদয়ৰ সন্মতি সাপেক্ষে ৰাজ্যসভাৰ মহাসচিবক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২৫ৰ আগন্তুক ৰিটাৰ্নিং বিষয়া হিচাপে নিযুক্তি দিছে।

৪.ভাৰতৰ নিৰ্বাচন আয়োগে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন, ২০২৫ৰ বাবে ৰাজ্যসভা সচিবালয়ৰ যুটীয়া সচিব শ্ৰীমতী গৰিমা জৈন আৰু ৰাজ্যসভা সচিবালয়ৰ সঞ্চালক শ্ৰী বিজয় কুমাৰক সহকাৰী ৰিটাৰ্নিং বিষয়া হিচাপে নিযুক্তি দিছে।

৫.এই বিষয়ত প্ৰয়োজনীয় গেজেট অধিসূচনা আজি পৃথকে পৃথকে জাৰি কৰা হৈছে।

******

PK/GDH/RP/DM


(रिलीज़ आईडी: 2148578) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Nepali , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam