গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ঐতিহাসিক ভাৰত-যুক্তৰাজ্য মুক্ত বাণিজ্য চুক্তি (FTA) স্বাক্ষৰৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনায়

ভাৰতে বিশ্ব বাণিজ্যত আন এক মাইলৰ খুঁটি স্থাপন কৰিলে, এয়া প্ৰতিগৰাকী নাগৰিকৰ বাবে গৌৰৱ আৰু সম্ভাৱনাৰ মুহূৰ্ত

চুক্তিখনি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জন-কেন্দ্ৰিক বাণিজ্য কৌশল হিচাপে পৰিগণিত হৈছে, যিয়ে ৯৫% কৃষি ৰপ্তানিত শুল্ক ৰেহাইৰে আমাৰ কৃষকসকলৰ বাবে সমৃদ্ধিৰ নতুন যুগৰ সূচনা আৰু ৯৯% সামুদ্ৰিক ৰপ্তানিত শূন্য শুল্কৰে আমাৰ মাছমৰীয়াসকলক উপকৃত কৰিছে

মেক ইন ইণ্ডিয়া সংকল্পক উদ্দীপনা যোগান আৰু আমাৰ শিল্পী, শিপিনী, বস্ত্ৰ, চামৰা, ফুটৱেৰ, ৰত্ন-গহনা আৰু খেলনাৰ বাবে বিস্তৃত বজাৰ মুকলিৰে স্থানীয় সামগ্ৰীসমূহক বিশ্বমুখী কৰি এই চুক্তিয়ে ইয়াৰ সম্ভাৱনাৰ বৰ্ধন ঘটাইছে

प्रविष्टि तिथि: 24 JUL 2025 8:28PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ঐতিহাসিক ভাৰত-যুক্তৰাজ্য মুক্ত বাণিজ্য চুক্তি (FTA) স্বাক্ষৰৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনায়।

এক্স-ৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীজনে কয়, “ভাৰতে বিশ্ব বাণিজ্যত আন এক মাইলৰ খুঁটি স্থাপন কৰিলে। এয়া প্ৰতিগৰাকী নাগৰিকৰ বাবে গৌৰৱ আৰু সম্ভাৱনাৰ মুহূৰ্ত। ঐতিহাসিক ভাৰত-যুক্তৰাজ্য এফটিএ স্বাক্ষৰৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনালোঁ। চুক্তিখনি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জন-কেন্দ্ৰিক বাণিজ্য কৌশল হিচাপে পৰিগণিত হৈছে, যিয়ে ৯৫% কৃষি ৰপ্তানিত শুল্ক ৰেহাইৰে আমাৰ কৃষকসকলৰ বাবে সমৃদ্ধিৰ নতুন যুগৰ সূচনা আৰু ৯৯% সামুদ্ৰিক ৰপ্তানিত শূন্য শুল্কৰে আমাৰ মাছমৰীয়াসকলক উপকৃত কৰিছে। মেক ইন ইণ্ডিয়া সংকল্পক উদ্দীপনা যোগান আৰু আমাৰ শিল্পী, শিপিনী, বস্ত্ৰ, চামৰা, ফুটৱেৰ, ৰত্ন-গহনা আৰু খেলনাৰ বাবে বিস্তৃত বজাৰ মুকলিৰে স্থানীয় সামগ্ৰীসমূহক বিশ্বমুখী কৰি এই চুক্তিয়ে ইয়াৰ সম্ভাৱনাৰ বৰ্ধন ঘটাইছে।“

*****

RK / VV / RR /PS/SB


(रिलीज़ आईडी: 2148093) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Kannada