তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

সমগ্ৰ ভাৰততে আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰসমূহৰ আধুনিকীকৰণৰ উদ্যোগ চলি আছে

Posted On: 23 JUL 2025 4:31PM by PIB Guwahati

 

সকলো ৰাজ্যতে আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰসমূহৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় খণ্ডৰ আঁচনি – সম্প্ৰচাৰ আন্তঃগাঁথনি আৰু নেটৱৰ্ক উন্নয়ন (বিন্দ)ৰ অধীনত কেন্দ্ৰসমূহৰ উন্নীতকৰণৰ দিহা কৰা হৈছে। ইয়াৰ ভিতৰত বিহাৰকে ধৰি সমগ্ৰ দেশতে ৰাজহুৱা সম্প্ৰচাৰ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বৃহৎ উন্নীতকৰণ কাৰ্যকলাপো অন্তৰ্ভুক্ত আছে।

২০২১–২৬ সময়ছোৱাৰ বাবে ২,৫৩৯.৬১ কোটি টকাৰ পুঁজি আৱণ্টনৰ সৈতে আঁচনিখনলৈ অনুমোদন জনোৱা হৈছে।

আঁচনিখনে গুৰুত্ব প্ৰদান কৰা ক্ষেত্ৰসমূহ হৈছে:


● সম্প্ৰচাৰ সঁজুলিসমূহৰ ডিজিটেলাইজেশ্যন আৰু আধুনিকীকৰণ

● পুৰণি ব্যৱস্থাসমূহ সলনি কৰা

● ষ্টুডিঅ’ আৰু ট্ৰেন্সমিটাৰ আন্তঃগাঁথনিৰ উন্নীতকৰণ

● নতুন প্ৰযুক্তি আৰু ডিজিটেল কৰ্মপ্ৰবাহৰ প্ৰৱৰ্তন

বিহাৰত সম্প্ৰচাৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ বাবে চৰকাৰে বিভিন্ন প্ৰকল্প অনুমোদন জনাইছে। ইয়াৰ ভিতৰত আছে আকাশবাণী কেন্দ্ৰৰ আধুনিকীকৰণৰ বাবে ৬৪.৫৬ কোটি টকা আৰু দূৰদৰ্শন কেন্দ্ৰৰ আধুনিকীকৰণৰ বাবে ৪.৩১ কোটি টকা।

আজি লোকসভাত এই তথ্য দাখিল কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগনে।

***

Dharmendra Tewari/Navin Sreejit/KB


(Release ID: 2147604)