ৰেচম মন্ত্ৰালয়
azadi ka amrit mahotsav

হস্ততাঁত বঁটা ২০২৪: হস্ততাঁত খণ্ডত উৎকৃষ্টতালৈ সন্মান

চলিত বৰ্ষৰ ৭ আগষ্টত ১১ সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই বঁটা
এই অনুষ্ঠানত বিশিষ্ট অতিথিসকলৰ লগতে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং উপস্থিত থাকিব

হস্ততাঁত খণ্ডলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ৫গৰাকীক সন্ত কবীৰ বঁটা আৰু ১৯গৰাকীক ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাসহ মুঠ ২৪গৰাকীক সন্মানিত কৰা হ’ব

Posted On: 21 JUL 2025 4:33PM by PIB Guwahati

বস্ত্ৰ মন্ত্ৰালয়ে হস্ততাঁত খণ্ডত হস্ততাঁত বোৱনী, আৰ্হি প্ৰস্তুতকাৰক, বিপণনকাৰী, ষ্টাৰ্ট-আপ উদ্যোগ আৰু উৎপাদক কোম্পানীসমূহৰ অসামান্য অৱদানক স্বীকৃতি জনাই ২০২৪ চনৰ বাবে সন্মানীয় সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছেএই পুৰস্কাৰসমূহ ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্যসূচী (এন এইচ ডি পি) অধীনত হস্ততাঁত বিপণন সহায়তা (এইচ এম এ)অংশ।

এই বছৰ হস্ততাঁত খণ্ডত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ৫গৰাকীক সন্ত কবীৰ বঁটা আৰু ১৯গৰাকীক ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা সহ মুঠ ২৪গৰাকী বঁটা বিজয়ীক সন্মানিত কৰা হব। একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰিব। এই অনুষ্ঠান চলিত বৰ্ষৰ আগষ্ট বৃহস্পতিবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ 'ব। এই অনুষ্ঠানত সাংসদ, বস্ত্ৰ উদ্যোগৰ নেতৃস্থানীয়সকল, আৰ্হি প্ৰস্তুতকৰোতা, ৰপ্তানিকাৰী, জ্যেষ্ঠ চৰকাৰী বিষয়া, শিক্ষাৰ্থী আৰু সমগ্ৰ দেশৰ ৫০০ৰো অধিক বোৱনীকে ধৰি বিশিষ্ট অতিথিসকলৰ লগতে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং উপস্থিত থাকিব।

থোৰতে হস্ততাঁত বঁটা

এই বঁটা প্ৰদানৰ লক্ষ্য হৈছে হস্ততাঁত উদ্যোগৰ উৎকৃষ্টতাৰ প্ৰতি সন্মান জনোৱা, শিল্পকলা, উদ্ভাৱন আৰু খণ্ডটোৰ বিকাশত অৱদান আগবঢ়োৱা ব্যক্তি আৰু সংস্থাসমূহক উদ্গনি দিয়া

সন্ত কবীৰ হস্ততাঁত বঁটা

এই বঁটাটোৱে হস্ততাঁত খণ্ডৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা উৎকৃষ্ট বোৱনীসকলক স্বীকৃতি দিয়ে। যোগ্য বোৱনীসকল ৰাষ্ট্ৰীয় বা ৰাজ্যিক বঁটা, ৰাষ্ট্ৰীয় যোগ্যতা প্ৰমাণপত্ৰৰ প্রাপক হ'ব পাৰে, বা বয়ন পৰম্পৰা, সামূহিক কল্যাণ আৰু খণ্ড উন্নয়নৰ প্ৰচাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত অসাধাৰণ দক্ষতা আৰু অৱদানৰ বাবে স্বীকৃত হ'ব পাৰে।

পুৰস্কাৰ সমূহঃ

  • নগদ পুৰস্কাৰঃ ৩.৫০ লাখ টকা
  • সোণৰ মুদ্ৰা (মাউন্ট কৰা)
  • তাম্ৰপত্ৰ (প্ৰমাণপত্ৰ)
  • শ্বল
  • স্বীকৃতিৰ প্ৰমাণপত্ৰ

ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাঃ

ৰাষ্ট্ৰীয় হস্ততাঁত পুস্ক বোৱনীসকল ব্যতিক্ৰমী শিল্পসৃষ্টি, একাগ্ৰতা আৰু উদ্ভাৱন উদগনি দিয়েইয়াৰ লক্ষ্য হৈছে বোৱনীসকলক তেওঁলোকৰ কামউৎকৃষ্টতা অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰা আৰু এই খণ্ডটোৰ আনসকলকো উদ্বীপনা যোগোৱা।

পুৰস্কাৰসমূহঃ

  • নগদ পুৰস্কাৰঃ লাখ টকা
  • তাম্ৰপত্ৰ
  • শ্ব
  • প্ৰমাণপত্ৰ

বাছনি প্ৰক্ৰিয়াঃ

বয়ন শ্ৰেণীৰ অধীনত বঁটা বিজয়ীসকলৰ বাছনিৰ ক্ষেত্ৰত ক্ৰমে আঞ্চলিক সঞ্চালক, উন্নয়ন আয়ুক্ত (হস্ততাঁত) আৰু সচিব (বস্ত্ৰ)ৰ অধ্যক্ষতাত ক্ৰমে আঞ্চলিক, মুখ্য কাৰ্যালয় আৰু কেন্দ্ৰীয় পৰ্যায়ৰ সমিতিসমূহৰে গঠিত বোৱনীসকলৰ বাবে এক উচ্চ পৰ্যায়ৰিনিতৰপীয়া প্ৰক্ৰিয়া থাকে, ত প্ৰত্যেকৰে ১১গৰাকীকৈ সদস্য থাকে। এই সমিতিসমূহত খণ্ডটোৰ বিশেষজ্ঞসকল অন্তৰ্ভুক্ত হয় আৰু প্ৰতিষ্ঠিত যোগ্যতাৰ মাপকাঠিৰ ওপৰত ভিত্তি কৰি মনোনয়নসমূহৰ মূল্যায়ন কৰা হয়।

আৰ্হিৰ বিকাশ, বিপণন, ষ্টাৰ্ট-আপ উদ্যোগ আৰু উৎপাদক কোম্পানীসমূহৰ বাবে মুখ্য কাৰ্যালয় আৰু কেন্দ্ৰীয় পৰ্যায়ত দুটা স্তৰৰ বাছনি প্ৰক্ৰিয়া অনুসৰণ কৰা হয়, প্ৰতিটো স্তৰ ১১ গৰাকীকৈ সদস্যৰে গঠিত আৰু ইয়াত উন্নয়ন আয়ুক্ত (হস্ততাঁত) আৰু সচিবে (বস্ত্ৰ) অধ্যক্ষতা কৰে।

 

***

MAM/SMP/HS


(Release ID: 2146693)