প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঐতিহাসিক মহাকাশ অভিযানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ সময়ত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক আদৰণি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 JUL 2025 3:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ঐতিহাসিক অভিযানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ সময়ত আদৰণি জনায়। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা কৰা ভাৰতৰ প্ৰথম মহাকাশচাৰী হিচাপে গ্ৰুপ কেপ্তেইন শুক্লাৰ এই কৃতিত্ব দেশৰ মহাকাশ অন্বেষণ যাত্ৰাৰ এক নিৰ্ণায়ক মুহূৰ্ত।

এক্সৰ এটা পোষ্টত তেওঁ লিখিছে-

"গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক ঐতিহাসিক মহাকাশ অভিযানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ সময়ত সমগ্ৰ দেশৰ সৈতে মই আদৰণি জনাইছো আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা ভাৰতৰ প্ৰথম মহাকাশচাৰী হিচাপে তেওঁ নিজৰ একাগ্ৰতা, সাহস আৰু অগ্ৰণী মনোভাৱৰ জৰিয়তে কোটি কোটি সপোনক অনুপ্ৰাণিত কৰিছে। এয়া মাৰ নিজৰ মানৱ মহাকাশ উৰণ অভিযান- গগনযানৰ দিশত আন এক মাইলৰ খুঁটি।"

***

MJPS/SR/SKS/KD


(रिलीज़ आईडी: 2144922) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali-TR , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam