গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত ভাৰত বিকাশ পৰিষদৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে

মোদী জীয়ে ৰাম মন্দিৰৰ নিৰ্মাণ নিশ্চিতকৰণ আৰু আনকি পথৰ কাষৰ বিক্ৰেতাসকলৰ মাজলৈয়ো ডিজিটেল পেমেন্ট ব্যৱস্থাৰ সঞ্চাৰেৰে উন্নয়ন আৰু ঐতিহ্য উভয়কে একেলগে আগুৱাই নিছে

ভাৰত বিকাশ পৰিষদে সেৱা আগবঢ়াওঁতা আৰু আৰ্তজনৰ মাজত সেতু হিচাপে কাম কৰি আহিছে

ভাৰত বিকাশ পৰিষদে সেৱাক সংগঠনৰ সৈতে, সংগঠনক প্ৰমূল্যবোধৰ সৈতে আৰু প্ৰমূল্যবোধক ৰাষ্ট্ৰ-নিৰ্মাণৰ সৈতে সংযোগ কৰিছে

ভাৰত বিকাশ পৰিষদ হৈছে এক ধাৰণা আৰু ইয়াৰ লক্ষ্য হৈছে প্ৰতিগৰাকী ভাৰতীয়কে ভাৰতীয় পৰিচয়ৰ সৈতে সংযুক্ত কৰা

স্বামী বিবেকানন্দৰ আদৰ্শৰাজিক অনুসৰণ আৰু ‘সমৰ্পণ’, ‘সংগঠন’ আৰু ‘প্ৰমূল্যবোধ’-ৰ গুণৰাজিক আকোৱালি লৈ ভাৰত বিকাশ পৰিষদে সমাজত মঙ্গলৰ সৃষ্টিশীল শক্তিৰ সঞ্চাৰ কৰিছে

Posted On: 14 JUL 2025 9:23PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰত বিকাশ পৰিষদৰ (BVP) ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে। এই কাৰ্য্যসূচীত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা ভাৰত বিকাশ পৰিষদৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী আদৰ্শ কুমাৰ গোৱেলকে প্ৰমুখ্য কৰি একাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ভাৰত বিকাশ পৰিষদৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ভাৰতীয় দৃষ্টিকোণৰ পৰা ভাৰতৰ উন্নয়ন কামনা কৰাসকলৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ দিন। তেওঁ কয় যে কোনো এটা সংগঠনৰ ৬৩ বছৰে নিৰ্বিবাদে কাম-কাজ অব্যাহত কাৰ্য্য এক উল্লেখযোগ্য কৃতিত্ব। সৃষ্টিশীল শক্তিৰে জনসাধাৰণৰ সেৱাত নিয়োজিত সংগঠন এটাৰ কাম-কাজ যেতিয়া ৬৩ বছৰ আৰু তাৰ পাছতো অব্যাহত থাকে, তেতিয়া ইয়াৰ আঁৰত অগণন নিষ্ঠাবান ব্যক্তিৰ অপৰিসীম নিষ্ঠা আৰু ত্যাগ জড়িত হৈ থাকে। শ্ৰী শ্বাহে কয় যে ব্যক্তিৰ জীৱনত ৬৩ বছৰক বয়স বৃদ্ধি হোৱা বুলি গণ্য কৰা হয় যদিও সুসংগঠিত আৰু ফলপ্ৰসূ প্ৰতিষ্ঠানৰ বাবে ৬৩ বছৰে ইয়াৰ যুৱক-যুৱতীসকলক প্ৰতিনিধিত্ব কৰে।

শ্ৰী অমিত শ্বাহে কয় যে ভাৰত বিকাশ পৰিষদ স্বামী বিবেকানন্দৰ জীৱন আৰু আদৰ্শৰাজিৰে পৰিচালিত হৈছে। সমাজৰ সৃষ্টিশীল শক্তিক ব্যৱহাৰ কৰিবলৈ পৰিষদে সমৰ্পণ (dedication), সংগঠন (organization) আৰু প্ৰমূল্যবোধ (values)- এই তিনিটা গুণক আকোৱালি লৈছে। তেওঁ কয় যে সংগঠনৰ জৰিয়তে উৎপন্ন হোৱা শক্তিয়ে লাখ-লাখ ভাৰতীয়ৰ জীৱনক আলোকিত কৰিছে আৰু সামাজিক সংগঠনৰ শক্তিৰ আটাইতকৈ প্ৰয়োজন হোৱা লোকসকলৰ জীৱনক স্পৰ্শ কৰিছে। শ্ৰী শ্বাহে লগতে কয় যে ভাৰত বিকাশ পৰিষদে সেৱা আগবঢ়াওঁতা আৰু সেৱাৰ প্ৰয়োজন হোৱাসকলৰ মাজত সেতু হিচাপে কাম কৰি আহিছে। ভাৰত বিকাশ পৰিষদ কেৱল এটা সংগঠনেই নহয়, বৰঞ্চ এটা ধাৰণাও। এয়া হৈছে ভাৰতৰ সাৰমৰ্মৰ সৈতে প্ৰতিগৰাকী ভাৰতীয়কে সংযোগ কৰাৰ এক প্ৰয়াস।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰতিষ্ঠাৰ ছটা দশকৰ পাছতো ভাৰত বিকাশ পৰিষদে প্ৰাসংগিকতাপূৰ্ণ আৰু উপযুক্ততাসম্পন্নভাৱে কাম-কাজ অব্যাহত ৰাখিছে। সংস্থাটোৱে এক উল্লেখযোগ্য কৰ্ম-সংস্কৃতি গঢ়ি তুলিছে, যিয়ে সেৱাক সংগঠনৰ সৈতে, সংগঠনক প্ৰমূল্যবোধৰ সৈতে আৰু প্ৰমূল্যবোধক ৰাষ্ট্ৰ-নিৰ্মাণৰ সৈতে সংযোগ কৰে। তেওঁ কয় যে ভাৰত বিকাশ পৰিষদে ৬৩ বছৰ ধৰি কোনো খ্যাতিৰ আকাংক্ষা নোহোৱাকৈ আৰ্তজনক সেৱা আগবঢ়াই আহিছে আৰু আজি বিশ্বখনক এনে সংগঠনৰেই প্ৰয়োজন হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে আজিৰ অনুষ্ঠানত মণিপুৰৰ স্বাধীনতা সংগ্ৰামী হেমাম নীলমণি সিঙক মৰণোত্তৰভাৱে সন্মানিত কৰা হৈছে। তেওঁ কয় যে ১৯৪৪-ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ আহ্বানেৰে অনুপ্ৰাণিত হৈ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনী (আজাদ হিন্দ ফৌজ)-ত যোগদান কৰিছিল হেমাম নীলমণি সিঙে। তেওঁৰ সকলো সম্পদ নেতাজীলৈ উৎসৰ্গা কৰিছিল আৰু ১৯৪৫-লৈকে গ্ৰেপ্তাৰ হোৱা নাছিল। ১৯৪৬-ত জেলৰ পৰা মুক্তি পোৱাৰ পিছত মৈৰাঙলৈ উভতি আহি পৰৱৰ্তী সময়ত সেৱা, শিক্ষা, সহযোগিতাক জীৱনৰ আধাৰ হিচাপে গঢ়ি তুলিছিল। শ্ৰী শ্বাহে কয় যে তেওঁ প্ৰথম মণিপুৰ ভ্ৰমণ কৰোঁতে তাৰ যুৱক-যুৱতীসকলে হিন্দী ভাষাত সাৱলীলভাৱে কথা কোৱা শুনিছিল। তেওঁ যুৱক-যুৱতীসকলক ইমান ভালকৈ হিন্দী কেনেকৈ ক’ব পাৰিছা বুলি সোধাত তেওঁলোকে হেমাম নীলমণি সিঙৰ কথা কৈছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে হেমাম নীলমণি সিঙে ভাষিক ঐক্যৰ বাবে ওৰেটো জীৱন প্ৰচেষ্টা গ্ৰহণ কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আজি ভাৰত বিকাশ পৰিষদ এক অতি বৃহৎ সংগঠনত পৰিণত হৈছে। দেশৰ ৪১২ খন জিলাত ইয়াৰ ১,৬০০ ৰো অধিক শাখা আছে আৰু ৮৪,০০০ ৰো অধিক পৰিয়াল এই সেৱাৰ সৈতে জড়িত। তেওঁ কয় যে সংস্থাটোৱে সেৱাৰ মনোভাৱেৰে কাম কৰাসকলক এখনি মঞ্চ প্ৰদান কৰিছে, তেওঁলোকৰ সৈতে এক গভীৰ সংযোগ গঢ়ি তুলিছে। শ্ৰী শ্বাহে কয় যে ভাৰত বিকাশ পৰিষদৰ কৰ্মীসকলে দুৰ্য্যোগৰ সময়ত সাহায্য আগবঢ়াবলৈ আগবাঢ়ি আহে, ৰোগীসকলক সহায় কৰিবলৈ ৰক্তদান শিবিৰৰ আয়োজন কৰে, গাঁৱে-গাঁৱে প্ৰমূল্যবোধ ভিত্তিক শিবিৰ অনুষ্ঠিত কৰে, বহু বিদ্যালয়ত প্ৰমূল্যবোধৰ দ্বীপ প্ৰজ্জ্বলন কৰে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ২০৪৭-ৰ ভিতৰত ভাৰতক এখনি বিকশিত ভাৰত আৰু প্ৰতিটো ক্ষেত্ৰতে বিশ্বৰ আগশাৰীৰ কৰি তুলিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই প্ৰতিজ্ঞাত কল্পনা আৰু সংকল্পৰ লগতে এক কাৰ্য্য পৰিকল্পনাও আছে। তেওঁ কয় যে মোদীজীয়ে সকলোৰে সন্মুখত পাঁচটা লক্ষ্য ৰাখিছে। এয়া হৈছে এখনি বিকশিত ভাৰতৰ লক্ষ্য, প্ৰতিটো ধৰণৰ দাসত্বৰ পৰা মুক্তি, আমাৰ ঐতিহ্যৰ প্ৰতি গৌৰৱ, একতা আৰু সংহতিৰ ভাৱ তথা নাগৰিকৰ মাজত কৰ্তব্যবোধ গঢ়ি তোলা। শ্ৰী শ্বাহে কয় যে ভাৰত বিকাশ পৰিষদে এই পাঁচটা লক্ষ্যত দীৰ্ঘদিন ধৰি ‘সেৱক’-ৰ দৰে কাম কৰি আহিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে এয়া একাদশ বছৰ। মোদী জীৰ এই ১১ বছৰীয়া কাৰ্য্যকালৰ কথা সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব। তেওঁ কয় যে বিগত ১১ বছৰত ৫৫ কোটিৰো অধিক লোকৰ বেংক একাউন্ট খোলা হৈছে, ১৫ কোটি ঘৰত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে, ১২ কোটিৰো অধিক ঘৰত শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে ১০ কোটিৰো অধিক ঘৰত গেছৰ চিলিণ্ডাৰ যোগান ধৰা হৈছে আৰু ৪ কোটিৰো অধিক লোকক পকী ঘৰ প্ৰদান কৰা হৈছে। মুদ্ৰা যোজনাৰ অধীনত কোটি-কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে, ইয়াৰে দুই-তৃতীয়াংশ ঋণ নাৰীসকলক প্ৰদানেৰে তেওঁলোকৰ শক্তিক দেশৰ উন্নয়নৰ সৈতে সংযোগ কৰা হৈছে। তেওঁ কয় যে ‘লাখপতি দিদি’ৰ জৰিয়তে নাৰী শক্তিক সমৃদ্ধ কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে বিগত ১১ বছৰে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন চৰকাৰে ডাঙৰ-ডাঙৰ শ্ল’গান নিদিয়াকৈ, সেৱাবোধ আৰু সেৱাৰ সংকল্পৰে ‘সেৱক’-ৰ দৰে মনে-মনে কাম কৰি আহিছে। তেওঁ কয় যে ঔপনিৱেশিক উত্তৰাধিকাৰৰ পৰা মুক্তি পাবলৈ মোদীজীয়ে বহুখিনি কাম কৰিছে। ৰাজপথৰ নাম সলনি কৰি কৰ্তব্য পথ কৰা হৈছে। ইয়াৰ পুনৰ নামকৰণে কোটি-কোটি নাগৰিকক ভাৰতৰ সংবিধানত উল্লেখিত কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে ভাৰতীয় নৌসেনাত ব্ৰিটিছ প্ৰতীকৰ ঠাইত মোদী চৰকাৰে ছত্ৰপতি শিৱাজী মহাৰাজৰ তৰোৱালৰ প্ৰতীক পুনঃস্থাপিত কৰোঁতে প্ৰতিগৰাকী ভাৰতীয়ৰ মন গৌৰৱৰ গভীৰ অনুভূতিৰে ভৰি পৰিছিল। স্বাধীনতাৰ পিছত শ্বহীদ হোৱা জোৱানসকলৰ স্মৃতিত এক যুদ্ধ স্মাৰক নিৰ্মাণ কৰা হয়। সংসদত চেংগোল স্থাপন কাৰ্য্যই ভাৰত আগবঢ়া দিশ সম্পৰ্কে এক দৃষ্টিভংগী আগবঢ়াইছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীজীৰ হাতেৰে যেতিয়া সংসদত চেংগোল স্থাপন কৰা হৈছিল, তেতিয়া কোটি-কোটি ভাৰতীয়ৰ মনলৈ আহিছিল যে আমাৰ ঋষিসকলে কল্পনা কৰা ভাৰতৰ পথত আমি আগবাঢ়িছোঁ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে ব্ৰিটিছে দিয়া আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ নাম সলনি কৰি সুভাষ দ্বীপ আৰু শ্বহীদ দ্বীপ কৰা হৈছে। লগতে ৰেচ ক’ৰ্চ ৰোডৰ নাম সলনি কৰি লোক কল্যাণ মাৰ্গ কৰা কাৰ্য্যয়ো এক বৃহৎ ৰূপান্তৰৰ ইংগিত বহন কৰে। তেওঁ কয় যে মোদী জীয়ে কোনো ধৰণৰ সংঘাত নোহোৱাকৈয়ে ঐতিহ্য আৰু উন্নয়ন উভয়কে একেলগে আগুৱাই নিছে। শ্ৰী শ্বাহে কয় যে বাওঁপন্থী মতাদৰ্শৰ লোকে প্ৰশ্ন কৰিছিল যে ৰাম মন্দিৰ নিৰ্মাণৰ জৰিয়তে দেশখন কেনেদৰে লাভান্বিত হ’ব। কিন্তু মোদী জীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ সমান্তৰলাকৈ ৫জি ৰূপায়ণৰ কামো কৰিলে। ইয়াৰ সমান্তৰালকৈ তেখেতে ডিজিটেল পেমেন্ট ব্যৱস্থাক পথৰ কাষৰ বিক্ৰেতাসকলৰ ওচৰলৈয়ো লৈ গৈছে।

শ্ৰী অমিত শ্বাহে কয় যে এফালে কাশী, উজ্জয়িনী, শাৰদাপীঠত মন্দিৰৰ পুনৰ নিৰ্মাণ তথা কৰতাৰপুৰ কৰিডৰ নিৰ্মাণ কৰা হৈছে, আনফালে আইআইএম, আইআইটি আৰু এইমছৰ সংখ্যাও তিনিগুণ বৃদ্ধি পাইছে। নতুন শিক্ষা নীতিয়ে মাতৃভাষাত শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ সমান্তৰালকৈ আজি কৃত্ৰিম বুদ্ধিমত্তা আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰতো আগৰণুৱা হ’বলৈ সাজু হৈছে ভাৰত। তেওঁ কয় যে এফালে মোদী চৰকাৰে যোগক বৈশ্বিক স্বীকৃতি প্ৰদান কৰিছে, আনফালে ভাৰতে গ্ৰীন হাইড্ৰজেন, ড্ৰোনকে প্ৰমুখ্য কৰি একাধিক মহাকাশ প্ৰযুক্তিৰ অভিযোজনা কৰিছে। আজাদী কা অমৃত মহোৎসৱ উদযাপনেৰে আমি ১৪০ কোটি ভাৰতীয়ক স্বাধীনতা আন্দোলনৰ নেতৃত্ব প্ৰদানৰ ধাৰণা সম্পৰ্কে মনত পেলাই দিয়াৰ প্ৰয়াস গ্ৰহণ কৰোঁ আৰু একেদৰে পিএম গতিশক্তি মাষ্টাৰ প্লেনো যুগুত কৰোঁ। আমি ৩৭০ নং অনুচ্ছেদ বাতিলেৰে কাশ্মীৰক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰিবলৈ কাম কৰিছোঁ। ইয়াৰ সমান্তৰালকৈ সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠাৰে আমি ক্ষুদ্ৰ কৃষক আৰু গাঁৱৰ দৰিদ্ৰ লোকসকলৰ বাবে কাম কৰাৰ দিশত আগবাঢ়িছোঁ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আমাৰ ঐতিহ্যক পাহৰি নোযোৱাকৈ উন্নয়নৰ ভিত্তিত আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে আৰু আমাৰ সকলো স্বাধীনতা সংগ্ৰামীয়ে কল্পনা কৰা ভাৰতখনি গঢ়ি তোলাৰ সময় সমাগত। তেওঁ কয় যে সেৱা সংস্থাসমূহে একে লক্ষ্যৰে এই পথ অনুসৰণ নকৰালৈকে কেৱল চৰকাৰে সকলো সমস্যা সমাধান কৰিব নোৱাৰে। শ্ৰী শ্বাহে কয় যে ভাৰত বিকাশ পৰিষদে বৰ্তমান যুগৰ আৰম্ভণিৰ আগৰেপৰাই এই পথ অনুসৰণ কৰি আহিছে, আজিও ইয়াৰ অনুসৰণ কৰি আছে আৰু ভৱিষ্যতেও অনুসৰণ কৰি থাকিব।

******

RK/VV/PR/PS/SB


(Release ID: 2144736)