বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

আয়কৰ বিভাগে কৰ্তন আৰু ৰেহাইৰ ভুৱা দাবী নস্যাৎ কৰে

তদন্তত কেতবোৰ আইটিআৰ প্ৰস্তুতকাৰী আৰু ৰিটাৰ্ণ ফাইল কৰা মধ্যস্থতাকাৰীৰ ভুৱা কৰ্তন আৰু ৰেহাইৰ দাবী কৰা সংগঠিত ৰেকেট ফাদিল

তথ্যৰ বিশ্লেষণত ধাৰা 10(13A), 80GGC, 80E, 80D, 80EE, 80EEB, 80G, 80GGA, আৰু 80DDB-ৰ অধীনত কৰ্তনৰ অপ-ব্যৱহাৰৰ কথা পোহৰলৈ আহে

Posted On: 14 JUL 2025 5:59PM by PIB Guwahati

আয়কৰ বিভাগে আজি দেশৰ একাধিক স্থানত আয়কৰ ৰিটাৰ্ণ (ITR)-ৰ ক্ষেত্ৰত কৰ্তন আৰু ৰেহাইৰ প্ৰৱঞ্চনামূলক দাবীৰ সুবিধা প্ৰদান কৰা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি বৃহৎ-পৰিসৰৰ পৰীক্ষণ অভিযান হাতত লয়। সততে পেছাদাৰী মধ্যস্থতাকাৰীৰ সৈতে গোপন বুজাবুজিৰে আয়-কৰ আইন, ১৯৬১-ৰ অধীনত কৰ সুবিধাৰ অপব্যৱহাৰৰ বিশদ বিশ্লেষণৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হয়।

তদন্ত কালত কেতবোৰ আইটিআৰ প্ৰস্তুতকাৰী আৰু ভুৱা কৰ্তন তথা ৰেহাইৰ দাবীৰে ৰিটাৰ্ণ দাখিল কৰি অহা মধ্যস্থতাকাৰীয়ে পৰিচালনা কৰা সংগঠিত ৰেকেট ফাদিল হয়। এনে প্ৰৱঞ্চনামূলক ফাইলিঙে লাভজনক বিধানৰ অপ-ব্যৱহাৰক সূচিত কৰে, আনকি কিছুমানে অধিক ৰিফাণ্ডৰ দাবী কৰিবলৈ ভুৱা টিডিএছ ৰিটাৰ্ণ দাখিল কৰে।

সন্দেহজনক পেটাৰ্ণ চিনাক্ত কৰিবলৈ আইটি বিভাগে থাৰ্ড-পাৰ্টি উৎসৰ পৰা লাভ কৰা বিত্তীয় তথ্য, তৃণমূল-পৰ্য্যায়ৰ চোৰাংচোৱা আৰু উন্নত কৃত্ৰিম বুদ্ধিমত্তা আহিলাৰ সহায় লৈছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী, গুজৰাট, পঞ্জাৱ আৰু মধ্যপ্ৰদেশত চলোৱা অনুসন্ধান আৰু জব্দ অভিযানত এই তথ্যসমূহ অধিক প্ৰমাণিত হৈছে। ইয়াত ভিন্ন গোট আৰু প্ৰতিষ্ঠানে প্ৰৱঞ্চনামূলক দাবীৰ প্ৰমাণ ব্যৱহাৰ কৰা দেখা গৈছে।

তথ্যৰ বিশ্লেষণত ধাৰা 10(13A), 80GGC, 80E, 80D, 80EE, 80EEB, 80G, 80GGA, আৰু 80DDB-ৰ অধীনত কৰ্তনৰ অপ-ব্যৱহাৰৰ কথা পোহৰলৈ আহে। বৈধ ন্যায্যতা অবিহনে ৰেহাইৰ দাবী কৰা হৈছে। এমএনচি, পিএছইউ, চৰকাৰী সংস্থা, শৈক্ষিক প্ৰতিষ্ঠানৰ কৰ্মচাৰী আৰু উদ্যোগীসকলো ইয়াৰে জড়িত। কমিচনৰ বিনিময়ত ক্ৰমবৰ্ধমান ৰিফাণ্ডৰ প্ৰতিশ্ৰুতিৰে কৰদাতাসকলক সততে এনে প্ৰৱঞ্চনামূলক আঁচনিৰ প্ৰলোভন দিয়া হয়। এটি সম্পূৰ্ণ ই-সক্ষম কৰ প্ৰশাসন ব্যৱস্থা থকাৰ পিছতো কৰদাতাসকলক সহায় কৰাত অকাৰ্য্যকৰী যোগাযোগ এক উল্লেখযোগ্য বাধা হৈয়েই আছে। তদন্তত দেখা গৈছে যে এনে আইটিআৰ প্ৰস্তুতকাৰীয়ে প্ৰায়ে কেৱল বাল্ক ৰিটাৰ্ণ দাখিলৰ বাবে অস্থায়ী ইমেইল আইডি প্ৰস্তুত কৰে, যি আইডি পিছলৈ পৰিত্যাগ কৰে, ইয়াৰ পৰিণতিত চৰকাৰী জাননীসমূহ অচল হৈ পৰে।

‘প্ৰথমে কৰদাতাক বিশ্বাস’-ৰ নিৰ্দেশনামূলক নীতিৰে সংগতি ৰাখি আইটি বিভাগে স্বেচ্ছামূলক অনুপালনত গুৰুত্ব আৰোপ কৰিছে। যোৱা এটা বছৰে আইটি বিভাগে এছএমএছ আৰু ইমেইল এডভাইজৰীকে প্ৰমুখ্য কৰি ব্যাপক আউটৰিচ প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ জৰিয়তে সন্দেহযুক্ত কৰদাতাসকলক তেওঁলোকৰ ৰিটাৰ্ণ সংশোধনেৰে সঠিক কৰ পৰিশোধ কৰিবলৈ জোৰ দিয়া হৈছে। কেম্পাছৰ ভিতৰে-বাহিৰে ফিজিকেল আউটৰিচ কাৰ্য্যসূচীও হাতত লোৱা হৈছে। ইয়াৰ ফলশ্ৰুতিত যোৱা চাৰি মাহত প্ৰায় ৪০,০০০ কৰদাতাই নিজৰ ৰিটাৰ্ণ আপডেটেৰে স্বেচ্ছাই ১,০৪৫ কোটি টকাৰ ভুৱা দাবী প্ৰত্যাহাৰ কৰিছে। কিন্তু একাধিক অমান্য হৈয়েই আছে, সম্ভৱতঃ এনে ফাঁকিৰ ৰেকেটৰ আঁৰৰ মাষ্টাৰমাইণ্ডৰ প্ৰভাৱতে এনে হৈছে।

এতিয়া আইটি বিভাগ অব্যাহত প্ৰৱঞ্চনামূলক দাবীৰ বিৰুদ্ধে প্ৰযোজ্যতা অনুসৰি জৰিমনা আৰু বিচাৰকে প্ৰমুখ্য কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে। ১৫০ টা চৌহদত অব্যাহত পৰীক্ষণ অভিযানত ডিজিটেল ৰেকৰ্ডকে প্ৰমুখ্য কৰি গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰা যাব বুলি আশা কৰা হৈছে, যিয়ে এনে কু-কৰ্মৰ আঁৰৰ নেটৱৰ্কসমূহ ভাঙি পেলোৱাত সহায় কৰিব আৰু আইনৰ অধীনত জবাবদিহিতা নিশ্চিত কৰিব।

সম্প্ৰতি অধিক তদন্ত অব্যাহত আছে।

কৰদাতাসকলক আয়ৰ সঠিক বিৱৰণ দাখিল আৰু অধিক ৰিফাণ্ডৰ প্ৰতিশ্ৰুতি দিয়া অকৰ্তৃত্বশীল এজেন্ট বা মধ্যস্থতাকাৰীৰ পৰামৰ্শৰ দ্বাৰা প্ৰভাৱিত নহ’বলৈ পুনৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।

****

NB/KMN/SB
 


(Release ID: 2144733)