ক'অপাৰেশ্বন মন্ত্ৰালয়
আজি গুজৰাটৰ আনন্দত সমবায় মন্ত্ৰালয়ৰ ৪ ৰ্থ বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে বিপুল জনতাক সম্বোধন কৰে
সমবায় হৈছে আমাৰ সমাজৰ পৰম্পৰা, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক আইন প্ৰণালী দি সুকীয়া সমবায় মন্ত্ৰালয় গঠন কৰিলে
সমবায় মন্ত্ৰালয় সৃষ্টি কৰি মোডীজীয়ে প্ৰায় ৩১ কোটি লোকৰ সৈতে জড়িত হৈ থকা ৮.৪ লাখৰো অধিক সমবায় সমিতিত নতুন প্ৰাণৰ সঞ্চাৰ কৰিছে
যোৱা ৪ বছৰত সমবায় মন্ত্ৰালয়ে পাঁচটা P ক্ৰমে People, PACS, Platform, Policy আৰু Prosperity ৰ ভিত্তিত ৬০টাতকৈও অধিক পদক্ষেপ গ্ৰহণ কৰিছে
কেৱল এজন ব্যক্তিয়েই নহয় সমগ্ৰ সমাজখনক সমৃদ্ধিশালী আৰু সম্ভ্ৰান্ত কৰি তোলাৰ ধাৰণাটোৱেই হৈছে সমবায় মন্ত্ৰালয়ৰ পদক্ষেপৰ ভেটি
২ লাখ নতুন PACS, সমবায় বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় সমবায় তথ্যকোষৰ দৰে পদক্ষেপে দেশৰ সমবায় আন্দোলনক যথেষ্ট শক্তিশালী কৰিব
এই আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষত আমি স্বচ্ছতা, প্ৰযুক্তি গ্ৰহণ আৰু সমবায়ৰ সদস্যক সমবায় প্ৰতিষ্ঠানৰ কেন্দ্ৰলৈ অনাৰ কাম শক্তিশালীভাৱে ৰূপায়ণ কৰিব লাগিব
গাখীৰৰ পৰা বেংকিং, চেনিকলৰ পৰা বিপণন আৰু নগদ ঋণৰ পৰা ডিজিটেল ধন পৰিশোধলৈকে আজি সমবায় সমিতিসমূহে পূৰ্ণ সামৰ্থ্যৰে দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাইছে
আজিৰ পৰা আৰম্ভ হোৱা কাচ্চ জিলা নিমখ সম
Posted On:
06 JUL 2025 5:35PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি গুজৰাটৰ আনন্দত সমবায় মন্ত্ৰালয়ৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী বৰ্ষৰ স্মৃতিত আয়োজিত এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানতে তেওঁ নৱগঠিত বহুৰাজ্যিক সমবায় সংস্থা ‘চৰ্দাৰ পেটেল সমবায় দুগ্ধ ফেডাৰেচন লিমিটেড’ৰো উন্মোচন কৰে আৰু ইয়াৰ আনুষ্ঠানিক প্ৰতীকচিহ্ন বা ল’গ’ উন্মোচন কৰে। শ্ৰী শ্বাহে খেড়াত আমূল চীজ প্লাণ্ট আৰু মগৰত এক অত্যাধুনিক চকলেট প্লাণ্টৰ সম্প্ৰসাৰণৰ কামো ভাৰ্চুৱেলি উদ্বোধন কৰে। ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ (এনডিডিবি) চৌহদত অৱস্থিত ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচনৰ (এনচিডিএফআই) মণিবেন পেটেল ভৱন নামেৰে নিৰ্মাণ কৰা নতুন কাৰ্যালয় ভৱনটোৰো শুভ উদ্বোধন কৰে, আৰু ব্যৱহাৰৰ বাবে সাজু হৈ থকা সংস্কৃতি উদ্যোগটো দেশবাসীৰ বাবে উচৰ্গা কৰে। এই অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় সমবায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীদ্বয় ক্ৰমে শ্ৰী কৃষণ পাল গুৰ্জাৰ আৰু শ্ৰীযুত মুৰলীধৰ মোহল, কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত এছ পি সিং বাঘেল, কেন্দ্ৰীয় সমবায় বিভাগৰ সচিব ড০ আশীষ কুমাৰ ভূটানীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচন লিমিটেডে আয়োজন কৰা এই অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ এই দিনটোৱে বিশেষ তাতপৰ্য বহন কৰে কিয়নো আজিৰ দিনটোতেই ড. শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল পশ্চিমবঙ্গত। তেওঁ লগতে কয় যে স্বাধীনতাৰ পূৰ্বেও শ্যামা প্ৰসাদ জীয়ে দেশৰ বহু ধৰণৰ সমস্যা সমাধানৰ বাবে জনসাধাৰণক সংগঠিত কৰিছিল। তেওঁ কয় যে ড. শ্যামা প্ৰসাদ মুখাৰ্জী যদি নাথাকিলহেঁতেন তেন্তে কাশ্মীৰ কেতিয়াও ভাৰতৰ অবিচ্ছেদ্য অংগ নহ’লহেঁতেন। শ্ৰী শ্বাহে কয় যে ড° শ্যামা প্ৰসাদ জীয়েই দুজন প্ৰধানমন্ত্ৰী, দুখন সংবিধান আৰু দুখন পতাকা এখন দেশত গ্ৰহণযোগ্য নহ’ব বুলি শ্লোগান দি কাশ্মীৰৰ বাবে নিজকে বলিদান দিলে। তেওঁ কয় যে আজি পশ্চিমবঙ্গও ভাৰতৰ অংগ হৈ আছে কেৱল ড° শ্যামা প্ৰসাদ জীৰ বাবেই।

শ্ৰী অমিত শ্বাহে কয় যে আমাৰ দেশত বৈদিক যুগৰ পৰাই সমবায় ব্যৱস্থা আমাৰ সমাজৰ এক পৰম্পৰা হিচাপে প্ৰবাহিত হৈ আছে আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই পৰম্পৰাক আইনগত ৰূপ প্ৰদান কৰি আজিৰ পৰা ৪ বছৰ পূৰ্বে আজিৰ দিনটোতে দেশত প্ৰথমবাৰৰ বাবে এক সুকীয়া সমবায় মন্ত্ৰালয় গঠন কৰাৰ সিদ্ধান্ত লৈছিল। প্রধানমন্ত্রী মোদীয়ে প্রায় ৩১ কোটি লোকৰ জড়িত হৈ থকা ৮ লাখ ৪০ হাজাৰৰো অধিক সমবায়ত নতুন প্রাণৰ সঞ্চাৰ কৰিলে। তেওঁ কয় যে গাখীৰৰ পৰা বেংকিংলৈ, চেনি কলৰ পৰা বিপণনলৈ আৰু নগদ ঋণৰ পৰা ডিজিটেল ধন পৰিশোধ ব্যৱস্থালৈকে আজি সমবায় সমিতিসমূহে পূৰ্ণ সম্ভাৱনাৰে দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাইছে।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত সমবায় মন্ত্ৰালয় গঠনৰ ৪ বছৰত ৬০টাতকৈও অধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে এই সকলোবোৰ পদক্ষেপ পাঁচটা P ক্ৰমে People (জনতা), PACS (পিএচিএছ), Platform (মঞ্চ), Policy (নীতি) আৰু Prosperity (সমৃদ্ধি) ৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। প্ৰথমতে, জনতা, যি দেশৰ জনসাধাৰণ, যি এই সকলোবোৰ পদক্ষেপৰ হিতাধিকাৰী। দ্বিতীয়তে - PACS, যি আমি প্ৰাথমিক কৃষি ঋণ সমিতিসমূহক শক্তিশালী কৰি আছো। তৃতীয় - মঞ্চ, যি আমি প্ৰতিটো ধৰণৰ সমবায় কাৰ্য্যকলাপৰ বাবে ডিজিটেল আৰু ৰাষ্ট্ৰীয় মঞ্চ প্ৰদানৰ বাবে কাম কৰিছো। চতুৰ্থ - নীতি, যি সমবায় নীতি সমবায়ৰ সদস্যসকলক সৰ্বাধিক সুবিধা প্ৰদান কৰাৰ বাবে উতসৰ্গিত, আৰু আনকি নিমখ উৎপাদনতো লাভ এতিয়া নিমখ প্ৰস্তুতকাৰীসকলৰ হাতলৈ যাব। পঞ্চম - সমৃদ্ধি, যাৰ অধীনত আজি গুজৰাটত প্ৰতিদিনে কঠোৰ পৰিশ্ৰম কৰা আমাৰ ৩৬ লাখ ভগ্নী আৰু দেশৰ আন প্ৰান্তত কাম কৰি থকা ২০ লাখ ভগ্নী সমবায়ৰ সদস্য। যাৰ বাবে বাৰ্ষিক ৮০ হাজাৰ কোটি টকাৰ টাৰ্ণঅভাৰ আহৰণ হৈছে, যিটো অহা বছৰ এক লাখ কোটি পৰ্যন্ত অতিক্ৰম কৰিব আৰু ইয়াৰ লাভ পোনপটীয়াকৈ এই ৫৬ লাখ ভগ্নীৰ একাউণ্টলৈ যাব। তেওঁ কয় যে সমৃদ্ধি কোনো ব্যক্তিৰ নহয়, ই সমগ্ৰ সমাজৰ, সমৃদ্ধি দুই এজন ধনী মানুহৰ নহয়, ই দৰিদ্ৰ, শ্ৰমিক আৰু কৃষকৰ। আৰু এই বিশ্বাসেৰেই প্ৰধানমন্ত্ৰী মোদীয়ে এই ৬০টা পদক্ষেপ গ্ৰহণ কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে চৰ্দাৰ পেটেল সমবায় দুগ্ধ ফেডাৰেচনে সংগঠিত বজাৰ, ইনপুট সেৱা, গাখীৰৰ ন্যায্য ক্ৰয়, মূল্যৰ পাৰ্থক্য আৰু দুগ্ধ খণ্ডত এক পূৰ্ণ পৰ্যায়ৰ প্ৰক্ৰিয়াৰে অৰ্থনীতিৰ এক চক্ৰ সম্পূৰ্ণ কৰাৰ বাবে কাম কৰিব। তেওঁ কয় যে আমূল এই প্ৰক্ৰিয়াৰে দেশৰ কৃষকসকল উপকৃত হ’ব। শ্ৰী শ্বাহে কয় যে কাচ্চ জিলা নিমখ সমবায় সমিতিৰ ৰূপত এখন নতুন আদৰ্শ সমিতি আজিৰে পৰা আৰম্ভ কৰা হৈছে, যিখনে অনাগত দিনত নিমখ উৎপাদন কৰা প্ৰতিজন শ্ৰমিকৰ বাবে আমূলৰ দৰে এক শক্তিশালী সমবায় বিপ্লৱত পৰিণত হ’ব। শ্ৰী শ্বাহে লগতে কয় যে আজি আমুল এফএমচিজি ব্ৰেণ্ড কেৱল ভাৰতৰেই নহয় বিশ্বৰ ভিতৰতে এক অন্যতম শক্তিশালী ব্ৰেণ্ড। তেওঁ কয় যে আমি আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষত সমবায়ৰ এই সংস্কৃতিক সম্প্ৰসাৰণ কৰাৰ সংকল্প লৈছো। কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কালিয়েই ত্ৰিভুৱন দাস পেটেলৰ নামত ত্ৰিভুৱন সাহকাৰী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে আৰু আজি প্ৰায় ১০টা সুবৃহৎ প্ৰকল্পও আৰম্ভ হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ২ লাখ নতুন PACS, সমবায় বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় সমবায় তথ্যকোষ, শস্যৰ বিক্ৰী আৰু উৎপাদন সম্পৰ্কীয় তিনিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় আৰু দুগ্ধ খণ্ডৰ বাবে তিনিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় গঠন হ’ব আৰু এই সকলোবোৰ পদক্ষেপে আমাৰ দেশৰ সমবায় আন্দোলনক বহু পৰিমাণে শক্তিশালী কৰিব।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে আমি এই আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষত স্বচ্ছতা, প্ৰযুক্তিৰ গ্ৰহণযোগ্যতা আৰু সমবায় প্ৰতিষ্ঠানৰ সদস্যসকলক কেন্দ্ৰলৈ অনা তিনিটা দিশ শক্তিশালীভাৱে ৰূপায়ণ কৰিব লাগিব। তেওঁ কয় যে স্বচ্ছতা নাথাকিলে সমবায় বেছি দিন টিকি থাকিব নোৱাৰে আৰু স্বচ্ছতাৰ অভাৱে সমবায়ৰ মনোভাৱৰো ক্ষতি কৰে।

শ্ৰী শ্বাহে কয় যে য’তেই প্ৰযুক্তি গ্ৰহণ কৰা নহয়, তাতেই প্ৰতিযোগিতাত সমবায় টিকি থাকিব নোৱাৰে আৰু যি সমবায় প্ৰতিষ্ঠানত সদস্যৰ স্বাৰ্থই সৰ্বোচ্চ বুলি গণ্য কৰা নহয়, তেনে প্ৰতিষ্ঠানো জীয়াই থাকিব নোৱাৰে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষত সকলো সমবায় খণ্ডৰ নেতাই এই তিনিটা কথা নিজৰ কৰ্মক্ষেত্ৰত কাৰ্যকৰী কৰি নিজৰ কৰ্মসংস্কৃতি হিচাপে গঢ়ি তুলিব লাগে। কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে এই মনোভাৱ দেশৰ প্ৰতিখন জিলালৈ বিস্তাৰিত কৰিব লাগে বুলিও সকলোকে আহ্বান জনায়।

শ্ৰী অমিত শ্বাহে আজি ১০৫ কোটি টকা ব্যয়ৰে মগৰৰ ত্ৰিভুৱন্দাস ফুড কমপ্লেক্সত নিৰ্মিত আমূলৰ চকলেট প্লাণ্ট আৰু ২৬০ কোটি টকা ব্যয়েৰে খটৰাজত আৰম্ভ কৰা ড° ভাৰ্গেজ কুৰিয়েন চীজ প্লাণ্টৰ সম্প্ৰসাৰণৰ কামৰো শুভাৰম্ভ কৰে। এই সম্প্ৰসাৰণৰ লগে লগে চকলেট উদ্যোগটোৰ উৎপাদন ক্ষমতা প্ৰতিদিনে ৩০ টনৰ পৰা ৬০ টনলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও উদ্বোধনী অনুষ্ঠানত ইউ এইচ টি মিল্ক, হুৱেই ভিত্তিক পানীয়, মজাৰেলা চীজ, প্ৰচেছড চীজ পেকেজিং, আৰু ডাঃ ভাৰ্গেজ কুৰিয়েন চীজ প্লাণ্টত এটা স্মাৰ্ট গুদামো মুকলি কৰে।
ইয়াৰ সমান্তৰালকৈ আজি কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে ৪৫ কোটি টকা ব্যয়েৰে নিৰ্মিত এন ডি ডি বিৰ ‘ৰেডি টু ইউজ কালচাৰ’ (আৰ ইউ চি), ৩২ কোটি টকা ব্যয়ৰে নিৰ্মিত ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচনৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয় ভৱন উদ্বোধন কৰাৰ লগতে এন ডি ডি বিৰ মুখ্য কাৰ্যালয় আনন্দৰ নতুন কাৰ্যালয় ভৱনৰ আধাৰশিলাও স্থাপন কৰে।
*****
RK/VV/PR/PS
(Release ID: 2143067)