প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তেলেংগানাৰ সংগাৰেড্ডীৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
পিএমএনআৰএফ-ৰ পৰা সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
Posted On:
30 JUN 2025 2:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ সংগাৰেড্ডীৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেখেতে পিএমএনআৰএফ-ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ সাহায্য ঘোষণা কৰিছে।
এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে কয়ঃ
"তেলেংগানাৰ সংগাৰেড্ডীৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। ইয়াত আপোনজনক হেৰুৱাবলগীয়া হোৱা সকলৰ প্ৰতি সমবেদনা জনালোঁ। আহতসকলে যেন সোনকালেই আৰোগ্য লাভ কৰে।
পিএমএনআৰএফ-ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকাকৈ আগবঢ়োৱা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছেঃ প্ৰধানমন্ত্ৰী @narendramodi”
***
MJPS/SR/SB
(Release ID: 2140952)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam