তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

কাৰ্যকালৰ দ্বিতীয়টো বৰ্ষত প্ৰদান কৰা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৫১টা ভাষণৰ সু-সংগৃহিত সংকলন মুকলি কৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

‘উইংছ টু আৱাৰ হপছ (দ্বিতীয় খণ্ড)’ হ’ব ‘বিকশিত ভাৰত’ নিৰ্মাণৰ পথ প্ৰদৰ্শক আলোক শিখা: শ্ৰী ৰাজনাথ সিং

“ভাৰতত মহিলা নেতৃত্বাধীন উন্নয়নৰ শ্ৰেষ্ঠ নিদৰ্শন হৈছে ৰাষ্ট্ৰপতি মুৰ্মু”

তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই গ্ৰন্থখনে ৰাষ্ট্ৰপতিৰ জনকল্যাণমূলক ধাৰণাসমূহৰে ভৱিষ্যত প্ৰজন্মক পৰিচয় কৰাই দিব

Posted On: 23 JUN 2025 5:56PM by PIB Guwahati

 

প্ৰতিৰক্ষা দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২০২৫ চনৰ ২৩ জুনত ‘উইংছ টু আৱাৰ হপছ (দ্বিতীয় খণ্ড)’ মুকলি কৰে, এয়া হৈছে ই-সংস্কৰণৰ লগতে হিন্দী আৰু ইংৰাজী ভাষাত যুগুতাই উলিওৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৫১টা ভাষণৰ সু-সংগৃহিত সংকলন। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী শ্ৰী এল মুৰুগানো উপস্থিতি থাকে। গ্ৰন্থখনে ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যকালৰ দ্বিতীয়টো বছৰ (আগষ্ট ২০২৩ - জুলাই ২০২৪)ৰ দৃষ্টিভংগী, দৰ্শন আৰু প্ৰাথমিকতাসমূহৰ বিষয়ে অৱগত হোৱাৰ এক সুযোগ আগবঢ়াইছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/WhatsAppImage2025-06-23at18.52.09C4QV.jpeg

ভাষণ প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰাষ্ট্ৰৰ প্ৰতি সম্বোধনৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়সমূহক সম্বোধি দিয়া ভাষণ, উদ্ভাৱন, দেশৰ উন্নয়নত মহিলাৰ অৱদান, সমতা আৰু সাংস্কৃতিক ঐতিহ্যৰ সন্দৰ্ভত প্ৰদান কৰা ৰাষ্ট্ৰপতিৰ ভাষণৰ এই সংকলনটোক ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা দৃষ্টিভংগীৰ সাৰতত্ব বুলি বৰ্ণনা কৰে। ‘আমাৰ গৌৰৱময় ঐতিহ্য ৰক্ষা কৰি প্ৰগতিশীল চিন্তাৰে বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে এই গ্ৰন্থখন এক পথ প্ৰদৰ্শক আলোক শিখা হৈ উঠিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আমাৰ দেশত বৈচিত্ৰ্যৰ গুৰুত্ব জানে আৰু বঞ্চিতসকলৰ যন্ত্ৰণাক স্বীকাৰ কৰে। এই গ্ৰন্থখনে সমতাৰ ভাৱনাৰ মহত্ত্ব ঘোষণা কৰে,’ বুলিও তেওঁ উল্লেখ কৰে।

শ্ৰী ৰাজনাথ সিঙে লগতে কয় যে এই গ্ৰন্থখন হৈছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সভ্যতাৰ পৰা আৰম্ভ কৰি সংস্কৃতি, ধৰ্মৰ পৰা বিজ্ঞান, শিল্পৰ পৰা সাহিত্যলৈ, শিক্ষাৰ পৰা স্বাস্থ্য আৰু অতীতৰ পৰা ভৱিষ্যতলৈকে বিভিন্ন ক্ষেত্ৰত থকা জ্ঞান আৰু ধাৰণাসমূহৰ সমন্বয়। তেওঁ এই সৰ্বাংগীন উন্নয়ণক ভাৰতৰ চৰিত্ৰৰ প্ৰতিফলন বুলি অভিহিত কৰে, যিটো ভৱিষ্যত প্ৰজন্মৰ বাবে উপকাৰী সিদ্ধ হ’ব পাৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/WhatsAppImage2025-06-23at18.52.07QE0G.jpeg

প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ কেতবোৰ চিন্তাৰ বিশেষ উল্লেখ কৰি এইসমূহক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ ৰাষ্ট্ৰীয় প্ৰাথমিকতা বুলি অভিহিত কৰে। ইয়াৰ ভিতৰত আছে:

• ঐতিহ্যৰ লগতে উন্নয়ন হৈছে আমাৰ সংস্কৃতি আৰু সভ্যতাৰ পৰিচয়।

• নৈতিকতা হৈছে আমাৰ ব্যক্তিগত আৰু ৰাজহুৱা জীৱনৰ স্তম্ভ।

• সকলোৰে, বিশেষকৈ জনসেৱক আৰু বিষয়াসকল নিস্বাৰ্থ সেৱা আৰু লোক-কল্যাণকামী মনোভাৱৰ অধিকাৰী হ’ব লাগিব।

• ন্যায় ব্যৱস্থা আৰু প্ৰশাসন সাধাৰণ মানুহৰ প্ৰতি সংবেদনশীল হোৱাটো প্ৰয়োজন।

• উন্নয়নৰ সকলো স্তৰতে উদ্ভাৱনক উৎসাহিত কৰাটো প্ৰয়োজন।

• আধুনিক বিশ্ব-ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত বসুধৈৱ কুটুম্বকমৰ মনোভাৱেৰে ভাৰতে অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

শ্ৰী ৰাজনাথ সিঙে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ভাৰতৰ মহিলা নেতৃত্বাধীন উন্নয়নৰ শ্ৰেষ্ঠ নিদৰ্শন বুলি অভিহিত কৰি কয় যে সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষগৰাকীৰ নেতৃত্বত ভাৰতীয় সৈন্যই ঐতিহাসিক ‘অপাৰেশ্যন সিন্দূৰ’ সম্পন্ন কৰি, সকলো উদ্দেশ্য সাধন কৰি সন্ত্ৰাসবাদীৰ মনত ভয় জাগৃত কৰিছিল। তেওঁ সশস্ত্ৰ বাহিনীৰ জোৱানসকলক অহৰহ উৎসাহিত কৰাৰ লগতে সমাজৰ বঞ্চিত শ্ৰেণীৰ সবলীকৰণৰ বাবেও অদম্যভাৱে কাম কৰাৰ বাবে ৰাষ্ট্ৰপতিক প্ৰশংসা কৰে। তেওঁ লগতে কয়, ‘নিজৰ জীৱনৰ জৰিয়তে ৰাষ্ট্ৰপতি মুৰ্মুৱে সকলোৰে বাবে শিক্ষা আৰু সম অধিকাৰ আৰু সুযোগ লাভ কৰাৰ এক প্ৰেৰণাদায়ক আদৰ্শ দাঙি ধৰিছে। সাহস, কঠোৰ পৰিশ্ৰম, জনসেৱা আৰু আধ্যাত্মিকতাৰ আদৰ্শ তেওঁৰ জীৱনত দৃশ্যমান হৈছে আৰু এইবোৰ তেওঁৰ ভাষণতো পঢ়িব পাৰি।’

https://static.pib.gov.in/WriteReadData/userfiles/image/WhatsAppImage2025-06-23at18.51.44YUOC.jpeg

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱে ‘উইংছ টু আৱাৰ হপছ (দ্বিতীয় খণ্ড)’ক দেশৰ ‘প্ৰথম নাগৰিক’ৰ দৃষ্টিকোণৰ পৰা সমসাময়িক বিষয়সমূহ বুজি পোৱাৰ মাধ্যম বুলি অভিহিত কৰি এই গ্ৰন্থই ভৱিষ্যত প্ৰজন্মক ৰাষ্ট্ৰপতিৰ জনকল্যাণমূলক ধাৰণাসমূহৰ পৰিচয় দিব বুলি আশা প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীৰ জীৱনৰ কিছু প্ৰেৰণাদায়ক মুহূৰ্তৰ তালিকা দাঙি ধৰি শ্ৰী অশ্বিনী বৈষ্ণৱে ২০ জুনত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ জন্মদিন উপলক্ষে ডেৰাডুনৰ ‘নেশ্যনেল ইনষ্টিটিউট ফৰ দ্য এম্পাৱাৰমেণ্ট অব পাৰ্চনছ উইথ ভিজুৱেল ডিচেবিলিটিজ’ ভ্ৰমণৰ কথা স্মৰণ কৰে, য’ত তেওঁক দৃষ্টিহীন শিশুসকলৰ অভিনয়ে গভীৰভাৱে আপ্লুত কৰিছিল। তেওঁ লগতে কয়, ‘জনতাৰ প্ৰতি তেওঁৰ সৰলতা, সংবেদনশীলতা আৰু সেৱাৰ মনোভাৱ হৈছে সকলোৰে বাবে এক প্ৰেৰণা।

ৰাষ্ট্ৰপতি ভৱনে সংকলন কৰা আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰা বক্তৃতাৰ সংকলনটোৰ এই দ্বিতীয় খণ্ডটোৱে শাসন, অন্তৰ্ভুক্তি আৰু জাতীয় আকাংক্ষা সন্দৰ্ভত পূৰ্বৰ খণ্ডটোক অনুসৰণ কৰিছে।

অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ বিষয়াসকলৰ ভিতৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাত আৰু প্ৰকাশন বিভাগৰ প্ৰধান মহা সঞ্চালক শ্ৰী ভূপেন্দ্ৰ কৈন্থোলাও আছিল।

*****

VK/SR/Savvy/KB


(Release ID: 2139651)