কেবিনেট
কেবিনেটে জৰুৰীকালীন অৱস্থা ঘোষণাৰ ৫০ বছৰ পালন সন্দৰ্ভত প্ৰস্তাৱ গৃহীত কৰে
Posted On:
25 JUN 2025 4:10PM by PIB Guwahati
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে জৰুৰীকালীন অৱস্থা আৰু ইয়াৰ ভাৰতীয় সংবিধানৰ মনোভাৱক উফৰাই পেলোৱাৰ অপচেষ্টাক সাহসেৰে প্ৰতিহত কৰা অগণিত জনতাৰ ত্যাগক স্মৰণ আৰু সন্মান জনোৱাৰ সংকল্প গ্ৰহণ কৰে। নৱনিৰ্মাণ আন্দোলন আৰু সম্পূৰ্ণ ক্ৰান্তি অভিযানক মষিমূৰ কৰিবলৈ ১৯৭৪-ত এই অৱস্থা আৰম্ভ হৈছিল।
এই উপলক্ষে আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত দুই-মিনিট মৌনতা অৱলম্বনেৰে সাংবিধানিকভাৱে নিশ্চিত কৰা গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱা আৰু তাৰ পিছত কল্পনাতীত ভয়াৱহতাৰ বলি হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কেন্দ্ৰীয় কেবিনেটে জৰুৰীকালীন অৱস্থাৰ অতিমাত্ৰা প্ৰভাৱৰ প্ৰতি তেওঁলোকৰ দৃষ্টান্তমূলক অকুতোভয়তা আৰু সাহসী প্ৰতিৰোধ কাৰ্য্যক শ্ৰদ্ধা নিবেদন কৰে।
২০২৫-ত সংবিধান হত্যা দিৱসৰ ৫০ বছৰ সম্পূৰ্ণ হয় – যি হৈছে ভাৰতৰ ইতিহাসৰ এক অবিস্মৰণীয় অধ্যায়। এই অপচেষ্টাৰ জৰিয়তে সংবিধানক উফৰাই পেলাই ভাৰতৰ গণৰাজ্য আৰু গণতান্ত্ৰিক মনোভাৱক আক্ৰমণ কৰা হৈছিল, ফেডাৰেলিজমক ভেঙুচালি কৰা হৈছিল তথা মৌলিক অধিকাৰ, মানৱ স্বাধীনতা আৰু মৰ্য্যাদা কাঢ়ি নিয়া হৈছিল।
কেন্দ্ৰীয় কেবিনেটে পুনৰ দৃঢ়তাৰে কয় যে ভাৰতৰ জনসাধাৰণে ভাৰতীয় সংবিধান আৰু দেশখনৰ গণতান্ত্ৰিক নীতি-নিয়মৰ স্থিতিস্থাপকতাৰ প্ৰতি গভীৰ বিশ্বাসৰ মনোভাৱ প্ৰদৰ্শন কৰি আহিছে। একনায়কত্ববাদী প্ৰৱণতাক প্ৰতিহতকৰণেৰে আমাৰ সংবিধান আৰু ইয়াৰ গণতান্ত্ৰিক গঠনক ৰক্ষাৰ বাবে দৃঢ়তাৰে থিয় দিয়াসকলৰ পৰা প্ৰেৰণা গ্ৰহণ কৰাটো যুৱক-যুৱতীসকলৰ সমান্তৰালকৈ জ্যেষ্ঠসকলৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ।
গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতে সাংবিধানিক প্ৰমূল্যৰাজিক সংৰক্ষণ, প্ৰতিপালন আৰু সুৰক্ষা প্ৰদানৰ নিদৰ্শন দাঙি ধৰি আহিছে।
আমি এখন ৰাষ্ট্ৰ হিচাপে আমাৰ সংবিধান আৰু ইয়াৰ গণতান্ত্ৰিক তথা ফেডাৰেল মনোভাৱক অক্ষুণ্ণ ৰাখিবলৈ পুনৰ এবাৰ সংকল্প গ্ৰহণ কৰোঁ আহক।
******
MJPS/SR/SB
(Release ID: 2139603)
Read this release in:
English
,
Urdu
,
Marathi
,
Nepali
,
Hindi
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam