ভাৰতীয় নিৰ্বাচন আয়োগ
ৰাজনৈতিক দলসমূহৰ সৈতে ভাৰতীয় নিৰ্বাচন আয়োগৰ সৰ্ববৃহৎ সংযোগ অভিযান
সমগ্ৰ দেশজুৰি ২৮০০০ ৰো অধিক দলীয় প্ৰতিনিধিৰ সৈতে সংযোগ স্থাপনেৰে মুখ্য নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া আৰু কাৰ্যবাহী ৰিটাৰ্ণিং বিষয়া পৰ্যায়ত ৪৭১৯ খন বৈঠক অনুষ্ঠিত
प्रविष्टि तिथि:
01 APR 2025 4:05PM by PIB Guwahati
ভাৰতীয় নিৰ্বাচন আয়োগে সমগ্ৰ দেশজুৰি নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’), জিলা নিৰ্বাচনী বিষয়া (ডি ই অ’), আৰু মুখ্য নিৰ্বাচনী বিষয়া (চি ই অ’) পৰ্যায়ত দেশৰ ৰাজনৈতিক দলসমূহৰ সৈতে এক বিস্তৃত শৃংখলাবদ্ধ যোগাযোগ অভিযান সম্পন্ন কৰে। উল্লেখ্য যে ২০২৫ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা ২৫ দিনীয়া কাৰ্যসূচীত মুঠ ৪,৭১৯খন বৈঠক অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত আছিল চিইঅ’ পৰ্যায়ত ৪০খন বৈঠক, ডিইঅ’ পৰ্যায়ত ৮০০খন বৈঠক আৰু ইআৰঅ’ পৰ্যায়ত মুঠ ৩,৮৭৯খন বৈঠক। এই বৈঠকসমূহত সামগ্ৰিকভাৱে দেশৰ ২৮,০০০ৰো অধিক ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
এই বৈঠকসমূহ মুখ্য নিৰ্বাচন আয়ুক্ত (চিইচি) শ্ৰী জ্ঞানেশ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্ত ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হয়। ২০২৫ চনৰ ৪–৫ মাৰ্চত নতুন দিল্লীৰ আইআইডিইএমত অনুষ্ঠিত মুখ্য নিৰ্বাচনী বিষয়া সন্মিলনৰ সময়ত এই নিৰ্দেশনা প্ৰদান কৰা হৈছিল।
এই বৈঠকসমূহৰ লক্ষ্য হৈছে ১৯৫০ আৰু ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইন, ১৯৬০ চনৰ জনপ্ৰতিনিধিত্ব আইন, ১৯৬০ চনৰ ৰেজিষ্ট্ৰেশ্যন অৱ ইলেক্টৰ্ছ ৰূলছ, ১৯৬১ চনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ আচৰণবিধি, আৰু বিভিন্ন হাতপুথি, নিৰ্দেশনা, আৰু ইচিআইয়ে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে নিষ্পত্তিবিহীন হৈ থকা বিভিন্ন গোচৰ, সমস্যা আদি সমাধান কৰা। সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াক অধিক পৰ্যালোচনাৰ বাবে গ্ৰহণ কৰা প্ৰতিবেদন দাখিল কৰিবলৈ এই বৈঠকৰ মাধ্যমেৰে নিৰ্দেশ দিয়া হৈছে। বৰ্তমানৰ আইনী বিধানৰ ভিতৰত সমাধান নোহোৱা যিকোনো বিষয়ক বিবেচনাৰ বাবে আয়োগলৈ প্ৰেৰণ কৰা হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সমগ্ৰ বিধানসভা সমষ্টি, জিলা, আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত সক্ৰিয় আৰু উৎসাহী অংশগ্ৰহণেৰে এই বৈঠকসমূহক ৰাজনৈতিক দলসমূহে আন্তৰিকতাৰে গ্ৰহণ কৰিছে। দেশজোৰা অনুষ্ঠিত বৈঠকৰ ফটোবোৰ ভাৰতীয় নিৰ্বাচন আয়োগৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত চাব পাৰিব:
https://x.com/ECISVEEP?ref_src=twsrc%5Egoogle%7Ctwcamp%5Eserp%7Ctwgr%5Eauthor
******
(रिलीज़ आईडी: 2138520)
आगंतुक पटल : 10