আয়ুষ
ইতিহাস সৃষ্টি: যোগ সংগম অনুষ্ঠানৰ পঞ্জীয়ন সংখ্যাই অতিক্ৰম কৰিলে ৪ লাখৰ সীমা
এক লক্ষাধিক যোগ স্থানৰ পঞ্জীয়নেৰে শীৰ্ষস্থানত ৰাজস্থান
এক লক্ষাধিক অনুষ্ঠানেৰে অংশগ্ৰহণৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশৰ ঈৰ্ষণীয় অগ্ৰগতি
Posted On:
18 JUN 2025 12:46PM by PIB Guwahati
সুস্থতাৰ প্ৰতি সামূহিক দায়বদ্ধতাৰ এক উল্লেখযোগ্য প্ৰদৰ্শনেৰে ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (আইডিৱাই) ২০২৫ৰ ফ্লেগশ্বিপ অনুষ্ঠান যোগ সংগমৰ বাবে চলি থকা পঞ্জীয়নে ৪ লাখৰ সীমা অতিক্ৰম কৰি এক অভূতপূৰ্ব ইতিহাস ৰচনা কৰিছে। এই অনবদ্য মাইলৰ খুঁটিয়ে সামগ্ৰিক স্বাস্থ্য আৰু পৰম্পৰাগত সুস্থতা পদ্ধতিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীত ভাৰতক প্ৰতিষ্ঠা কৰিছে। উল্লেখযোগ্য যে দেশৰ কোনো এটা অনুষ্ঠানেই ইয়াৰ পূৰ্বে এনে এক অসাধাৰণ পৰিসৰত নিশ্চিত অংশগ্ৰহণ লাভ কৰিব পৰা নাছিল।
২১ জুনত সমগ্ৰ ভাৰতৰ লাখ লাখ স্থানত একেলগে এক ঐতিহাসিক, সমন্বিত যোগ প্ৰদৰ্শন অনুষ্ঠিত হ’ব, যিয়ে দেশখনৰ সামগ্ৰিক মংগলৰ দিশত কৰা যাত্ৰাৰ এক মাইলৰ খুঁটি চিহ্নিত কৰিব। এক অতি আকৰ্ষণীয় সমাৱেশ অনুষ্ঠিত হ’ব বিশাখাপট্টনমত, য’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, আৰু আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত প্ৰতাপ ৰাও যাদৱে ৫ লাখৰো অধিক যোগপ্ৰেমীৰ নেতৃত্বৰে এক উমৈহতীয়া যোগ প্ৰট’কল সম্পন্ন কৰিব।
২১ জুন ২০২৫ তাৰিখে পুৱা ৬:৩০ বজাৰ পৰা ৭:৪৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই যোগ সংগম এতিয়া পৰ্যন্ত অনুষ্ঠিত হোৱা অন্যতম বৃহৎ গণ যোগাসনৰ অনুষ্ঠান হিচাপে পৰিগণিত হ’বলৈ সাজু হৈছে য’ত লাখ লাখ প্ৰতিষ্ঠান, সংস্থা, আৰু সমুদায়ে একে সময়তে যোগাসনত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে।
ৰাজস্থানে এই ক্ষেত্ৰত ১,৩৮,০৩৩টা সংগঠন পঞ্জীয়নেৰে শীৰ্ষস্থানত আছে, তাৰ পিছতে আছে ক্ৰমে:
অন্ধ্ৰ প্ৰদেশঃ ১,৩৮,০৩৩
উত্তৰ প্ৰদেশঃ ১,০১,৭৬৭
মধ্যপ্ৰদেশঃ ২৬,১৫৯
গুজৰাটঃ ১৯,৯৫১
হিমাচল প্ৰদেশঃ ১২,০০০
অংশগ্ৰহণৰ এই বৃহৎ উত্থানে এই বছৰৰ বিষয়বস্তু “‘এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগাসন”ৰ প্ৰতি ব্যাপক উৎসাহকে প্ৰতিফলিত কৰিছে। এই বিষয়বস্তুৰ বাৰ্তা এনে এক বাৰ্তা, যোগক বিশ্বব্যাপী বহনক্ষমতা আৰু ব্যক্তি কল্যাণ সৈতে একাকাৰ কৰে।
আই আই টি আৰু আই আই এমৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়ৰ এন জি অ’ আৰু আগশাৰীৰ কৰ্পৰেট গোষ্ঠীলৈকে, বিভিন্ন খণ্ডৰ প্ৰতিষ্ঠানসমূহে যোগ সংগমত অংশগ্ৰহণৰ আহ্বানক সাদৰেৰে গ্ৰহণ কৰিছে। যোগ সংগম পৰ্টেলটোৱে এতিয়া (https://yoga.ayush.gov.in/yoga-sangam) দেশজোৰা সমন্বয়ৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।
যোগ সংগমত কিদৰে অংশগ্ৰহণ কৰিব:
ভিজিট কৰক: https://yoga.ayush.gov.in/yoga-sangam
আপোনাৰ গোট/সংগঠনৰ পঞ্জীয়ন কৰক
পুৱা ৬:৩০ – ৭:০০ বজাৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ আৰু পুৱা ৭:০০ – ৭:৪৫ বজাৰ পৰা যোগাসন,
আপোনাৰ অনুষ্ঠানৰ সবিশেষ আপলোড কৰক আৰু এখন আনুষ্ঠানিক প্ৰশংসা পত্ৰ লাভ কৰক।
৪ লাখৰো অধিক সংগঠনৰ মাজত এক প্ৰাণোচ্ছল পৰিৱেশ গঢ়ি তোলাৰ সমান্তৰালকৈ আয়ুষ মন্ত্ৰালয়ে সকলোকে এই পৰিৱৰ্তনশীল মুহূৰ্তৰ অংশ হ’বলৈ আমন্ত্ৰণ জনাইছে। আহক আমি যোগৰ জৰিয়তে একত্ৰিত হওঁ—স্বাস্থ্য, সমন্বয় আৰু উন্নত ভৱিষ্যতৰ বাবে।
****
MV/AKS
(Release ID: 2137580)
Read this release in:
English
,
Urdu
,
Marathi
,
Nepali
,
Hindi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam