গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাহায্য আয়ুক্ত তথা দুৰ্য্যোগ সঁহাৰি বাহিনীৰ বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰে
ভাৰত দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ল’বেল লিডাৰ হোৱাৰ দিশত আগবাঢ়িছে
ভাৰতৰ দুৰ্য্যোগ প্ৰতি সঁহাৰিৰ ইতিহাস লিখা মাত্ৰেকে মোদী চৰকাৰৰ এই ১০ বছৰ এক ৰূপান্তৰশীল দশক হিচাপে লিপিবদ্ধ হ’ব
এই ১০ বছৰত মোদী চৰকাৰে দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সামৰ্থ্য বিকাশ, গতি, কাৰ্য্যক্ষমতা আৰু সঠিকতাৰ দিশত উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে
‘ন্যূনতম হতাহত’ৰ লক্ষ্যৰে মোদী চৰকাৰ ইয়াৰ ১০ বছৰত ‘শূন্য হতাহত’ৰ লক্ষ্যত উপনীত হৈছে, যিয়ে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে
সকলো সাহায্য আয়ুক্তই ৯০ দিনৰ ভিতৰত সংশ্লিষ্ট ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে জিলা দুৰ্য্যোগ ব্যৱস্থাপনা পৰিকল্পনা যুগুত কৰিব লাগে
তাপপ্ৰৱাহেৰে মোকাবিলাৰ অৰ্থে এক কাৰ্য্য পৰিকল্পনা যুগুত কৰিব লাগে
পৰিবেশৰ সংৰক্ষণ অবিহনে দুৰ্য্যোগৰ পৰা সম্পূৰ্ণৰূপে হাত সৰাটো অসম্ভৱ; আমি পৰিবেশৰ যত্ন নোলোৱাকৈ দুৰ্য্যোগ প্ৰতিৰোধ কৰিব নোৱাৰিম
গুজৰাটৰ বিপৰ্য্যয় ঘূৰ্ণীবতাহত শূন্য-ক্ষতিৰ কৃতিত্বই কেন্দ্ৰ, ৰাজ্য, স্থানীয় ইউনিট, বিজ্ঞানী, নিৰাপত্তা কৰ্মী আৰু জনসাধাৰণে সামূহিকভাৱে বৃহৎ সফলতা অৰ্জন কৰিব পৰা কাৰ্য্যকে প্ৰতিফলিত কৰে
Posted On:
16 JUN 2025 3:56PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাহায্য আয়ুক্ত আৰু দুৰ্য্যোগ সঁহাৰি বাহিনীৰ বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰে। এই কাৰ্য্যসূচীত গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহনকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বিগত দুবছৰত সাহায্য আৰু দুৰ্য্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সকলো সংস্থাৰ কৰ্মশালাক এখনি মঞ্চৰ অধীনলৈ অনা হৈছে। ইয়াৰ জৰিয়তে ঐক্যবদ্ধভাৱে কাম কৰিব পৰাকৈ এটা থিংক টেংক গঢ়ি তুলিবলৈ ‘সমগ্ৰ চৰকাৰ’ পদ্ধতি গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে অভাৱ-অসুবিধা দূৰ কৰাৰ লগতে সমগ্ৰ দেশক দুৰ্য্যোগৰ বিৰুদ্ধে যুঁজিবলৈ সাজু কৰাত সহায়ক হৈছে বুলিও তেওঁ কয়। ইয়াৰ উপৰিও বহু-অংশীদাৰী পদ্ধতি আৰু আন্তঃসংস্থা সমন্বয় ফলপ্ৰসূ হৈ উঠিছে। এই পৰম্পৰাক অধিক সুদৃঢ় কৰা উচিত বুলি তেওঁ কয়।
শ্ৰী অমিত শ্বাহে কয় যে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ বাবে আজি সমগ্ৰ বিশ্বই দুৰ্য্যোগৰ সৈতে যুঁজি আছে। তেওঁ কয় যে বিগত ১০ বছৰত ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (NDMA), ৰাষ্ট্ৰীয় দুৰ্য্যোগ প্ৰতিৰোধ বাহিনী (NDRF) আৰু দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ (CDRI) অৱদানৰ বাবেই ভাৰত দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গ্ল’বেল লিডাৰ হোৱাৰ দিশত আগবাঢ়িছে। তেওঁ কয় যে এনডিএমএ-এ নীতি ব্যৱস্থা, গৱেষণা, ভিন্ন প্ৰশিক্ষণ সমলৰ প্ৰচাৰ, এপৰ বিকাশ আৰু সামগ্ৰিক সমন্বয়ৰ ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰিছে। তেওঁ লগতে কয় যে এনডিআৰএফ-এ দেশজুৰি স্বীকৃতি লাভ কৰিছে, বলিষ্ঠ সুনাম গঢ়ি তুলিছে আৰু সন্মান অৰ্জন কৰিছে। এই গাঁথনিত ৰাজ্যিক দুৰ্য্যোগ সঁহাৰি বাহিনীয়েও (SDRF) এটি উল্লেখযোগ্য ভূমিকা পালন কৰিছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে এনডিআৰএফ-এ নিজৰ মানদণ্ড অক্ষুণ্ণ ৰখাৰ সমান্তৰালকৈ এছডিআৰএফ-ৰ জোৱানসকলক প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে ভাৰতৰ দুৰ্য্যোগৰ প্ৰতি সঁহাৰিৰ ইতিহাস লিখা মাত্ৰেকে মোদী চৰকাৰৰ এই ১০ বছৰটো এক ৰূপান্তৰশীল দশক হিচাপে লিপিবদ্ধ হ’ব। তেওঁ কয় যে এই ১০ বছৰত মোদী চৰকাৰে দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সামৰ্থ্য বিকাশ, গতি, কাৰ্য্যক্ষমতা আৰু সঠিকতাৰ দিশত উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে। তেওঁ কয়, দুৰ্য্যোগৰে মোকাবিলা কৰিব পৰাকৈ আমাৰ সামৰ্থ্য বৃদ্ধি হোৱাই নহয়, বৰঞ্চ ইয়াক তহচিল পৰ্য্যায়লৈয়ো সম্প্ৰসাৰিত কৰা হৈছে। গতিৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে, কিয়নো দুৰ্য্যোগৰ সময়ত জীৱন ৰক্ষা কৰাটো সৰ্বাধিক গুৰুত্বপূৰ্ণ কথা। শ্ৰী শ্বাহে কয় যে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু দুৰ্য্যোগ সঁহাৰি বাহিনীৰ নিষ্ঠাবান পন্থাৰ জৰিয়তে দক্ষতা বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও সঠিক পূৰ্বাভাস আৰু আগতীয়া সতৰ্কবাণী প্ৰদানেৰে সমাজক সজাগ কৰা হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰৰ কাৰ্য্যকালত দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত দৃষ্টিভংগীৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। পূৰ্বে এই পন্থাটো সাহায্যকেন্দ্ৰিক আছিল যদিও আজি ‘শূন্য হতাহত’ৰ লক্ষ্যত সফলতাৰে উপনীত হোৱা গৈছে। সাহায্যকেন্দ্ৰিকৰ পৰা এক ব্যাপক আৰু সংহত পন্থালৈ মনোযোগ স্থানান্তৰিত হৈছে। তেওঁ ভৱিষ্যতৰ দুৰ্য্যোগৰ আগজাননী দিয়া, আগতীয়া গৱেষণা কৰা, এই ক্ষেত্ৰত বিশ্বজনীন ধাৰণা, ভাৰতৰ ভৌগোলিক পৰিস্থিতিৰে অভিযোজনাত গুৰুত্ব আৰোপ কৰে। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰে প্ৰচেষ্টাসমূহ ৰিএক্টিভৰ পৰা প্ৰ’এক্টিভলৈ ৰূপান্তৰিত কৰিছে আৰু জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, স্থানীয় ইউনিটসমূহে একত্ৰিতভাৱে দুৰ্য্যোগৰে মোকাবিলা কৰিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সমাজক জড়িতকৰণৰ প্ৰচেষ্টাও হাতত লোৱা হৈছে। অহা ১০ বছৰত দেশৰ প্ৰতিজন যুৱক সেৱাৰ মনোভাৱেৰে দুৰ্য্যোগৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ভাৰতে আগতীয়া সতৰ্কবাণী ব্যৱস্থাৰ বিকাশ সাধনৰ ক্ষেত্ৰত বহুখিনি সাফল্য লাভ কৰিছে। সক্ৰিয় প্ৰতিৰোধ আৰু প্ৰশমনৰ বাবে এক বৈজ্ঞানিক পদ্ধতি বিকশিত কৰা হৈছে আৰু দুৰ্য্যোগৰ আশংকা হ্ৰাসৰ ক্ষেত্ৰতো আমি উল্লেখযোগ্য সফলতা লাভ কৰিছোঁ। তেওঁ কয় যে ‘ন্যূনতম হতাহত’ৰ লক্ষ্যৰে মোদী চৰকাৰ ইয়াৰ ১০ বছৰত ‘শূন্য হতাহত’ৰ লক্ষ্যত উপনীত হৈছে, যিয়ে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে। তেওঁ কয় যে ১৯৯৯-ত ওড়িশাত ছুপাৰ চাইক্ল’নে ১০ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছিল, আনহাতে ২০১৯-ত ওড়িশাত ফানি ঘূৰ্ণীবতাহৰ সময়ত মাত্ৰ এজন লোকৰ মৃত্যু হৈছিল। পাছলৈ গুজৰাটৰ ঘূৰ্ণীবতাহ বিপৰ্য্যয়ত হতাহত আছিল শূন্য। তেওঁ কয় যে এই কৃতিত্বই কেন্দ্ৰ, ৰাজ্য, স্থানীয় ইউনিট, বিজ্ঞানী, নিৰাপত্তা কৰ্মী আৰু জনসাধাৰণে সামূহিকভাৱে বৃহৎ সফলতা অৰ্জন কৰিব পৰা কাৰ্য্যকে প্ৰতিফলিত কৰে। শ্ৰী শ্বাহে কয় যে যোৱা দশকত আমি আৰ্থিক সবলীকৰণৰ বাবে উল্লেখযোগ্য প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ আৰু চৰকাৰৰ বাজেট বহু পৰিমাণে বৃদ্ধি কৰিছোঁ। আমি প্ৰতিষ্ঠানিক সবলীকৰণৰ লগতে গাঁথনিগত সবলীকৰণৰ কামো হাতত লৈছোঁ।

শ্ৰী অমিত শ্বাহে কয় যে ২০০৪-ৰ পৰা ২০১৪-লৈ এছডিআৰএফ-ৰ বাজেট আছিল ৩৮ হাজাৰ কোটি টকা, যি ২০১৪-ৰ পৰা ২০২৪-লৈ ১.৪৪ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। একেদৰে ২০০৪-ৰ পৰা ২০১৪-লৈ এনডিআৰএফ-ৰ বাজেট আছিল ২৮ হাজাৰ কোটি টকা, এয়া আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৮৪ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰিলে। সামগ্ৰিকভাৱে আমি মুঠ বাজেট ৬৬ হাজাৰ কোটি টকাৰপৰা ২ লাখ কোটি টকালৈ প্ৰায় তিনিগুণ বৃদ্ধি কৰিছোঁ। শ্ৰী শ্বাহে কয় যে এই আৰ্থিক সবলীকৰণে আমাৰ সকলো প্ৰচেষ্টাক গাঁও পৰ্য্যায়লৈ নিয়াত সহায় কৰিছে। তেওঁ কয় যে ১৫ নং বিত্ত আয়োগত চতুৰ্দশ আয়োগৰ তুলনাত আমি বাজেট চাৰিগুণ বৃদ্ধি কৰিছোঁ। প্ৰথমবাৰৰ বাবে আমি ৬৮ হাজাৰ কোটি টকাৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ত ৰাষ্ট্ৰীয় দুৰ্য্যাগ বিপদাশংকা ব্যৱস্থাপনা পুঁজিও গঠন কৰিছোঁ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে এই সন্মিলনৰ পিছত প্ৰতিজন সাহায্য আয়ুক্তই ৯০ দিনৰ ভিতৰত নিজৰ ৰাজ্যৰ জিলাৰ বাবে জিলা দুৰ্য্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। তেওঁ কয় যে তাপ প্ৰৱাহৰ সৈতে মোকাবিলা কৰিবলৈয়ো এক বিস্তৃত কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। শ্ৰী শ্বাহে কয় যে ভাৰত চৰকাৰেও ভৱিষ্যতৰ বাবে কেইবাটাও পৰিকল্পনা যুগুত কৰিছে। তেওঁ কয় যে আমি আন্তঃৰাজ্যিক মক ড্ৰিলক বাৰ্ষিক কাৰ্য্যসূচী হিচাপে অনুষ্ঠিত কৰিব বিচাৰোঁ আৰু ৰাজ্যসমূহৰ সহযোগিতা অবিহনে এয়া অসম্ভৱ। আমি ষ্টাৰ্ট-আপ ইণ্ডিয়াক দুৰ্য্যোগ সাহায্য প্ৰযুক্তিৰ বিকাশৰ সৈতেও সংযোগ কৰিব বিচাৰোঁ। আমি এক লাখ স্বেচ্ছাসেৱকক প্ৰশিক্ষণ প্ৰদানৰ কাম হাতত লৈছোঁ, ইয়াৰে ২০ শতাংশ হৈছে মহিলা। ইয়াৰ সমান্তৰালকৈ আমি ৪৭০ কোটি টকা বিনিয়োগেৰে যুৱ আপদ মিত্ৰ (Young Disaster Friends) আঁচনি আৰম্ভ কৰিছোঁ।
শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰৰ বিগত ১০ বছৰত আমি দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেইবাটাও মাইলৰ খুঁটি স্থাপন কৰিছোঁ। ২০১৮-১৯ বৰ্ষত আমি সুভাষ চন্দ্ৰ বসু আপদ প্ৰবন্ধন পুৰস্কাৰ (দুৰ্য্যোগ ব্যৱস্থাপনা বঁটা)ও ঘোষণা কৰিছিলোঁ। ইয়াৰ বাবে প্ৰতিখন ৰাজ্যই মনোনয়ন প্ৰেৰণ কৰিব লাগে বুলিও তেওঁ কয়। শ্ৰী শ্বাহে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় ঘূৰ্ণীবতাহ বিপদাশংকা প্ৰশমনৰ বাবে আমি ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশত সফলতাৰে কাম কৰিছোঁ। এনডিআৰএফকো সুদৃঢ় কৰা হৈছে—২০০৬ ত ইয়াৰ শক্তি ৮ টা বেটেলিয়নৰ পৰা আজি ১৬ টা বেটেলিয়নলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও এনডিএমএ-এ লেহ-লাডাখত নিশাৰ মক ড্ৰিলো আৰম্ভ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে অনাগত দিনত আমি শূন্য হতাহতৰ পন্থাৰে আগবাঢ়ি যাম। তেওঁ কয় যে আমি দুৰ্য্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হ’লেও ইয়াৰ মূল কাৰণসমূহৰেও মোকাবিলা কৰাটো প্ৰয়োজনীয়। শ্ৰী শ্বাহে কয় যে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়েই দুৰ্য্যোগৰ প্ৰধান কাৰণ আৰু সেয়েহে আমি পৰিবেশ সংৰক্ষণক মূল দায়িত্ব হিচাপে বিবেচনাৰে আগবাঢ়িব লাগিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে বিগত ১১ বছৰত পৰিবেশ সংৰক্ষণৰ বাবে উল্লেখযোগ্য কাম কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ সন্মুখত এক ব্যাপক দৃষ্টিভংগী দাঙি ধৰিছে আৰু লগতে মিছন লাইফ, আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট আৰু গ্ল’বেল বাঅ’ফুৱেল এলায়েন্সৰ নেতৃত্ব প্ৰদান কৰিছে। তেওঁ কয় যে পৰিবেশৰ সংৰক্ষণ অবিহনে দুৰ্য্যোগৰ পৰা সম্পূৰ্ণৰূপে হাত সৰাটো অসম্ভৱ; আমি পৰিবেশৰ যত্ন নোলোৱাকৈ দুৰ্য্যোগ প্ৰতিৰোধ কৰিব নোৱাৰিম।
*****
RK/VV/PR/PS/SB
(Release ID: 2136772)