প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
Posted On:
13 JUN 2025 2:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শেহতীয়াকৈ আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণীৰ কৰুণ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ৰূপাণীৰ বৰ্ণাঢ্য কেৰিয়াৰত আলোকপাতেৰে ৰাজকোট পৌৰ নিগম, ৰাজ্যসভাৰ সাংসদ, গুজৰাট বিজেপিৰ সভাপতি আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ কাৰ্য্যকালকে প্ৰমুখ্য কৰি একাধিক দায়িত্ব পালনৰ সময়ত তেওঁ আগবঢ়োৱা বৰঙণিৰাজিৰ কথা স্মৰণ কৰে।
এক্স-ৰ এটা থ্ৰেড প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ
“বিজয়ভাই ৰূপাণী ডাঙৰীয়াৰ পৰিয়ালবৰ্গৰে মিলিত হওঁ।
বিজয়ভাই যে আমাৰ মাজত নাই, সেই কথা কল্পনাৰো অগোচৰ। মই তেওঁক দশক-দশক ধৰি জানোঁ। কেতবোৰ অতিশয় প্ৰত্যাহ্বানজনক সময়কে ধৰি আমি একেলগে হাতে হাত ধৰি কাম কৰিছিলোঁ। নম্ৰ স্বভাৱৰ আৰু কঠোৰ পৰিশ্ৰমী বিজয়ভাই দলৰ মতাদৰ্শৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ আছিল। পদবীত থাকি তেওঁ সংগঠনৰ একাধিক দায়িত্ব পালন কৰিছিল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিৰলসভাৱে কাৰ্য্যনিৰ্বাহ কৰিছিল।”
“ৰাজকোট পৌৰ নিগমতেই হওঁক, ৰাজ্যসভাৰ সাংসদ হিচাপেই হওঁক, গুজৰাট বিজেপিৰ সভাপতি হিচাপেই হওঁক বা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপেই হওঁক, পালন কৰা প্ৰতিটো দায়িত্বতে তেওঁ সুকীয়া পৰিচয় দাঙি ধৰিছিল।”
“বিজয়ভাই গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেওঁ আৰু মই একাধিক কাম কৰিছিলোঁ। তেওঁ ‘ইজ অৱ লিভিঙ’-ৰ বৰ্ধনকে প্ৰমুখ্য কৰি গুজৰাটৰ বিকাশ যাত্ৰাক সমৃদ্ধ কৰা একাধিক ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁৰ সৈতে মোৰ মত-বিনিময়ৰ মুহূৰ্তসমূহ আজীৱন মনত থাকিব। দুখৰ এই সময়ত তেওঁৰ পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱীসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔম শান্তি।”
***
MJPS/SR/SB
(Release ID: 2136223)
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam