প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিগত ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ অভূতপূৰ্ব বৃদ্ধি, আত্মনিৰ্ভৰশীলতা আৰু আধুনিকীকৰণক শক্তিশালী কৰি তোলাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
Posted On:
10 JUN 2025 9:47AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে বিগত ১১ বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য উন্নতি প্ৰত্যক্ষ কৰিছে, য’ত প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত স্পষ্টৰূপত গুৰুত্ব দিয়া হৈছে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতবাসীৰ সামূহিক সংকল্প আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক স্বাৱলম্বীতা আৰু প্ৰযুক্তিগত উৎকৰ্ষতাৰ দিশত ভাৰতক আগুৱাই নিয়াৰ অটল সংকল্পক লৈ গৌৰৱ প্ৰকাশ কৰে।
মাইগভইণ্ডিয়াৰ এক্স পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়,
"যোৱা ১১ বছৰত আমাৰ প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য পৰিৱৰ্তন হৈছে, প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতা, এই দুয়োটা দিশতে স্পষ্টৰূপত গুৰুত্ব দিয়া হৈছে। ভাৰতৰ জনসাধাৰণে ভাৰতক শক্তিশালী কৰাৰ সংকল্প লৈ কেনেকৈ একত্ৰিত হৈছে, সেয়া দেখি আনন্দিত হৈছো! #11YearsOfRakshaShakti"
***
MJPS/SR/DB
(Release ID: 2135333)
Read this release in:
Malayalam
,
English
,
Urdu
,
Nepali
,
Marathi
,
Hindi
,
Bengali-TR
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada