গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰৰ ঐতিহাসিক ১১ বছৰ সংকল্প, নিষ্ঠা, আৰু জনসেৱাৰ প্ৰতি সমৰ্পিত সোণালী যুগ

১১ বছৰীয়া সেৱাৰ সময়ছোৱাত দেশত অৰ্থনৈতিক পুনৰুজ্জীৱিতকৰণ, সামাজিক ন্যায়, সাংস্কৃতিক গৌৰৱ, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এক নতুন যুগৰ সূচনা হৈছে

মোদী চৰকাৰে প্রমাণ কৰিছে যে যেতিয়া নেতৃত্ব সবল হয়, অদম্য সংকল্পৰে পৰিচালিত হয় আৰু জনসেৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে, তেতিয়া সেৱা, নিৰাপত্তা, আৰু সুশাসনৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটি লাভ কৰিব পৰা যায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক, মহিলা,সমাজৰ পিছপৰা শ্ৰেণী, দলিত আৰু দুৰ্দশাগ্ৰস্তসকলক শাসনৰ কেন্দ্ৰলৈ আনিছে, তুষ্টিকৰণৰ ঠাইত “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস”ৰ নীতিত ভিত্তি কৰি কৰ্ম সংস্কৃতিৰ সৃষ্টি কৰিছে।

মোদী ৩.০ত নতুন ভাৰতে সংস্কাৰ, ৰূপায়ন আৰু ৰূপান্তৰৰ শক্তিৰ জৰিয়তে উন্নয়ন তথা আত্মনিৰ্ভৰশীলতাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে

Posted On: 09 JUN 2025 4:53PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে মোদী চৰকাৰৰ ঐতিহাসিক ১১ বছৰ সংকল্প, নিষ্ঠা, আৰু জনসেৱাৰ প্ৰতি সমৰ্পনৰ  এক সোণালী যুগ।

 

শ্ৰী অমিত শ্বাহে ‘এক্স’ৰ  ধাৰাবাহিক পোষ্টত কয় যে এই ১১ বছৰীয়া সেৱাৰ সময়ছোৱাত দেশত অৰ্থনৈতিক পুনৰুজ্জীৱিতকৰণ, সামাজিক ন্যায়, সাংস্কৃতিক গৌৰৱ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এক নতুন যুগৰ সূচনা হৈছে।  মোদী চৰকাৰে প্রমাণ কৰিছে যে যেতিয়া নেতৃত্ব সবল  হয়, অদম্য সংকল্প লয়, আৰু জনসেৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে, তেতিয়া সেৱা, নিৰাপত্তা আৰু সুশাসনৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটি লাভ কৰা সম্ভৱ হয়।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনত যেতিয়া মোদী জীয়ে দেশৰ দায়িত্ব গ্ৰহণ কৰিছিল  সেই সময়ছোৱা আছিল   নীতিগত পক্ষাঘাতৰ সময়।   কোনো ক্ষেত্ৰতে স্পষ্ট নীতি নাছিল, নেতৃত্বও নাছিল, চৰকাৰত দুৰ্নীতিয়ে শিখৰত উপনীত হৈছিল। অৰ্থনীতি ভংগুৰ  হৈ পৰিছিল আৰু শাসন ব্যৱস্থাও দিশহীন হৈছিল। কিন্তু এই ১১ বছৰীয়া জনসেৱাত ‘নূন্যতম চৰকাৰ, সৰ্বোচ্চ শাসন’ৰ দৃষ্টিভংগীয়ে দেশৰ উন্নয়নৰ গতি আৰু পৰিসৰ দুয়োটাকে ৰূপান্তৰিত কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক, মহিলা, সমাজৰ পিছপৰা শ্ৰেণী, দলিত, আৰু  দুৰ্দশাগ্ৰস্ত লোকসকলক শাসনৰ কেন্দ্ৰলৈ আনিছে, তুষ্টিকৰণৰ ঠাইত “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, আৰু সবকা প্ৰয়াস” (সকলোৰে সৈতে সকলোৰে বাবে উন্নয়ন, সকলোৰে আস্থা, আৰু সকলোৰে প্ৰচেষ্টা) নীতিৰ  আধাৰত  কৰ্ম সংস্কৃতি গঢ়ি তুলিছে।

 

শ্ৰী অমিত শ্বাহে কয় যে এই ১১ বছৰীয়া জনসেৱাৰ সময়ছোৱাত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰতো উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰা হৈছে। নক্সালবাদে  অন্তিম উশাহ লৈছে, জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবত শান্তি প্ৰতিষ্ঠা হৈছে  আৰু ভাৰতে এতিয়া নিজৰ ভূখণ্ডতে সন্ত্ৰাসবাদীক আক্ৰমণ কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাইছে। ইয়াৰ দ্বাৰা মোদী চৰকাৰৰ অধীনত ভাৰতৰ পৰিৱৰ্তিত ভাবমূৰ্তি উজ্জবল হৈ পৰিছে । মোদী ৩.০ চৰকাৰত নতুন ভাৰতে সংস্কাৰ, ৰূপায়ন  আৰু ৰূপান্তৰৰ শক্তিৰে  উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। নাগৰিকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনি ভাৰতক প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থান উপৱিষ্ট কৰি তোলাৰ এই যাত্ৰা একেদৰেই চলি থাকিব।

 

RK/VV/PR/PS/DM


(Release ID: 2135251)