উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
৪ লাখ কোটি টকাৰো অধিক বিনিয়োগৰ প্ৰস্তাৱ আৰু ৮ খন বুজাবুজিৰ চুক্তি: সফলতাৰে সামৰণি পৰিল ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ শীৰ্ষ সন্মিলনৰ
ৰাইজিং নৰ্থ ইষ্ট শীৰ্ষ সন্মিলনৰ সময়ত লাভ কৰা ৪.৩ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱে উত্তৰ-পূবক ভাৰতৰ পৰৱৰ্তী অৰ্থনৈতিক শক্তি কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে , ক'লে শ্ৰীজ্যোতিৰাদিত্য সিন্ধিয়াই
Posted On:
25 MAY 2025 11:44AM by PIB Guwahati
২৩-২৪ মে’লৈ অনুষ্ঠিত হোৱা ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিট ২০২৫ৰ উল্লেখযোগ্য বিনিয়োগৰ ঘোষণাৰে শনিবাৰে (২৪ মে’) সামৰণি পৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ মে’ত এই সন্মিলন উদ্বোধন কৰে। অনুষ্ঠানৰ সামৰণি ভাষণত কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ-পূব অঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই কয় যে উত্তৰ-পূবে বিশ্ব অংশীদাৰিত্ব আৰু পাৰস্পৰিক লাভ অৰ্জনৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিট ২০২৫ত অভূতপূৰ্ব ৪.৩ লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা হৈছে। ফলত উত্তৰ-পূব অঞ্চলক ভাৰতৰ পৰৱৰ্তী অৰ্থনৈতিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ মঞ্চ তৈয়াৰ হৈছে।
মন্ত্ৰী সিন্ধিয়াই লগতে কয়, “আমি ৮০খনতকৈও অধিক দেশৰ প্ৰতিনিধি দলক আদৰণি জনাইছো — জাপানৰ পৰা ইউৰোপ , এছিয়ান দেশসমূহলৈকে। ইয়াৰ সৈতে এক সাৰ্বজনীন আবেগ জড়িত হৈ আছিল। সেয়া হৈছে :ভাৰতৰ ভৱিষ্যত উত্তৰ-পূবত নিহিত হৈ আছে।”
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কেৱল উত্তৰ-পূব অঞ্চলৰ বিশাল সম্ভাৱনাক স্বীকৃতি দিয়াই নহয়, ইয়াক আঁকোৱালি লোৱাৰ বাবেও মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই প্ৰশংসা কৰে। তেওঁ কয়, "প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ অধীনত চৰকাৰৰ দায়বদ্ধতা আৰু এই অঞ্চলৰ সৈতে তেওঁৰ গভীৰ, আন্তৰিক সংযোগৰ কথাই প্ৰতিফলিত কৰিছে। ইয়াৰ অন্যথা কোনো কথাই সম্ভৱ নহ'লহেঁতেন।স্বাধীনতাৰ পিছৰ ছটা দশকলৈকে একেৰাহে চৰকাৰে এই অঞ্চলৰ বিশাল সম্ভাৱনাক স্বীকৃতি দিয়াত ব্যৰ্থ হৈছিল— যি অঞ্চলে এসময়ত ভাৰতৰ জিডিপিত প্ৰায় ২০% অৰিহণা যোগাইছিল।কিন্তু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই সম্ভাৱনাৰ কথা উপলব্ধি কৰাই নহয়, তেওঁ এই অঞ্চলৰ সম্ভাৱনাৰ দিশটোৰ প্ৰতি অধিক গুৰুত্ব দি ইয়াক আঁকোৱালি লৈছিল।"
প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ নেতৃত্বত আমি “চৰকাৰৰ সামগ্ৰিক ” পন্থা গ্ৰহণ কৰিছিলো বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰালয়ে মূল খণ্ডসমূহক গুৰুত্ব দি আঠটা উচ্চ পৰ্যায়ৰ টাস্ক ফ’ৰ্চ গঠন কৰিছে: কৃষি, ক্ৰীড়া, বিনিয়োগৰ প্ৰসাৰ, পৰ্যটন, অৰ্থনৈতিক কৰিডৰ, আন্তঃগাঁথনি, বস্ত্ৰশিল্প আৰু হস্তশিল্প আৰু পশুপালন। ফলত প্ৰতিখন ৰাজ্যই নিজাকৈ নিজাকৈ ৰোডমেপ তৈয়াৰ কৰিব পাৰিব।
উত্তৰ-পূবৰ ৰাজ্যসমূহত বিনিয়োগৰ সুযোগ বিচাৰি উলিয়াবলৈ উৎসাহিত কৰাৰ অৰ্থে বিনিয়োগকাৰী, বিদেশী কূটনীতিবিদ, ৰাষ্ট্ৰদূতকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে আলোচনাত মিলিত হৈ আহিছে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে। যোৱা এটা বছৰত মন্ত্ৰালয়ে এই দিশত দেশজোৰা আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত এক সুদূৰপ্ৰসাৰী প্ৰচেষ্টাৰ নেতৃত্ব দিছে। এই মূল পদক্ষেপসমূহৰ ভিতৰত আছে ভাৰতৰ প্ৰধান চহৰসমূহত নটা ঘৰুৱা ৰোডশ্ব’ অনুষ্ঠিত কৰা, ৯৫খনতকৈও অধিক দেশৰ ৰাষ্ট্ৰদূত তথা প্ৰতিনিধিৰে বৈঠক, ছখন ৰাজ্যিকভিত্তিক মেজমেল, ছটি খণ্ড-নির্দিষ্ট উদ্যোগৰ পাৰস্পৰিক মত-বিনিময় আৰু বিভিন্ন চৰকাৰী সংস্থা, উদ্যোগৰ চেম্বাৰ আৰু কৰ্পোৰেটৰ সৈতে আলোচনাৰ মাধ্যমেৰে পৰামৰ্শ গ্ৰহণ কৰা হৈছে।
শ্ৰীজ্যোতিৰাদিত্য সিন্ধিয়াই লগতে কয়, “এই আলোচনাই ইতিবাচক ফল দিছে আৰু ৪.৩০ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ তাৰেই প্ৰমাণ ।”
ৰাইজিং নৰ্থ ইষ্ট ছামিট ২০২৫ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয় আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এনে পৰিসৰৰ এখন বিনিয়োগ সন্মিলনৰ আয়োজন কৰা হৈছে। শুকুৰবাৰে অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী, আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী, বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালকে ধৰি উদ্যোগৰ নেতাসকলে সামূহিকভাৱে ১,৫৫,০০০ কোটি টকাতকৈ অধিক টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছিল।
শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মন্ত্ৰী মন্ত্ৰী শ্ৰীযুত সুকান্ত মজুমদাৰ, শ্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী , ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী শ্ৰীমতী সান্তনা চাকমাই এই অনুষ্ঠানৰ শোভা বঢ়াইছিল । উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ, শ্ৰী অংশুমান দে, যুটীয়া সচিব উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয় , শ্ৰী ধৰ্মবীৰ ঝা, উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ পৰিসংখ্যা উপদেষ্টাকে ধৰি অন্যান্য বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে।
শুকুৰবাৰে মুকেশ আম্বানীয়ে কৃষি, দূৰসংযোগ, ডিজিটেল সেৱা, আৰু স্থানীয় উদ্যোগৰ উন্নয়নৰ অৰ্থে অহা পাঁচ বছৰত ৭৫ হাজাৰ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে, আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়েও অহা দশকত অতিৰিক্ত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰে। লগতে বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই উত্তৰ-পূবত ৩০ হাজাৰ কোটিতকৈ অধিক ধন বিনিয়োগৰ কথা ঘোষণা কৰে ।
বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটাই কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত যোৱা এটা দশকত উত্তৰ-পূৰ্বাঞ্চলত যি উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে , সেয়া প্ৰত্যক্ষ কৰি মোৰ মন অপৰিসীম গৌৰৱ আৰু আনন্দৰে ভৰি পৰিছে।”
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যলৈ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ বাবে বাধ্যতামূলক পষেকীয়া ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়ালৈকে এনেধৰণৰ ৭০০ৰো অধিক ভ্ৰমণ হৈছে, যিয়ে আমাৰ শাসন ব্যৱস্থাৰ আৰ্হিক প্ৰতিফলিত কৰিছে , যি আৰ্হি অধিক সক্ৰিয়, ফলাফলমুখী আৰু সঁচাকৈয়ে জনকেন্দ্ৰিক।
শ্ৰী সুকান্ত মজুমদাৰে উত্তৰ-পূৰ্বাঞ্চল শীৰ্ষ সন্মিলনক সকলোৱে সফল কৰি তোলাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, “যোৱা দুদিনত ভাৰত মণ্ডপমে উত্তৰ-পূব অঞ্চলৰ কণ্ঠ, দৃষ্টি আৰু বিশাল সম্ভাৱনাক দাঙি ধৰি ইয়াক ৰাষ্ট্ৰীয় মঞ্চলৈ ৰূপান্তৰিত হৈছে।”
তেওঁ লগতে কয়, “গুৱাহাটীৰ পৰা মুম্বাই, হায়দৰাবাদৰ পৰা কলকাতালৈকে, ৯টা বিনিয়োগকাৰীৰ ৰোড শ্ব’, দুখন এম্বেছাদৰ মিট আৰু ১৩১ জনতকৈ অধিক বিনিয়োগকাৰী তথা ২৪ জন উদ্যোগৰ সদস্যৰ সৈতে যোগাযোগে উত্তৰ-পূবৰ উন্নয়নৰ আখ্যানক পুনৰ নতুন ৰূপত সংজ্ঞায়িত কৰিছে।” শেহতীয়া বছৰবোৰত উত্তৰ-পূব অঞ্চলে লাভ কৰা অগ্ৰগতিৰ বিষয়ে অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘এই অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ ২০১৪ চনত ১০,৯০৫ কিলোমিটাৰৰ পৰা ২০২৪ চনৰ ভিতৰত ১৬,২০৭ কিলোমিটাৰলৈ বৃদ্ধি পাইছে।মুঠ ৬৯৪.৫ মেগাৱাট শক্তি উৎপাদন ক্ষমতা আৰু ১০,০০০ চাৰ্কিট কিলোমিটাৰতকৈ অধিক সংবহন তথা বিতৰণ লাইন সংযোজন কৰা হৈছে। ছয়ত্ৰিশটা বৃহৎ বিমান প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত বিমানবন্দৰ সংখ্যা ৯ৰ পৰা ১৭ হৈ দুগুণলৈ বৃদ্ধি পাইছে।”
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কেৱল প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবেই নহয়, প্ৰাকৃতিক সম্পদ, পৰ্যটন, ক্ৰীড়া, সংগীতৰ ক্ষেত্ৰতো অপৰিসীম সম্ভাৱনা আছে। কুমাৰে কয়, ‘এই সকলোবোৰ কাৰকলৈ চাই ক’ব পাৰি যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ এক সুন্দৰ ভৱিষ্যত আছে৷ তেওঁ লগতে কয় যে যোৱা মাহত আয়োজন কৰা এম্বেছাদৰ বৈঠকত প্ৰায় ৭৬খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। লগতে মন্ত্ৰালয়ে ৪ লাখ কোটিৰো অধিক টকা মূল্যৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে।
শ্ৰী ধৰ্মবীৰ ঝাই উত্তৰ-পূবত বিনিয়োগৰ আগ্ৰহ দেখুওৱাৰ বাবে বিনিয়োগকাৰীসকলক ধন্যবাদ জনাই কয়, “আজি আমি ৰাইজিং নৰ্থ ইষ্ট ছামিটত আমাৰ কঠোৰ পৰিশ্ৰমেৰে অনুষ্ঠানটিৰ শিখৰত উপনীত হৈছো।” উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ পৰিসংখ্যা উপদেষ্টাই এই পৰ্যন্ত ৪.৩০ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশাল বিনিয়োগ সন্মিলনত মন্ত্ৰীৰ অধিৱেশন, ব্যৱসায়ৰ পৰা চৰকাৰলৈ অধিৱেশন, ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ অধিৱেশন, ষ্টাৰ্টআপ আৰু বিনিয়োগৰ প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় মন্ত্ৰালয়ে গ্ৰহণ কৰা নীতি আৰু আনুষংগিক পদক্ষেপসমূহৰ প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰা হয়। উত্তৰ-পূব অঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ সক্ৰিয় সহযোগত কেন্দ্ৰীয় চৰকাৰে সন্মিলনৰ পূৰ্বে আয়োজন কৰা এম্বেছাদৰ মিট আৰু দ্বিপাক্ষিক চেম্বাৰ মিটকে ধৰি ধাৰাবাহিকভাৱে আয়োজিত ৰোডশ্ব’ আৰু ৰাজ্যসমূহৰ মাজত অনুষ্ঠিত মেজমেলে এই সন্মিলনক গৰিমণ্ডিত কৰি তোলে।
শুকুৰবাৰে অনুষ্ঠিত হোৱা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বিগত দশকত উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে। তেওঁ ৮০০ৰো অধিক নতুন বিদ্যালয়, অঞ্চলটোৰ প্ৰথম এইমছ, ৯খন নতুন চিকিৎসা মহাবিদ্যালয় আৰু দুখন নতুন আই আই আই টি স্থাপনকে ধৰি মূল উন্নয়নমূলক দিশসমূহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে উত্তৰ-পূবে এতিয়া বিভিন্ন খণ্ডত শীৰ্ষ পৰ্যায়ৰ পাৰদৰ্শিতা অৰ্জন কৰিছে। লগতে উদ্যোগ আৰু বিনিয়োগকাৰীক অঞ্চলটোৰ অপৰিসীম সম্ভাৱনাৰ জড়িয়তে লাভাৱান্বিত হ'বলৈ উৎসাহিত কৰিছে।
উত্তৰ-পূব অঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই অনুষ্ঠানৰ সামৰণি ভাষণত কয়-'আমি বি টু জি আৰু বি টু বি আলোচনা অব্যাহত ৰাখিম, য'ত উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে বিনিয়োগকাৰী আৰু ৰাজ্য চৰকাৰৰ মাজত এখন সেঁতু হিচাপে কাম কৰিব — যাতে প্ৰতিটো অনুমোদিত প্ৰকল্পই দ্ৰুতগতিত বাস্তৱলৈ ৰূপান্তৰিত হয়। আজি ইয়াত থিয় হৈ মই আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ়তাৰে ব্যক্ত কৰিছো: ইয়াত আলোচনা হোৱা প্ৰতিটো বুজাবুজি চুক্তি, প্ৰতিটো প্ৰস্তাৱ অদম্যভাৱে অনুসৰণ কৰা হ'ব । উত্তৰ-পূৱ অঞ্চলে, যাক আমি এনইআৰ বুলি জানো, এতিয়া নতুন আৰ্থিক বিপ্লৱৰ যাত্ৰা আৰম্ভ কৰিছে, এয়া এক নতুন আৰ্থিক পুনৰুজ্জীৱন — দক্ষিণ পূব এছিয়াৰ বাবে ইয়াক ভাৰতৰ আন্তৰ্জাতিক প্ৰৱেশ দ্বাৰ হিচাপে পৰিগণিত কৰিব।”
Samrat/ Allen / DM
(Release ID: 2132308)